নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিন্ধু জলচুক্তি স্থগিতক ‘জলবোমা’ আখ্যা পাকিস্তানী সাংসদৰ

🔹 সিন্ধু জলচুক্তি স্থগিতক ‘জলবোমা’ আখ্যা পাকিস্তানী সাংসদৰ

🔹 জলসংকটৰ সমাধান নহ’লে আমি ক্ষুধাত মৰিব লাগিব

নিউজ ডেস্ক, ২৫ মে’ : জম্মু–কাশ্মীৰৰ ‘মিনি ছুইজাৰলেণ্ড’খ্যাত পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতে কঠোৰ কূটনৈতিক সিদ্ধান্তৰ অন্যতম ৰূপে সিন্ধু জলচুক্তি স্থগিত কৰে৷ সিন্ধু জলচুক্তি স্থগিত কৰাৰ পিছত পাকিস্তানৰ সাধাৰণ নাগৰিকেই নহয়, সাংসদ আৰু চৰকাৰৰ মন্ত্রীও ক্ষুণ্ণ হৈ উঠিছে৷ এই সন্দর্ভত ভাৰতক প্রত্যক্ষভাৱে আক্রমণৰ ভাবুকিও দিছে৷

কিন্তু ভাৰতে পেহেলগামৰ প্রত্যাঘাত হিচাপে ‘অপাৰেচন সিন্দূৰে’ৰে পাকিস্তানৰ ভূমিত ভয়াৱহ আক্রমণ চলায়৷ দুয়ো দেশৰ মাজত যুদ্ধবিৰতি হ’লেও ভাৰতে এতিয়ালৈকে সিন্ধু জলচুক্তি স্থগিত ৰাখিছে৷ এই সন্দর্ভত পাকিস্তানৰ সংসদত দেশখনৰ সাংসদে শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্রে ভাৰতৰ সৈতে সিন্ধু জলচুক্তি সন্দর্ভত সু–মীমাংসাৰ দাবী তোলে৷

ভাৰতে সিন্ধু জলচুক্তি স্থগিতকৰণেৰে ‘জলবোমা’ নিক্ষেপ কৰা বুলি আখ্যা দি সাংসদ চৈয়দ আলী জাফৰে চৰকাৰখনক শীঘ্রে এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ সাংসদগৰাকীয়ে কয় যে যদি জলসংকট শীঘ্রেই সমাধান কৰিব পৰা নাযায়, তেতিয়াহ’লে দেশৰ নাগৰিক ক্ষুধাত মৰিব লাগিব৷ অর্থাৎ আমি পাকিস্তানবাসীয়ে ক্ষুধাত মৰিব লাগিব৷ সিন্ধু নদীৰ জল পাকিস্তানৰ ‘জীৱনৰেখা’ বুলি উল্লেখ কৰি পাকিস্তান তেহৰিক–ই–ইনছাফ চমুকৈ পিটিআইৰ সাংসদগৰাকীয়ে কয় যে পাকিস্তানে ব্যৱহাৰ কৰা পানীৰ তিনি চতুর্থাংশ বাহিৰৰ পৰা আহে৷ প্রতি দহগৰাকী নাগৰিকৰ ভিতৰত ৯জনে আন্তর্জাতিক সীমান্তৰ পৰা অহা জলৰ ওপৰত নির্ভৰশীল৷ পাকিস্তানৰ শস্য ৯০ শতাংশ পানীৰ ওপৰত নির্ভৰশীল৷ সিন্ধু জলচুক্তি দেশখনৰ শস্যৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ ঠিক তেনেদৰে পাকিস্তানৰ শক্তি প্রকল্পও এই নদীখনৰ ওপৰতে নির্মাণ কৰা হৈছে৷ গতিকে চৰকাৰখনে শীঘ্রেই এই চুক্তিক লৈ ভাৰতৰ সৈতে সু–মীমাংসা কৰা উচিত৷

You might also like