পাকিস্তানক ১১টা চর্ত IMF ৰ, প্রতিটো টকা খৰচৰ হিচাপ দিব লাগিব পাক চৰকাৰে
ঋণ মঞ্জুৰ কৰিলেও প্রতিটো টকা খৰচৰ হিচাপ দিব লাগিব পাক চৰকাৰে
পাকিস্তানক ১১টা চর্ত IMF ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : ঋণ মঞ্জুৰ কৰিলেও পাকিস্তানৰ ডিঙিত শিকলি বান্ধি দিলে আন্তর্জাতিক মুদ্রানিধি বা আইএমএফে IMF৷ আন্তর্জাতিক বিত্তীয় সংস্থাটোৱে পাকিস্তানলৈ ধন মঞ্জুৰ কৰিলেও দেশখনে এই ধন সন্ত্রাসবাদত ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰিছে সংস্থাটোৱে৷ এই আশংকা কৰিয়েই পাকিস্তানলৈ মঞ্জুৰ কৰা ১০০ কোটি ডলাৰ ঋণৰ প্রথম কিস্তি আদায় দিয়াৰ পূর্বে দেশখনৰ সন্মুখত ১১ দফীয়া চর্ত বান্ধি দিছে আইএমএফে IMF৷
অকল সেয়াই নহয়, পাকিস্তানৰ প্রতিৰক্ষা বাজেটো নির্ধাৰণ কৰি দিছে সংস্থাটোৱে (IMF) ৷ গতিকে ইচ্ছা কৰিলেই পাকিস্তানে আইএমএফৰ পৰা লাভ কৰা ধনৰ জৰিয়তে প্রতিৰক্ষা বাজেট বৃদ্ধি কৰিব নোৱাৰিব৷ অর্থাৎ দেশখনৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ হাত বান্ধি দিলে সংস্থাটোৱে৷ ভাৰতৰ তীব্র আপত্তি সত্ত্বেও পাকিস্তানক ৮,৫০০ কোটি টকাৰ ঋণ দিছে আইএমএফে৷ ভাৰতৰ তৰফৰ পৰা এই ঋণৰ তীব্র বিৰোধিতা কৰি যুক্তি দর্শোৱা হৈছে যে পাকিস্তানে ইয়াৰ পূর্বেও আইএমএফৰ পৰা ঋণ লৈছে৷
কিন্তু সেই ঋণেৰে দেশখনৰ আর্থিক সংস্কাৰৰ কোনোধৰণৰ কাম কৰা নাই বুলি অভিযোগ তুলিছে ভাৰতে৷ দ্বিতীয়তে, এই বিপুল পৰিমাণৰ ধন সন্ত্রাসবাদৰ নামত পাকিস্তানে ব্যৱহাৰ কৰিব পাৰে বুলিও ভাৰতে সন্দেহ কৰিছে৷ গতিকে ভাৰতে এই ঋণ প্রদানৰ ক্ষেত্রত তীব্র বিৰোধিতা কৰিছিল৷ কিন্তু আমেৰিকাসহ কেইবাখনো দেশৰ সমর্থনৰ বাবে ঋণ লাভ কৰিছে ভাৰতৰ প্রতিৱেশী দেশখনে৷ পাকিস্তানলৈ ঋণ মঞ্জুৰ কৰিলেও আইএমএফে IMF দেশখনৰ স্থিতি যে সন্দেহজনক সেই কথাটো ভালদৰে বুজি পায়৷ গতিকে প্রথম কিস্তিৰ ঋণ আদায় দিয়াৰ পূর্বে আইএমএফে দেশখনৰ চৰকাৰৰ সন্মুখত বান্ধি দিলে ১১ দফীয়া চর্ত৷ এই চর্তসমূহৰ ভিতৰত আছে আগন্তুক বিত্তীয় বর্ষত পাকিস্তানে ১৭.৬ ত্রিলিয়ন পাকিস্তানী টকাৰ নতুন বাজেটত অনুমোদন জনাব পাৰিব৷ বিদ্যুৎ বিল আৰু ঋণ সেৱাৰ ক্ষেত্রত ছাৰচার্জ বৃদ্ধি কৰিব লাগিব৷
ইয়াৰ উপৰি তিনি বছৰৰ অধিক পুৰণি গাড়ী আমদানিৰ ওপৰৰ পৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব লাগিব৷ লগতে ২০২৭ চনৰ ভিতৰত সকলো আর্থিক পৰিকল্পনা দেশবাসীৰ সন্মুখলৈ আনিব লাগিব পাকিস্তানে৷ ধার্য কৰা ধনৰ সঠিক ব্যৱহাৰ হৈছে নে নাই সেই সন্দর্ভতো প্রতিবেদন দাখিল কৰিব লাগিব পাক চৰকাৰে৷ ইয়াৰ উপৰি আইএমএফৰ প্রতিবেদনত আগন্তুক বিত্তীয় বর্ষৰ ভিতৰত আইএমএফৰ ঋণৰ ধন কেনেদৰে খৰচ কৰা হ’ল সেই সন্দর্ভত সবিশেষ তথ্য দিব লাগিব দেশখনে৷ লক্ষণীয়ভাৱে পূর্বৰ দৰে শ্বেহবাজ চৰকাৰে গোপনে ৰাখিব নোৱাৰিব আন্তর্জাতিক বিত্তীয় সংস্থাৰ পৰা লাভ কৰা ঋণৰ তথ্য৷
আইএমএফ IMFৰ এই ১১টা চর্ত পাকিস্তানৰ সন্মুখত আহি পৰাৰ লগে লগে দেশখনৰ বাবে নতুন প্রত্যাহ্বান সৃষ্টি হৈছে৷ কাৰণ, ইচ্ছা কৰিলেই দেশখনে প্রতিৰক্ষা শিতানত অধিক ধন ব্যয় কৰিব নোৱাৰিব৷ ইয়াৰ উপৰি এই নতুন ১১টা চর্তৰ লগতে পূর্বে আৰোপ কৰা ৫০টা চর্তও দেশখনে মানিব লাগিব৷ উল্লেখনীয় যে পাকিস্তানৰ অর্থনীতিত পূর্বেই সৃষ্টি হৈছে সংকট৷ বিগত কেইবছৰমান ধৰি আইএমএফৰ ঋণৰ ওপৰত নির্ভৰ কৰি চলি থাকিবলগীয়া হৈছে দেশখন৷ সেই ধাৰা অব্যাহত ৰাখিয়েই পুনৰ সংস্থাটোৰ ওচৰত ঋণ বিচাৰিছিল চৰকাৰে৷ ঋণ মঞ্জুৰ কৰিলেও এইবাৰ পাকিস্তানৰ হাতত শিকলি লগাই দিলে আইএমএফে৷