ভাৰতৰ মিছাইল আক্রমণ স্বীকাৰ পাক প্রধানমন্ত্রীৰ
🔹 নিশা ২.৩০ বজাত শ্বৰীফক খবৰ দিছিল জেনেৰেল মুনিৰে
নিউজ ডেস্ক, ১৮ মে’ : মিথ্যাচাৰী পাকিস্তানৰ স্বৰূপ নিজেই উদঙালে প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে৷ ভাৰতৰ মিছাইল আক্রমণ নস্যাৎ কৰি থকা পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে অৱশেষত ভাৰতৰ মিছাইল আক্রমণৰ কথা স্বীকাৰ কৰিলে৷ ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰত পাকিস্তানৰ বায়ুসেনাৰ ঘাটি নুৰ খানত মিছাইলৰ ভয়াৱহ আক্রমণ স্বীকাৰ কৰি প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে কয় যে ৯–১০ মে’ৰ নিশা প্রায় আঢ়ৈ বজাত তেওঁক টোপনিৰ পৰা জগাই সেনাৰ মুৰব্বী জেনেৰেল অছিম মুনিৰে পাকিস্তানৰ ভূমিখণ্ডত ভাৰতৰ আক্রমণ হোৱা বুলি অৱগত কৰে৷ নুৰ খান বায়ুসেনাৰ ঘাটিকে ধৰি কেইবাটাও স্থানত ভাৰতে মিছাইল আক্রমণ কৰে বুলিও সেনাপ্রধান জেনেৰেল মুনিৰে প্রধানমন্ত্রীগৰাকীক অৱগত কৰা বুলি স্বীকাৰ কৰে৷ পাকিস্তানৰ সামৰিক ঘাটিত নিখুঁত আৰু কৌশলগত আক্রমণ ভাৰতীয় সশস্ত্র বাহিনীয়ে চলোৱাত দেশখনৰ সামৰিক ঘাটিত বিস্তৰ ক্ষতিসাধন হৈছে৷ পেহেলগামত সন্ত্রাসবাদীৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতীয় সেনাই চলোৱা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেচন সিন্দূৰে পাকিস্তানক বিতত কৰি তুলিছিল৷ পাকিস্তানী সেনাই জম্মু–কাশ্মীৰৰ এলঅ’চিৰ পৰা সীমান্তৱর্তী চাৰি প্রদেশত মিছাইল আৰু ড্রোনেৰে আক্রমণ চলায় যদিও ভাৰতীয় সেনাই তাক সম্পূর্ণৰূপে প্রতিহত কৰে৷ ইয়াৰ প্রত্যুত্তৰ হিচাপে ভাৰতীয় সেনাই পাকিস্তানৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা, ৰাডাৰ ব্যৱস্থা আৰু ৬টাতকৈ অধিক বায়ুসেনা ঘাটিত প্রচণ্ড আক্রমণ চলায়৷ পাকিস্তানে এই আক্রমণ অস্বীকাৰ কৰি আহিছিল যদিও পর্যায়ক্রমে ভাৰতৰ আক্রমণ স্বীকাৰ কৰি আহিছে৷ সেনাই স্বীকাৰ কৰাৰ পাছত অৱশেষত প্রধানমন্ত্রীগৰাকীয়ে ভাৰতীয় মিছাইল আক্রমণৰ সত্যতা প্রমাণিত কৰিলে৷ ইপিনে, ভাৰতৰ আক্রমণত ক্ষতিগ্রস্ত হোৱা বায়ুসেনা ঘাটিসমূহ মেৰামতি কৰাৰ বাবে পাকিস্তান চৰকাৰে নিবিদা আহ্বান কৰিছে৷ ৰাৱালপিণ্ডিকে ধৰি গুৰুত্বপূর্ণ সামৰিক ঘাটি বিধ্বস্ত হোৱাৰ পাছত সেই ঘাটিসমূহ পুনৰ মেৰামতি কৰা হ’ব৷ কালাৰ কাহাৰ বায়ুসেনা ঘাটি, ৰিছালপুৰ বায়ুসেনা ঘাটিৰো পুনৰ মেৰামতিৰ বাবে নিবিদা আহ্বান কৰিছে ইছলামাবাদে৷ চৰকাৰখনৰ নিবিদা আহ্বানে দেশখনৰ বায়ুসেনা ঘাটি ভাৰতীয় আক্রমণত বিধ্বস্ত হোৱাটো প্রমাণিত কৰিলে৷