নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলিগুৰি কৰিড’ৰৰ কাষতে বায়ুসেনাৰ ঘাটি নির্মাণ বাংলাদেশৰ

🔹 চীন-পাকিস্তানৰে মিলিত হৈ কৰা ষড়যন্ত্রত উদ্বিগ্ন ভাৰত

নিউজ ডেস্ক, ১৮ মে’ : মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰৰ ভাৰতবিৰোধী স্থিতি স্পষ্ট হৈ পৰিছে৷ ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে চীন আৰু পাকিস্তানৰ সৈতে মিলিত হৈ ষড়যন্ত্রত লিপ্ত হৈ থকা নতুন বাংলাদেশ বুলি দাবী কৰা চৰকাৰখনৰ মুৰব্বী মহম্মদ ইউনুছে উত্তৰ–পূর্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰাৰ ক্ষেত্রত ব্লু–প্রিণ্ট ৰচনাৰ অভিযোগো উত্থাপিত হৈ আহিছে৷ ভাৰতৰ মৈত্রী দেশ হিচাপে পৰিচিত বাংলাদেশৰ আৱামী লীগৰ নেত্রী শ্বেখ হাছিনাক ছাত্র বিক্ষোভৰ জৰিয়তে প্রধানমন্ত্রী পদৰ পৰা আঁতৰোৱাই নহয়, দেশ এৰি পলায়ন কৰিবলৈ বাধ্য কৰোৱাৰ পাছত দেশখনত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তর্ৱর্তী চৰকাৰ গঠন হৈছিল৷ ইউনুছৰ নেতৃত্বত গঠিত চৰকাৰখনে মৌলবাদীৰ পুতলা হৈ উঠিছে৷ কার্যতঃ জেহাদীৰ হাতোৰাত বন্দী হৈ পৰা মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে ভাৰতবিৰোধী কার্যত লিপ্ত হ’বলৈ বাধ্য হৈ পৰিছে৷ ভাৰতৰ চিকেন নেকখ্যাত শিলিগুৰি কৰিড’ৰৰ সমীপতে বাংলাদেশে বায়ুসেনাৰ ঘাটি নির্মাণ কৰিছে৷ এই বায়ুসেনাৰ ঘাটি ভাৰতৰ সীমান্তৰ পৰা মাত্র ২০ কিলোমিটাৰ নিলগত৷ ভাৰতৰ বাবেই উদ্বিগ্ণ এই বায়ুসেনাৰ ঘাটিটো চীনেও নিৰীক্ষণ কৰিছে৷ তাৎপর্যপূর্ণ যে বাংলাদেশৰ সেনাই শিলিগুৰি কৰিড’ৰৰ সমীপতে পাকিস্তানৰ সেনা আৰু পাকিস্তানী চোৰাংচোৱা আইএছআইৰ সৈতে মিলিত হৈছে৷ এই তথ্য পোহৰলৈ অহাৰ পাছত পুনৰ শিলিগুৰিৰ কৰিড’ৰৰ সমীপতে বাংলাদেশে চীনৰ নিৰীক্ষণত বায়ুসেনাৰ ঘাটি নির্মাণ কৰাটো নতুন দিল্লীৰ বাবে উদ্বেগজনক বিষয়৷ কিয়নো, এই বায়ুসেনাৰ ঘাটিটো যদি চীন আৰু পাকিস্তানক বাংলাদেশে ব্যৱহাৰ কৰিব দিয়ে, তেতিয়াহ’লে ভাৰতৰ বাবে প্রত্যাহ্বান হৈ উঠিব৷ বিশেষজ্ঞই প্রকাশ কৰা মতে, বাংলাদেশৰ এই বায়ুসেনাৰ ঘাটি নির্মাণ হৈ উঠিলে এই ঘাটিৰ পৰাই ভাৰতীয় সেনাৰ গতিবিধি চীনে নিৰীক্ষণ কৰি থাকিব পাৰিব৷ চিকেন নেক তথা শিলিগুৰি কৰিড’ৰৰ ভু কৌশলগতভাৱে অতিকৈ গুৰুত্বপূর্ণ৷ এই কৰিড’ৰটো প্রায় ২০ কিঃমিঃজোৰা অঞ্চল৷ নেপাল, ভূটান আৰু বাংলাদেশৰ সীমান্তৰে এই শিলিগুৰি কৰিড’ৰ৷ ভাৰতৰ উত্তৰ–পূর্বাঞ্চল এই শিলিগুৰি কৰিড’ৰৰ জৰিয়তে সংলগ্ণ হৈ আছে৷ ভাৰতৰ বাবেও এই অঞ্চলটো অতিকৈ গুৰুত্বপূর্ণ৷ ভাৰতক সংকটত পেলাবলৈ এই চিকেন নেকক লক্ষ্য কৰি লৈছে চুবুৰীয়া চীনে৷ ইয়াৰ পাছত বাংলাদেশেও ভাৰতবিৰোধী আচৰণ কৰিবলৈ আৰম্ভ কৰাত নতুন দিল্লীৰ বাবে ই উদ্বেগজনক হৈ উঠিছে৷

You might also like