কোহলি–ৰোহিতহঁতক দেখিয়েই জিকিবলৈ শিকিছোঁ : গিল
🔹 সফল হোৱাৰ মন্ত্র প্রকাশ নতুন অধিনায়কৰ
নিউজ ডেস্ক, ২৬ মে’ : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া টেষ্ট শৃংখলাত নাথাকিব বিৰাট কোহলি, ৰোহিত শর্মা আৰু আৰ অশ্বিন৷ কিন্তু এই তিনিগৰাকী ক্রিকেটাৰেই তেওঁক শিকাইছে কিদৰে টেষ্ট শৃংখলা জিকিব পাৰি৷ অধিনায়কৰ দায়িত্ব লাভ কৰি প্রথমবাৰৰ বাবে মুখ খুলিলে শুভমন গিলে৷ ইয়াৰ লগতে তেওঁ ব্যাখ্যা কৰিলে সফলতাৰ মন্ত্র৷ ব’র্ডে প্রকাশ কৰা এটা ভিডিঅ’ত গিলে কয় – ৰোহিত ভাই, বিৰাট ভাই আৰু অশ্বিন ভাইহঁতে আমাৰ সন্মুখত এখন নক্সা আঁকি বুজাই থৈ গৈছে কিদৰে দেশৰ বাহিৰত টেষ্ট শৃংখলা জয় কৰিব পাৰি৷ খেলপথাৰত নামিলে পৰিকল্পনাৰ প্রয়োজন হয় যদিও হাতত তেনে এখন নক্সা থাকিলে আমি কিদৰে বিদেশত শৃংখলা জিকিব পাৰিম সেই কথা সহজেই জানিব পাৰি৷ তেওঁ আৰু কয় যে সতীর্থসকলৰ মনৰ গভীৰলৈ গৈ বুজাৰ চেষ্টা কৰিলে জয়লাভত সহজ হয়৷