বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-ৰ চেম্পিয়নে লাভ কৰিব ৩১ কোটি টকা
🔹 তৃতীয় স্থানপ্রাপ্ত টীম ইণ্ডিয়াৰ পকেটত ১২.৩১ কোটি
নিউজ ডেস্ক, ১৬ মে’ : ১১ জুনত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ-ৰ ঐতিহাসিক ফাইনেল৷ ল’ৰ্ডছত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়াই৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চেম্পিয়ন আৰু ৰানার্ছআপ দলে লাভ কৰিবলগীয়া পুৰস্কাৰৰ ধনৰ পৰিমাণ কালি ঘোষণা কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে৷ এইবাৰ বিগত দুবাৰৰ তুলনাত দুগুণ বৃদ্ধি পাইছে পুৰস্কাৰৰ ধন৷ জানিব পৰা মতে, প্রতিযোগিতাখনৰ চেম্পিয়ন দলটোৱে লাভ কৰিব প্রায় ৩১ কোটি টকা৷ যিটো ২০২১ আৰু ২০২৩ চনৰ তুলনাত প্রায় দুগুণ৷ ৰানার্ছআপ দলটোৱে ভাৰতীয় মুদ্রাত আনুমানিক ১৮.৫ কোটি টকা লাভ কৰিব৷ দুবাৰৰ ৰানার্ছআপ আৰু তৃতীয় স্থান দখল কৰা ভাৰতে লাভ কৰিব প্রায় ১২.৩১ কোটি টকা৷ আইচিচিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে কয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিভিন্ন দলে উৎকৃষ্ট প্রদর্শন কৰা দেখা গৈছে৷ মই নিশ্চিত যে ক্রিকেট অনুৰাগীয়ে ল’ৰ্ডছত দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখন উপভোগ কৰিব৷ আইচিচিৰ হৈ দুয়োটা দলকে অভিনন্দন জনাইছোঁ৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাই ২০২৩–২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চক্রত শীর্ষস্থান লাভ কৰি ফাইনেলত প্রৱেশ কৰিছে৷ দক্ষিণ আফ্রিকাই পাকিস্তান, বাংলাদেশ, ৱেষ্ট ইণ্ডিজ আৰু শ্রীলংকাক পৰাস্ত কৰাৰ বিপৰীতে টীম ইণ্ডিয়াৰ বিৰুদ্ধে ড্র খেলে৷ ইফালে, দ্বিতীয় স্থানত থাকি অষ্ট্রেলিয়াই খিতাপ যুঁজলৈ উন্নীত হয়৷ অষ্ট্রেলিয়াই ভাৰতক ৩–১ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্রৱেশ কৰে৷ অষ্ট্রেলিয়াই পাকিস্তান, নিডজিলেণ্ড আৰু শ্রীলংকাকো পৰাস্ত কৰিছিল৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এয়া তৃতীয় সংস্কৰণ৷ নিউজিলেণ্ডে প্রথমবাৰ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয়বাৰ খিতাপ জয় কৰে অষ্ট্রেলিয়াই৷ মন কৰিবলগীয়া যে ভাৰতে প্রথম দুয়োবাৰে ৰানার্ছআপতে ক্ষান্ত থাকে৷ এইবাৰ পুনৰ ফাইনেলত অষ্ট্রেলিয়া৷ যদিহে অষ্ট্রেলিয়াই জয়লাভ কৰে তেন্তে সেয়া হ’ব তেওঁলোকৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ৷ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ নৱম তথা অন্তিম স্থানত থকা পাকিস্তানে লাভ কৰিব ৪.১১ কোটি টকা৷