নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ বছৰ পিছত টেষ্টলৈ প্রত্যাৱর্তন কৰুণ নায়াৰৰ

🔹 ইংলেণ্ড ভ্রমণৰ বাবে ঘোষণা কৰা দলত স্থান লাভ

নিউজ ডেস্ক, ২৬ মে’ : ২০১৬ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় টেষ্ট দলত অভিষেক ঘটিছিল কৰুণ নায়াৰৰ৷ ইয়াৰ পিছত তিনিখন টেষ্ট খেলি বাদ পৰিছিল ভাৰতীয় দলৰ পৰা৷ ২,৯৮৩ দিনৰ পিছত পুনৰ ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছে বেটাৰগৰাকীয়ে৷ ইংলেণ্ড ভ্রমণৰ বাবে ঘোষণা কৰা দলটোত স্থান লাভ কৰিছে তেওঁ৷ দল ঘোষণা কৰাৰ দিনাই পঞ্জাব কিংছৰ বিৰুদ্ধে আইপিএলৰ মেচখনত ৪৪ ৰানৰ এটা ইনিংছ খেলি দিল্লীৰ জয়লাভত বিশেষ ভূমিকা গ্রহণ কৰে কৰুণে৷ ৰঞ্জি ট্রফীৰ বিগত ছিজনত ৯খন মেচ খেলি ৮৬৩ ৰান কৰে ৩৩ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে৷ তাৰ ভিতৰত আছিল ৪টা শতক৷ তেওঁৰ দল বিদর্ভই ৰঞ্জি ট্রফীত চেম্পিয়ন হয়৷ ইয়াৰ পিছত বিজয় হাজাৰে ট্রফীত ৭৭৯ ৰান কৰা নায়াৰে ৫টা শতক উপহাৰ দিয়ে৷

You might also like