নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক ইন ইণ্ডিয়া

মেক ইন ইণ্ডিয়া : পেহেলগামৰ অমানৱীয় হত্যাকাণ্ডৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধৰ সময়ত আৰু পৰৱর্তী পর্যায়ত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ‘মেক ইন ইণ্ডিয়া’ ব্রাহ্মোছ ক্ষেপণাস্ত্র৷ এই যুদ্ধত যিবোৰ অস্ত্রৰ পৰীক্ষা–নিৰীক্ষা চলিল, সেইবোৰৰ ভিতৰত সফলতাৰে উত্তীর্ণ হৈছে ‘ব্রাহ্মোছ’ মিছাইল৷ ইমানদিনে জাপান, চীন, আমেৰিকা আদিৰে নির্মিত বস্তুৰ ওপৰত অধিক বিশ্বাস আছিল ভাৰতীয় লোকৰ৷ ব্রাহ্মোছে এই বিশ্বাসৰ পৰিৱর্তন ঘটালে৷ সম্পূর্ণৰূপে ভাৰতত নির্মিত এই ক্ষেপণাস্ত্রৰ শক্তিয়ে সমগ্র বিশ্বৰ শক্তিশালী দেশসমূহকো স্তম্ভিত কৰি তুলিছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ব্রাহ্মোছৰ ক্ষমতা প্রত্যক্ষ কৰাৰ পিছত এই ভয়াৱহ মিছাইল ক্রয় কৰিবলৈ আগ্রহী হৈ পৰিছে বিশ্বৰ ১৭খন দেশ৷ ব্রাহ্মোছৰ তীব্র গতি আৰু নিখুঁতভাৱে আঘাত হনাৰ ক্ষমতাৰ বাবে ই সমগ্র বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷ ভাৰতৰ অপাৰেচন ‘সিন্দূৰ’ত পাকিস্তানৰ একাধিক স্থানত আঘাত হনা ভাৰতৰ মিছাইলসমূহৰ ভিতৰত ‘ব্রাহ্মোছো’ আছিল৷ ইতিমধ্যে ফিলিপাইনছৰ দৰে দেশক ৩৭৫ মিলিয়ন ডলাৰত ব্রাহ্মোছ বিক্রী কৰিছে ভাৰতে৷ ইয়াৰ পিছতে এইবাৰ ইণ্ডোনেছিয়া, ভিয়েটনাম, মালয়েছিয়া, থাইলেণ্ড, ছিংগাপুৰ, ব্রুনেই, ব্রাজিল, চিলি, আর্জেণ্টিনা, ভেনিজুৱেলা, ইজিপ্ত, দক্ষিণ আফ্রিকা, মিছৰ, বুলগেৰিয়া আৰু মধ্যপ্রাচ্যৰ বহু দেশে ব্রাহ্মোছ ক্রয় কৰিব বিচাৰিছে৷ ব্রাহ্মোছক পিজে–১০ নামেৰেও জনা যায়৷ ই হৈছে দীর্ঘ দূৰত্বৰ ৰামজেট ছুপাৰছ’নিক ক্রুজ ক্ষেপণাস্ত্র৷ ইয়াক ছাবমেৰিন, জাহাজ অথবা যুদ্ধ বিমানৰ পৰাও উৎক্ষেপণ কৰিব পৰা যায়৷ ভাৰতীয় প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’) ৰাছিয়ান ফেডাৰেচন (এনপিঅ’)ৰ মেছিন’ষ্ট্র’য়েনিয়াৰ যৌথ উদ্যোগত এই মিছাইল নির্মাণ কৰা হৈছিল৷ ব্রাহ্মোছ নামটোৰো আছে বিশেষ তাৎপর্য৷ এই নামটোৰ সৈতে জড়িত হৈ আছে দুখন নদী৷ এই নদী দুখন হ’ল– ভাৰতৰ ব্রহ্মপুত্র আৰু ৰাছিয়াৰ মস্কোভা৷ দুয়োখন নদীৰ নামেৰে এই ক্ষেপণাস্ত্রটিৰ নাম ব্রাহ্মোছ ৰখা হৈছে৷ ১৯৯৫ চনৰ ৫ ডিচেম্বৰত ব্রাহ্মোছ নির্মাণৰ উদ্যোগ আৰম্ভ হৈছিল৷ ২৫০ মিলিয়ন মার্কিন ডলাৰ অনুমোদিত মূলধন ৰূপে লৈ এই উদ্যোগ আৰম্ভ কৰা হয়৷ যৌথভাৱে আৰম্ভ কৰা উদ্যোগটোত ভাৰতৰ শ্বেয়াৰ আছিল ৫০.৫ শতাংশ৷ ইয়াত ভাৰতৰ প্রাথমিক আর্থিক বিনিয়োগ আছিল ১২৬.২৫ মিলিয়ন মার্কিন ডলাৰ আৰু ৰাছিয়াৰ আর্থিক অৱদান আছিল ১২৩.৭৫ মিলিয়ন ডলাৰ৷ ২০০৪ চনৰ পৰা বিভিন্ন প্লেটফর্মৰ পৰা ব্রাহ্মোছৰ যথেষ্টসংখ্যক পৰীক্ষা চলোৱা হয়৷ প্রাথমিকভাৱে ব্রাহ্মোছৰ ৬৫ শতাংশ উপাদান ৰাছিয়াই সৰবৰাহ কৰিছিল৷ ইয়াৰ ভিতৰত ৰামজেট ইঞ্জিন আৰু ৰাডাৰ ছিকাৰ অন্তর্ভুক্ত আছিল৷
