ৰাজস্থান সীমান্তৰ পৰা পাকিস্তানক হুংকাৰ মোদীৰ
🔹 ৰাজস্থান সীমান্তৰ পৰা পাকিস্তানক হুংকাৰ মোদীৰ
🔹 সেন্দূৰ মচাসকলক ধূলিত মিলাই দিয়া হৈছে
🔹 ২২ এপ্রিলৰ প্রতিশোধ ২২ মিনিটত লৈছোঁ
নিউজ ডেস্ক, ২৩ মে’ : ৰাজস্থান সীমান্তৰ পৰাই পাকিস্তানক হুংকাৰ মোদীৰ৷ পাকিস্তানৰ ভূমিত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি ৰাজস্থানৰ বিকানেৰত ২৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া আৰু নির্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰি পাকিস্তানক সকীয়নি দিয়ে৷
পাক সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ নিখুঁত আক্রমণ অপাৰেচন সিন্দূৰৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২২ এপ্রিলৰ পাক সন্ত্রাসবাদীৰ নৰসংহাৰৰ প্রতিশোধ ২২ মিনিটত লোৱা হৈছে৷ সেন্দূৰ মচাসকলক ধূলিৰ সৈতে মিলাই দিয়া হৈছে৷ ২২ মিনিটতে ৯টা সন্ত্রাসবাদীৰ ঘাটি মাটিৰে মিলাই দিয়া হৈছে৷
পাকিস্তানক হুংকাৰ দি প্রধানমন্ত্রী মোদীয়ে কয়– পূর্বে আমি পাকিস্তানত সোমাই মাৰিছিলোঁ৷ এইবাৰ আমি পাকিস্তানৰ বুকুত আঘাত কৰিছোঁ৷ প্রতিশোধৰ প্রতিশ্রুতি আমি পূৰণ কৰিলোঁ৷ সমগ্র বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলি দিয়া হ’ল৷ উল্লেখ্য যে ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৫ পর্যটকসহ ২৬ নিৰীহক বর্বৰতাৰে হত্যা কৰাৰ প্রত্যাঘাত হিচাপে ৭ মে’ত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্রাসবাদীৰ ঘাটিত মিছাইলেৰে আক্রমণ কৰি বিধ্বস্ত কৰে৷ ভাৰতীয় সেনাৰ এই অপাৰেচন সিন্দূৰৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যিয়ে সেন্দূৰ মচিবলৈ আহিছিল, সিহঁতক মাটিৰ সৈতে মিলাই দিয়া হৈছে৷ যিয়ে হিন্দুস্তানৰ ৰক্ত বোৱায় তাৰ প্ৰতিটো হিচাপ কৰা হৈছে৷ যিয়ে ভাৰতে মনে মনে থাকিব বুলি ভাবিছে সেইসকল এতিয়া ঘৰত লুকাই আছে৷ যিয়ে নিজৰ অস্ত্রক লৈ গৌৰৱ কৰে, সেই অস্ত্রবোৰ এতিয়া আৱর্জনাত পৰিণত হৈছে৷
পাকিস্তানৰ সীমান্তৱর্তী ৰাজস্থানৰ বিকানেৰত প্রধানমন্ত্রী মোদীয়ে চুৰু–চাদুলপুৰ ৰে’লপথকে ধৰি কেইবাটাও ৰে’লপথ দেশবাসীক উৎসর্গা কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত বিশাল সমাৱেশ সম্বোধন কৰি ভাৰতীয় সেনাৰ সাহস–বীৰত্বক ভূয়সী প্রশংসা কৰি পাকিস্তানক সকীয়নি দিয়ে৷
প্রধানমন্ত্রী মোদীয়ে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলাবলৈ দেশৰ তিনি সশস্ত্র সেনাক ফ্রী হেণ্ড দিয়া হৈছে৷ এই তিনি সশস্ত্র সেনাই পাকিস্তানৰ বিৰুদ্ধে এনে চক্রবেহু ৰচনা কৰে, যাৰ ফলত পাকিস্তান আঁঠু কাঢ়িবলৈ বাধ্য হৈছে৷