চীনৰ চাপ
অর্থনৈতিক আৰু সামৰিকভাৱে বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ হৈ উঠা চীনৰ শেহতীয়া লক্ষ্যই হৈছে দক্ষিণ–পূব এছিয়াত নিজৰ শক্তি বৃদ্ধি কৰা আৰু একছত্রী ক্ষমতা সাব্যস্ত কৰা ৷ যোৱা তিনিটা দশকত অর্থনৈতিকভাৱে এছিয়াৰ সবাতোকৈ সমৃদ্ধিশালী দেশ হিচাপে নিজকে গঢ়া চীনে সামৰিক দিশৰ ফালৰ পৰাও অত্যন্ত শক্তিশালী হৈ উঠিছে আৰু আমেৰিকাৰ পিছতে বিশ্বৰ অন্যতম সামৰিক শক্তিধৰ দেশৰ অনানুষ্ঠানিক স্বীকৃতি লাভ কৰিছে৷ এছিয়া জ’নত এই মুহূর্তত অবিসম্বাদী শক্তিধৰ দেশ হিচাপে থিয় হোৱা চীনৰ একমাত্র হেঙাৰ হৈছে ভাৰতৰ নব্য উত্থান৷ সামৰিক আৰু অর্থনৈতিকভাৱে চীনক একমাত্র টক্কৰ দিয়া দেশখনেই হৈছে ভাৰত৷ আৰু ভাৰতৰ এই শক্তিশালী স্থিতিৰ বাবে দক্ষিণ–পূব এছিয়াত আশা কৰা ধৰণে প্রভাৱ বিস্তাৰ কৰিব পৰা নাই চীনে৷ পাকিস্তানৰ সৈতে সু–সম্পর্ক বজাই ৰাখি ভাৰতক চাপত ৰখা চীনে শেহতীয়াকৈ বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলি ভাৰতক শ’লঠেকত পেলোৱাৰ ব্লুপ্রিণ্ট প্রায় সম্পূর্ণ কৰিছে৷ সামৰিক দিশত পৰাক্রমী হ’লেও চীনে কিন্তু যোৱা প্রায় ছটা দশকত প্রত্যক্ষ যুদ্ধত কোনো দেশৰ বিৰুদ্ধে অৱতীর্ণ হোৱা নাই৷ সহজ অর্থত চীনৰ মূল লক্ষ্য যুদ্ধ নহয়, বাণিজ্য বৃদ্ধিৰে দেশক সমৃদ্ধিশালী কৰা৷ এখন যুদ্ধত অৱতীর্ণ হোৱাৰ বাবে চীনে পাকিস্তান অথবা অদূৰ ভৱিষ্যতে বাংলাদেশক সামৰিক ৰছদ–পাতিৰে সহায় কৰিলেও ভাৰতৰ বিৰুদ্ধে প্রত্যক্ষ যুদ্ধত অৱতীর্ণ হোৱাৰ সম্ভাৱনা প্রায় নাই৷ কিন্তু প্রত্যক্ষ যুদ্ধত অৱতীর্ণ নহ’লেও চীনে ভাৰতৰ বিৰুদ্ধে এখন ছায়াযুদ্ধ অবিৰতভাৱে চলায়েই আহিছে৷ ইয়াৰে অংশ হিচাপে চীন–ভাৰত সীমান্তত উত্তেজনা বৃদ্ধি আৰু সময়ে সময়ে লাডাখ–ছিকিম–অৰুণাচল সীমান্তৰ ভূখণ্ড নিজৰ বুলি দাবী কৰা৷ চীনৰ এনে দাবী আৰু সীমা ঠেলা চাতুৰালিৰ বাবেই ২০২০ চনৰ জুনত গালৱান উপত্যকাত অন্তিমবাৰৰ বাবে প্রত্যক্ষ সংঘর্ষৰ সৃষ্টি হৈছিল৷ সেই সংঘর্ষত দুয়োপক্ষৰ বহু জোৱান হতাহত হৈছিল৷
অতি শেহতীয়াকৈ চীনে পুনৰ অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধিৰ চেষ্টা কৰিছে৷ সীমান্তৰ নিকট অঞ্চলত সামৰিক ঘাটি নির্মাণ কৰাৰ লগতে পথ–যোগাযোগ ব্যৱস্থা উন্নত কৰি সামৰিক যান–বাহনৰ চলাচল বৃদ্ধি কৰিছে৷ এনে নির্মাণ আৰু উন্নত যোগাযোগ ব্যৱস্থাৰে ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ কৌশল লৈছে ৰঙা চীনে৷ আগ্রাসী চুবুৰীয়া ৰাষ্ট্রখনৰ আন্তঃগাঁথনি নির্মাণৰ সৈতে ফেৰ মাৰি যোৱা দহটা বছৰত ভাৰতেও অৰুণাচলৰ সীমান্তৱর্তী অঞ্চলত যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰি তুলিছে৷ ইতিমধ্যে এই আন্তঃগাঁথনি নির্মাণৰ বাবে ভাৰতে বৃহৎ পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰিছে৷ যিকোনো প্রকাৰে ভাৰতক চাপত ৰাখিব বিচৰা সুযোগ সন্ধানী ৰঙা চীনে পেহেলগাম নৰহত্যাক লৈ ভাৰত–পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘর্ষৰ অচিলা লৈ আন এক চাপ সৃষ্টিৰ প্রয়াস কৰিছে৷ ভাৰত–পাকিস্তানৰ সংঘাত শীঘ্রে অৱসান ঘটাব লাগে বুলি দাবী কৰা চীনে কিন্তু অৰুণাচলৰ বিভিন্ন স্থানৰ নতুনকৈ নামকৰণ কৰি ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে অৰুণাচলৰ ২৭টা স্থানৰ নতুনকৈ নামকৰণ কৰিছে৷ ১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে অৰুণাচলৰ এই ২৭টা স্থানক নতুনকৈ নামকৰণ কৰি প্রত্যক্ষভাৱে সেই স্থানকেইটা চীনৰ ভূখণ্ড বুলি বুজাই দিছে৷ উল্লেখনীয় যে যোৱা বছৰো অৰুণাচল প্রদেশৰ ৩০টা স্থানক চীনে নতুনকৈ নামকৰণ কৰিছিল৷ ভাৰতৰ পক্ষৰ পৰা চীনৰ এই নামকৰণৰ বিৰুদ্ধে সজোৰে প্রতিবাদ সাব্যস্ত কৰা হৈছিল যদিও বেইজিঙে যে দিল্লীৰ প্রতিবাদক বিশেষ গুৰুত্ব দিব বিচৰা নাই, সেয়া নতুনকৈ ২৭টা স্থানক নামকৰণ কৰাৰ পৰাই ওলাই পৰিছে৷ আশ্চর্যজনকভাৱে ভাৰতে কৰা প্রতিবাদ আৰু নিন্দাৰ বিৰুদ্ধে বেইজিঙে প্রকাশ্যে কোনো প্রতিক্রিয়া প্রকাশ নকৰি নীৰৱতা অৱলম্বন কৰিছে৷ এই নীৰৱতাৰেই চীনে অৰুণাচলকেন্দ্রিক সংঘাতক দীর্ঘদিনলৈ অব্যাহত ৰখাৰে ইংগিত দিছে৷