নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাভাস্কাৰৰ অনুৰোধ উপেক্ষা ব’ৰ্ডৰ, আইপিএলত অব্যাহত চিয়েৰলীডার্ছৰ নৃত্য

নিউজ ডেস্ক, ২৯ মে’ : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ হত্যালীলাৰ পিছত বিনোদনহীন আইপিএলৰ অনুৰোধ জনাইছিল প্রাক্তন ক্রিকেটাৰ সুনীল গাভাস্কাৰে৷ তেওঁৰ অনুৰোধ ব’ৰ্ডৰ একাংশই বিবেচনা কৰিছিল যদিও শেষ পর্যন্ত সেই অনুৰোধ নাৰাখিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷

স্থগিত ৰখা আইপিএলৰ দ্বিতীয় পর্যায়ত অব্যাহত আছে বিনোদন৷ কলকাতা নাইট ৰাইডার্ছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত মেচখন বৰষুণৰ বাবে বাতিল হয় যদিও পঞ্জাব আৰু ৰাজস্থানৰ মাজৰ মেচখনেৰে প্রতিযোগিতা পুনৰ আৰম্ভ হৈছে৷

মেচখনৰ পূর্বে খেলপথাৰত ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰা হয়৷ তাত ভাৰতীয় সেনাক শ্রদ্ধা নিবেদন কৰা হয়৷ ইয়াৰ পৰৱর্তী সময়ত ছিয়েৰ লীডার্ছসকল খেলপথাৰত উপবিষ্ট হোৱা দেখা যায়৷ তদুপৰি, ডিজেও বাজি থাকে সমান্তৰালভাৱে৷ অর্থাৎ বিনোদন বন্ধ হোৱা নাই৷ উল্লেখ্য যে ভাৰত–পাকিস্তানৰ সংঘর্ষৰ বাবে এসপ্তাহ বন্ধ আছিল আইপিএল৷

যুদ্ধ বিৰতিৰ পিছত প্রতিযোগিতাখন পুনৰ আৰম্ভ হৈছে৷ দ্বিতীয়বাৰ প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে গাভাস্কাৰে অনুৰোধ জনাইছিল যাতে আইপিএলৰ বাকী মেচসমূহত চিয়েৰ লীডাৰ আৰু ডিজে ৰখা নহয়৷

তেওঁ কৈছিল – ‘বহুকেইটা পৰিয়ালে তেওঁলোকৰ নিকটাাত্মীয়ক হেৰুৱাইছে৷ এই পৰিস্থিতিত আন্তৰিকভাৱে আশা কৰিম যাতে আইপিএলত কোনোধৰণৰ অতিৰিক্ত আয়োজন নাথাকে৷’ গাভাস্কাৰৰ এই অনুৰোধ ৰক্ষা নকৰিলে ব’র্ডে৷ উল্লেখ্য যে আইপিএল সুস্থভাৱে শেষ কৰাই এতিয়া ব’ডৰ লক্ষ্য৷ কিন্তু তেওঁলোকে উপেক্ষা কৰিলে গাভাস্কাৰৰ অনুৰোধ৷

You might also like