নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান-সন্ত্ৰাসবাদ-ক এসেকা দিয়াৰ লক্ষ্যৰে গঠন সৰ্বদলীয় প্ৰতিনিধি দল

সন্ত্ৰাসবাদক পুলিয়ে-পোখাৰ উভালাৰ সংকল্প

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তান-সন্ত্ৰাসবাদ-ক এসেকা দিয়াৰ লক্ষ্যৰে গঠন সৰ্বদলীয় প্ৰতিনিধি দল

নিউজ ডেস্ক, ১৭ মে’ : ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আৰু পাকিস্তান আৰু সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিবলৈ আৰম্ভ কৰা অপাৰেচন সিন্দূৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে এটা সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। সৰ্বদলীয় প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বহু গুৰুত্বপূৰ্ণ অংশীদাৰ দেশ ভ্ৰমণ কৰিব। এই তথ্য প্ৰদান কৰে ৰবি শংকৰ প্ৰসাদে।

সৰ্বদলীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, জেডিইউৰ কাৰ্যকৰী সভাপতি তথা সাংসদ সঞ্জয় ঝা, শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দে, এনচিপিৰ সাংসদ সুপ্ৰিয়া চুলে, ডিএমকেৰ সাংসদ কানিমোঝি, বিজেপিৰ সাংসদ বৈজনাথ পাণ্ডা।

ৰবি শংকৰ প্ৰসাদে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ চিন্তা-চৰ্চা বহুত ডাঙৰ। ভাৰতে বিশ্ববাসীক এটা বাৰ্তা দিছে যে সন্ত্ৰাসবাদ সহ্য নকৰে। যদি পাকিস্তানে নিজৰ মাটিৰ পৰা ইয়ালৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা হৈছে যে পানী আৰু তেজ একেলগে বৈ নাযায়, ব্যৱসায় আৰু কথা একেলগে নহ’ব।

সন্ত্ৰাসবাদ এক ডাঙৰ সমস্যা যিয়ে বিশ্বক অশান্তি দিছে। মুঠ ৭টা প্ৰতিনিধি দল গঠন কৰা হৈছে। আমি আন দেশ ভ্ৰমণলৈ ওলাইছো। মোৰ নেতৃত্বত এটা প্ৰতিনিধি দল গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো। মোক জনোৱা হৈছে যে মই ছৌদি আৰব, কুৱেইট, বাহৰেইন, আলজেৰিয়ালৈ যাব লাগিব। মোৰ ভ্ৰমণ ১০ দিনৰ বাবে। সর্বদলীয় প্রতিনিধি দলটোৰ নেতৃত্বও লৈছে বিৰোধী নেতাগৰাকীয়ে৷ কানিমোইৰ নেতৃত্বত আছে শশী থাৰুৰ। প্ৰধানমন্ত্ৰী মোদীৰ চিন্তা-চৰ্চা যে সমগ্ৰ দেশে এক কণ্ঠত কথা ক’ব লাগে।

প্ৰতিনিধি দলত থাৰুৰৰ নামক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছে কয় যে আমি তেওঁৰ নাম নিদিলোঁ। চৰকাৰে তেওঁক এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিলে। চৰকাৰে আমাক চাৰিটা নাম বিচাৰিছিল, আমি দিয়া নামবোৰ অন্তৰ্ভুক্ত নহ’ল। চৰকাৰৰ কূটনীতি বিফল। এয়াই হৈছে সুবিধাবাদৰ ৰাজনীতি। এই সন্দৰ্ভত তেওঁ কয় যে মই কোনো মন্তব্য দিব নিবিচাৰো। কংগ্ৰেছত সংঘাতৰ সৃষ্টি হৈছে।

এতিয়া গোটেই দেশখনে এক মাতেৰে মাত মাতিব লাগে। সৰ্বদলীয় প্ৰতিনিধি দলৰ এই সিদ্ধান্ত সন্ত্ৰাসবাদৰ বাবে এক ডাঙৰ বাৰ্তা। ভাৰতে তেওঁলোকৰ আগত প্ৰণাম নকৰে। নৰেন্দ্ৰ মোদী ইমান সাহসী নেতা যে তেওঁ সন্ত্ৰাসবাদক উভালি পেলাব। একে সময়তে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত আমেৰিকাৰ মধ্যস্থতা কৰা বুলি অভিযোগ উত্থাপন কৰি বিৰোধীয়ে চৰকাৰক অহৰহ কৰ্ণাৰ কৰি আছে। এই সন্দৰ্ভত তেওঁ কয় যে এতিয়া ৰাজনীতিৰ সময় নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হৈ থাকিব লাগে।

সৰ্বদলীয় প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ তথ্য ভাগ-বতৰা কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা সাহসী পদক্ষেপৰ বিষয়ে অপাৰেচন সিন্দূৰ জৰিয়তে বিশ্ব সমাজক অৱগত কৰাটোৱেই চৰকাৰৰ উদ্দেশ্য।

You might also like