নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰ নলয় মহেন্দ্ৰ সিং ধোনীয়ে

নিউজ ডেস্ক, ২৬ মে’ : কালি চলিত আইপিএলৰ অন্তিমখন মেচ খেলিলে ধোনীয়ে৷ ইয়াৰ লগে লগে বেটাৰগৰাকীৰ অৱসৰৰ কথা চর্চালৈ আহিল৷ কিন্তু ধোনীৰ পৰা কোনো স্পষ্ট উত্তৰ পোৱা নগ’ল৷ কালি গুজৰাট আৰু চেন্নাইৰ মেচখনৰ সময়ত কেমেৰাই কেৱল ধোনীৰ ওপৰতে দৃষ্টি ৰাখিছিল৷ টিভিত দেখুওৱা গ্রাফিক্সবোৰে ধোনীৰ অৱসৰৰ জল্পনা–কল্পনা অধিক ত্বৰান্বিত কৰিছিল৷ কিন্তু পুৰস্কাৰ বিতৰণী অনুষ্ঠানত সঞ্চালক হর্ষ ভোগলেৰ প্রশ্ণৰ উত্তৰত ধোনীয়ে কয়– ‘সিদ্ধান্ত লোৱাৰ বাবে এতিয়াও মোৰ হাতত ৪ মাহ সময় আছে৷ শৰীৰ ঠিকে ৰাখিব লাগিব আৰু নিজৰ শ্রেষ্ঠত্ব দিব লাগিব৷’

You might also like