নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ

🔹 পুনৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ ২৭ কোটিটকীয়া ঋষভ পণ্ট

নিউজ ডেস্ক, ২০ মে’ : লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হয়৷ লক্ষ্ণৌত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত লক্ষ্ণৌৱে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷ মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শর্মাৰ ২০ বলত ৫৯, ক্লাছেনৰ ৪৭ আৰু ঈশান কিশনৰ ৩৫ ৰানৰ সহায়ত ছানৰাইজার্ছে ১৮.২ অভাৰত ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ কামিণ্ডু মেণ্ডিছে ৩২ ৰানত ৰিটায়ার্ড হার্ট হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় মিচেল মার্শ্ব আৰু এইডেন মার্কৰামৰ দর্শনীয় অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্রহ কৰে৷ মার্শ্ব আৰু মার্কৰামে প্রথম উইকেটৰ যুটিত ১১৫ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ মার্শ্বে ৩৯টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে ৬৫ৰান কৰাৰ লগতে মার্কৰামে ৩৮টা বলত ৪টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৬১ ৰান কৰে৷ ইফালে, নিকোলাছ পুৰাণে ২৬টা বলত ৪৫ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ অধিনায়ক ঋষভ পণ্টে পুনৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ মাত্র ৭ ৰান কৰি পণ্ট পেভিলিয়নমুখী হয়৷ আয়ুস বাড’নিয়ে ৩, আব্দুল ছামাদে ৩, শার্দুল ঠাকুৰে ৪ ৰান কৰি বিদায় লয়৷ উল্লেখ্য যে লক্ষ্ণৌৱে ১২খন মেচৰ পৰা ১০ পইণ্ট সংগ্রহ কৰি সপ্তম স্থানত থকাৰ বিপৰীতে সমসংখ্যক মেচৰ পৰা ৯ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ অষ্টম স্থানত আছে হায়দৰাবাদ৷

You might also like