২০১৮ চনৰ হিচাপ অনুসৰি এইবিধ ক্ষেপণাস্ত্রৰ ৬৫ শতাংশ উপাদান ভাৰতত নির্মাণ কৰা হৈছিল আৰু এই উপাদান ৮৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ ২০০১ চনৰ ১২ জুনত চান্দিপুৰৰ ইণ্টিগ্রেটেড টেণ্টৰেজৰ পৰা ব্রাহ্মোছৰ প্রথম পৰীক্ষামূলক উৎক্ষেপণ কৰা হয়৷ ২০০৪ চনৰ ১৪ জুনত পুনৰ সেই স্থাপনৰ পৰা এটি ম’বাইল লাঞ্চাৰৰ পৰা ব্রাহ্মোছ উৎক্ষেপণ কৰা হয়৷ ২০০৮ চনৰ ৫ মার্চত ডেষ্ট্রয়াৰ আই এন এছ ৰাজপুতৰ পৰা পৰীক্ষা চলোৱা হয় আৰু ই লক্ষ্যবস্তুত সঠিকভাৱে আঘাত কৰি ধ্বংস কৰে৷ ইয়াৰ পৰৱর্তী সময়ৰ পৰীক্ষা–নিৰীক্ষা চলাই ব্রাহ্মোছক নিখুঁত কৰি তোলা হয়৷ ২০২৫ চনৰ ১৭ জানুৱাৰীপর্যন্ত মুঠ ৭৫ বাৰ ব্রাহ্মোছৰ পৰীক্ষা চলোৱা হয়৷ অপাৰেচন সিন্দূৰত ব্রাহ্মোছ ব্যৱহাৰ কৰি পাকিস্তানৰ বুকুত কম্পন সৃষ্টি কৰাৰ পিছত এইবিধ ক্ষেপণাস্ত্রৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে৷ ব্রাহ্মোছ নির্মাণৰ বাবে এইবাৰ ৮০ হেক্টৰ ভূমি আবণ্টন দিয়া হৈছে৷ ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিবলৈ উত্তৰ প্রদেশৰ লক্ষ্ণৌত ‘ব্রাহ্মোছ’ ক্ষেপণাস্ত্র নির্মাণৰ বাবে নতুন কাৰখানা আৰম্ভ কৰা হ’ব৷ বছৰি ৮০ৰ পৰা ১০০টা ক্ষেপণাস্ত্র তৈয়াৰ কৰাৰ লক্ষ্যৰে নির্ধাৰণ কৰা হৈছে লক্ষ্ণৌৰ এই কাৰখানা৷ ২০২১ চনত এই নতুন কাৰখানাটোৰ শিলান্যাস কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এইবাৰ লক্ষ্ণৌত ব্রাহ্মোছ এৰোস্পেচ ইণ্টিগ্রেচন এণ্ড টেষ্টিং ফেচিলিটী উদ্বোধন কৰিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আশা কৰিছে যে এই কেন্দ্রটিয়ে উত্তৰ প্রদেশক ভাৰতৰ প্রতিৰক্ষা উৎপাদনৰ কেন্দ্র হিচাপে প্রতিষ্ঠা কৰাব৷ তদুপৰি ইয়াৰ জৰিয়তে প্রত্যক্ষ আৰু পৰোক্ষভাৱে অসংখ্য কর্মসংস্থানৰ সৃষ্টি কৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে আশা কৰিছে৷ মন কৰিবলগীয়া যে ইমানদিনে ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশসমূহৰ পৰা প্রতিৰক্ষা সামগ্রী আমদানি কৰিছিল৷ এতিয়া এই শক্তিধৰ দেশসমূহৰ দৰে প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ ক্ষেত্রখনত নামি পৰিছে ভাৰতো৷ ইতিমধ্যে ফিলিপাইনছৰ সৈতে ব্রাহ্মোছ চুক্তি স্বাক্ষৰ হৈছে৷ সেই অনুসৰি দ্বিতীয় পর্যায়ৰ আৰু কেইবাটাও ব্রাহ্মোছ মিছাইল দেশখনলৈ পঠিয়াব নতুন দিল্লীয়ে৷ ২০২২ চনৰ জানুৱাৰীতে ফিলিপাইনছৰ সৈতে ব্রাহ্মোছ চুক্তিত স্বাক্ষৰ কৰিছিল ভাৰতে৷ উল্লেখ্য যে মেক ইন ইণ্ডিয়া প্রকল্পৰ অধীনত প্রতিৰক্ষা সৰঞ্জামৰ ৰপ্তানি বৃদ্ধি পাইছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ ঘোষণা অনুসৰি চলিত বর্ষত ১.৬০ লাখ কোটি টকাৰ প্রতিৰক্ষা সামগ্রী নির্মাণ কৰা হ’ব৷ ২০২৯ চনলৈ ৩ লাখ কোটি টকাৰ সামগ্রী নির্মাণৰ লক্ষ্য নির্ধাৰণ কৰিছে ভাৰতে৷ পৰিসংখ্যা অনুসৰি ২০১৪ চনত ভাৰতৰ প্রতিৰক্ষা সামগ্রী নির্মাণৰ পৰিমাণ আছিল ৪০ হাজাৰ কোটি টকা৷ চলিত বর্ষত এই পৰিমাণ হৈছেগৈ ১.২৭ লাখ কোটি৷

এইটোও পঢ়ক- https://www.facebook.com/share/p/19HroeSe9J/

You might also like