যুদ্ধবিধ্বস্ত গাজাত ‘ট্রাম্প নগৰী’ গঢ়ি তুলিব আমেৰিকাই
🔹 ১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰৰ পৰিকল্পনা মার্কিন ৰাষ্ট্রপতিৰ
নিউজ ডেস্ক, ১৮ মে’ : গাজা দখল কৰাৰ হুংকাৰ দিয়া আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইবাৰ যুদ্ধবিধ্বস্ত গাজাৰ পৰা ১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ স্থানান্তৰৰ পৰিকল্পনা কৰিছে৷ সন্ত্রাসবাদী সংগঠন হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইজৰাইলে গাজাক বিধ্বস্ত কৰি তোলাৰ সময়তে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ১০ লাখ পেলেষ্টাইনীক লিবিয়ালৈ পঠিওৱাৰ পৰিকল্পনা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে নিজেই সামাজিক মাধ্যমত এক ভিডিঅ’যোগে এনে আভাস দিছে৷ মৃত্যুপুৰী হিচাপে পৰিচিত হোৱা গাজাক ‘ট্রাম্প নগৰী’ তথা মায়ানগৰী হিচাপে গঢ়ি তোলাৰ লক্ষ্য আমেৰিকাৰ৷ গাজাক মায়ানগৰী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা মার্কিন ৰাষ্ট্রপতি ট্রাম্পে গাজাৰ পৰা পেলেষ্টাইনীসকলক লিবিয়ালৈ স্থানান্তৰ কৰি গাজাখন খালী কৰাৰ লক্ষ্য লৈছে৷ উল্লেখ্য যে ইজৰাইলী সেনাৰ আক্রমণত গাজাত প্রতিদিনেই নিৰীহ লোকৰ প্রাণহানি হৈ মৃত্যু উপত্যকাত পৰিণত হোৱাই নহয়, গাজাখনৰ অধিকাংশ ধ্বংসস্তূপত পৰিণত হৈছে৷ ধ্বংসস্তূপত পৰিণত হোৱা গাজাত বাসিন্দাসকলৰ জীৱন–যাপন কৰাটো দুৰূহ হৈ পৰিছে৷ খোৱাপানীৰ পৰা অত্যাৱশ্যকীয় সামগ্রী, বিদ্যুৎ, ঔষধ আদিৰ প্রচণ্ড নাটনিয়ে গাজাবাসীক দুর্বিষহ জীৱন কটাবলৈ বাধ্য কৰাইছে৷ মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্রত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰি থকা ড’নাল্ড ট্রাম্পৰ সৈতে যোৱা ফেব্রুৱাৰী মাহত ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ সাক্ষাৎ হৈছিল৷ সেই সময়তে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে আমেৰিকাই গাজা দখল কৰিব বুলি হুংকাৰ দিছিল৷