নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান-ফাষ্ট ফুড খাই শৰীৰৰ ওজন ২২২ কেজি

🔹 চাইকেল চলাই ১২৪ কেজি কমালে মার্কিন যুৱকে

নিউজ ডেস্ক, ২৬ মে’ : বিশৃংখল জীৱন যাপন৷ অতি ভজন কাল হৈ পৰিছিল এজন যুৱকৰ৷ ফাষ্ট ফুডৰ প্রতি আছিল যুৱকজনৰ আসক্তি৷ ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি পাই হয়গৈ ২২২ কিলোগ্রাম৷ চলা–ফুৰা, উঠা–বহা, প্রাত্যহিক কাম–কাজত প্রবল অসুবিধাৰ সন্মুখীন হৈছিল যুৱকজন৷ আনকি মৃত্যুৰ আশংকাও আহি পৰিছিল৷ ইয়াৰ পিছতেই যেন আহি পৰিল ৰহস্যজনক ফল৷ ২৪ মাহৰ ভিতৰত শৰীৰৰ এজন ১২৪ কিলোগ্রাম কমাই পেলাইছে যুৱকজনে৷ সেয়া কেৱল সম্ভৱ হৈছে চাইকেল চলোৱাৰ ফলত৷ আমেৰিকাৰ ৩৬ বছৰীয়া এই যুৱকজনৰ নাম ৰায়ান গ্রেৱেল৷ নিজৰ ওজন বৃদ্ধিৰ ক্ষেত্রত অনিয়মিত জীৱন যাপনক নিজেই দোষী কৰিছে যুৱকজনে৷ অত্যধিক সুৰাপান আৰু ফাষ্ট ফুডৰ আসক্তিয়ে সুদর্শন যুৱকজনক ‘দৈত্য’ত পৰিণত কৰিছিল৷ কিন্তু ইয়াৰ পৰা পৰিত্রাণ পাবলৈ সংকল্প গ্রহণ কৰে যুৱকজনে৷ ২০২৩ চনত তেওঁ এখন চাইকেল ক্রয় কৰি প্রতিদিনে নিয়মীয়াভাৱে চাইকেল চলাবলৈ ধৰে৷ মাইলৰ পিছত মাইল কেৱল চাইকেল চলাই এই অসাধ্য সাধন কৰিছে যুৱকজনে৷ ২৪ মাহ ধৰি এনেদৰে চাইকেল চলাই আৰু ফাষ্ট ফুড তথা সুৰাপান ত্যাগ কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে গ্রেৱেল৷ শেহতীয়াকৈ গ্রেৱেলৰ এই কাহিনীক লৈ মার্কিন সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like