নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবন্দী বিনিময়ৰ সিদ্ধান্ত ৰাছিয়া-ইউক্রেইন-ৰ

🔹 যুদ্ধৰ অৱসানৰ বাবে প্রত্যক্ষ আলোচনাত বহিল মস্কো–কিয়েভৰ প্রতিনিধি

নিউজ ডেস্ক, ১৭ মে’ : যুদ্ধবিৰতিৰ ক্ষীণ আশা দেখিবলৈ পোৱা গৈছে যদিও ৰাছিয়া-ইউক্রেইন-ৰ মাজৰ যুদ্ধৰ অৱসানৰ কোনোধৰণৰ ইংগিত পোৱা নগ’ল প্রথম প্রত্যক্ষ আলোচনাত৷ কালি তুৰস্কৰ ইষ্টানবুলত ৰাছিয়া আৰু ইউক্রেইনৰ প্রতিনিধি প্রত্যক্ষ আলোচনাত মিলিত হয়৷ তিনি বছৰতকৈ অধিক কাল ধৰি যুদ্ধৰত দুয়োখন প্রতিৱেশী দেশৰ মাজত শান্তি প্রক্রিয়াৰ উদ্যোগ গ্রহণ কৰিছে তুৰস্ক চৰকাৰে৷ এই আলোচনাত সম্ভাব্য যুদ্ধবিৰতিৰ বিষয়টোক লৈ উভয়পক্ষৰ প্রতিনিধিয়ে বার্তালাপ কৰে যদিও এই সন্দর্ভত কোনো সিদ্ধান্ত গ্রহণ কৰা নহ’ল৷ লক্ষণীয় যে উভয় দেশে এহেজাৰকৈ যুদ্ধবন্দীক মুক্তি দিয়াৰ বাবে সন্মতি প্রকাশ কৰিছে৷ অৱশ্যে এই বন্দী বিনিময় প্রক্রিয়াৰ বাবে নির্দিষ্ট সময়সীমা ঠিক কৰা হৈছে যদিও সেয়া সদৰী কৰা নাই কোনো এখন দেশে৷ ইউক্রেইনৰ তৰফৰ পৰা দেশখনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিৰে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ প্রত্যক্ষ আলোচনা দাবী কৰা হয় যদিও ৰুছ প্রতিনিধিসকলে ভৱিষ্যতে তেনে আলোচনাৰ সম্ভাৱনা থকা বুলি মন্তব্য কৰিছে৷ কালিৰ এই আলোচনাত তুৰস্কৰ তৰফৰ পৰা দেশখনৰ বিদেশ মন্ত্রী হাকান ফাইদান তথা অন্য বিষয়ববীয়াসকল উপস্থিত থাকে৷ তুৰস্কৰ তৰফৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ সম্ভাৱনা থকা বুলি দাবী কৰিছে৷ স্মর্তব্য যে কালিৰ এই আলোচনাত ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রী আলেকজেণ্ডাৰ ফ’মিন, পুটিনৰ ঘনিষ্ঠ ভ্লাডিমিৰ মিডিনস্কি, উপ–বিদেশ মন্ত্রী মিখাইল গালুজিন আৰু সামৰিক বিষয়ববীয়া ইগোৰ ক’ষ্টুকভে অংশগ্রহণ কৰে৷ ইফালে, ইউক্রেইনৰ তৰফৰ পৰা প্রতিৰক্ষা মন্ত্রী ৰুষ্টেম উমেৰভসহ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়াই অংশগ্রহণ কৰে৷

You might also like