কর্কট ৰোগত আক্রান্ত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জ’ বাইডেন
নিউজ ডেস্ক, ২০ মে’ : আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জ’ বাইডেন গুৰুতৰভাৱে আক্রান্ত হৈছে কর্কট ৰোগত৷ শেহতীয়াকৈ বাইডেনৰ শাৰীৰিক পৰীক্ষাৰ পাছত মূত্রাশয়ৰ কর্কট ৰোগত আক্রান্ত হোৱা বুলি নিশ্চিত কৰিছে চিকিৎসকে৷
ৰোগ অতি আক্রমণাত্মক পর্যায়ত আছে বুলি জনাইছে চিকিৎসকসকলে৷ কালি এক বিবৃতি জাৰি কৰি এই কথা সদৰী কৰিছে বাইডেনৰ কার্যালয়ে৷ ইতিমধ্যে আৰম্ভ হৈছে চিকিৎসা৷ আমেৰিকাৰ ৮২ বছৰীয়া ডেম’ক্রেটিক নেতা বাইডেনে ২০২১ চনৰ ২০ জানুৱাৰীত মার্কিন ৰাষ্ট্রপতিৰ আসনত বহিছিল৷ সেইবাৰ নির্বাচনৰ বর্তমান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক হৰুৱাইছিল ডেম’ক্রেটিক নেতাগৰাকীয়ে৷ বাইডেনৰ এই অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে উদ্বেগ প্রকাশ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷
ৰাষ্ট্রপতি ট্রাম্পে বর্ষীয়ান ডেম’ক্রেটিক নেতাগৰাকী শীঘ্রে সুস্থ হৈ উঠিব বুলি আশুআৰোগ্য কামনা কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও জ’ বাইডেন কর্কট ৰোগত আক্রান্ত হোৱা বুলি শুনি উদ্বেগ প্রকাশ কৰিছে৷ প্রধানমন্ত্রীগৰাকীয়্ আজি আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাইডেন শীঘ্রে সুস্থ হৈ উঠিব বুলি আশা প্রকাশ কৰিছে৷ উল্লেখনীয় যে মূত্রাশয়ৰ এই কর্কট ইতিমধ্যে বাইডেনৰ শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি পৰা বুলি চিকিৎসকে ঘোষণা কৰিছে৷