মিছ ৱর্ল্ড প্রতিযোগিতা -ৰ পৰা নাম প্রত্যাহাৰ ইংলেণ্ডৰ সুন্দৰীৰ
🔹 মিছ ৱর্ল্ড প্রতিযোগিতা -ৰ পৰা নাম প্রত্যাহাৰ ইংলেণ্ডৰ সুন্দৰীৰ
🔹 ৭৪ বছৰীয়া ইতিহাসত প্রথম : আয়োজক সংস্থাৰ বিৰুদ্ধে অভিযোগ
🔹 প্রত্যাহাৰৰ ভয়ংকৰ কাৰণ নিজেই ব্যাখ্যা কৰিলে মিলা মেগিয়ে
নিউজ ডেস্ক, ২৬ মে’ : এই বছৰ বিশ্ব সুন্দৰী (মিছ ৱর্ল্ড) প্রতিযোগিতা চলি আছে হায়দৰাবাদত৷ যোৱা ১০ মে’ৰ পৰা এই প্রতিযোগিতা আৰম্ভ হৈছে৷ শেষ হ’ব আগন্তুক ৩১ মে’ত৷ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছে ৰাজস্থানৰ নন্দিনী গুপ্তাই৷
কোন হ’ব বিশ্ব সুন্দৰী, কোনে লাভ কৰিব বিশ্ব সুন্দৰীৰ মুকুট, তাক লৈ ইতিমধ্যে কৌতূহল সৃষ্টি হৈছে বিশ্বজুৰি৷ কিন্তু এইবাৰ বিশ্ব সুন্দৰী প্রতিযোগিতা অন্য এক কাৰণত সংবাদ শিৰোনামলৈ আহিছে৷ এই প্রতিযোগিতাৰ অন্যতম প্রতিযোগী আছিল ‘মিছ ইংলেণ্ড’ মিলা মেগি৷ হঠাতে সুন্দৰীগৰাকীয়ে এই প্রতিযোগিতাৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰিছে৷ লগে লগে হাহাকাৰ সৃষ্টি হৈছে এই হাইপ্রফাইল প্রতিযোগিতাত৷
৭৪ বছৰীয়া ইতিহাসত প্রথমবাৰলৈ কোনো প্রতিযোগীয়ে ‘মিছ ৱর্ল্ড’ প্রতিযোগিতাৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰিছে৷ এই প্রতিযোগিতাৰ পৰা নাম প্রত্যাহাৰ কৰাৰ কাৰণ নিজেই ব্যাখ্যা কৰিছে মিলাই৷ আয়োজক সংস্থাৰ বিৰুদ্ধে প্রতিযোগীগৰাকীয়ে অভিযোগ তুলি কৈছে যে আচলতে প্রতিযোগিতাৰ আঁৰত তৰুণীসকলক ইয়াত শোষণ কৰা হৈছে৷ নিজকে এনে প্রতিযোগিতাত অংশ লৈ ‘যৌন কর্মী’ বুলি ধাৰণা হৈছিল বুলিও বিস্ফোৰক মন্তব্য কৰিছে মিলা মেগিয়ে৷ ইয়াৰ পিছতে বিষয়টোক লৈ আৰম্ভ হৈছে তীব্র বিতর্ক৷ অস্বস্তিত পৰিছে আয়োজক সংস্থা৷