নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভমন গিলৰ সন্মানার্থে নির্মাণ কৰা হ’ব ষ্টেডিয়াম

🔹 ভাৰত–পাক সীমান্তৱর্তী গিলৰ গাঁৱত মিঠাই বিতৰণ

নিউজ ডেস্ক, ২৬ মে’ : ভাৰত–পাকিস্তান সীমান্তৱর্তী ফাজিলকা জিলাৰ এখন সৰু গাঁও চ’ক খেৰেৱালাত জন্ম শুভমন গিলৰ৷ যোৱা শনিবাৰে ইংলেণ্ড ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পিছত গিলৰ গাঁওখনত আনন্দৰ জোৱাৰ উঠিছে৷ তেওঁৰ প’লিচবিহীন বেটত এতিয়া বহুজাতিক সংস্থাৰ বিজ্ঞাপন৷ গাঁৱৰ গণ্ডী পাৰ হৈ এতিয়া সমগ্র বিশ্ব ভ্রমণ কৰিছে গাঁৱৰ ল’ৰা শুভমনে৷ সেইবাবে এতিয়া ভাৰত–পাক সীমান্তৰ পৰা মাত্র ১৬ কিলোমিটাৰ দূৰৰ এই গাঁওখনত চলিছে উৎসৱ৷ গাঁওখনৰ চৌদিশে এতিয়া চলিছে শুভমনক লৈ বিভিন্ন আড্ডা৷ তেওঁ নেতৃত্ব লাভ কৰাৰ লগে লগে গাঁৱৰ মানুহৰ মাজত মিঠাই বিতৰণ কৰিছে পৰিয়ালৰ লোকে৷ গাঁওখনৰ অধিকাংশ লোকেই কৃষিজীৱী৷ ১৮ বছৰ পূর্বেই ক্রিকেটৰ বাবে গাঁও এৰি চহৰলৈ গৈছিল শুভমন৷ এতিয়া ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব লাভ কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছত তেওঁৰ সন্মানার্থে নির্মাণ কৰা হ’ব এখন নতুন ষ্টেডিয়াম৷ ফাজিলকা জিলা ক্রিকেট সন্থাই এইক্ষেত্রত উদ্যোগ গ্রহণ কৰিছে৷ সন্থাৰ সচিব সুৰিন্দৰ ছিণ্ডিয়ে কয় – ‘ইয়াৰ মানুহৰ ক্রিকেট সম্পর্কে কোনোধৰণৰ আৱেগ নাছিল৷ সন্তানসকলকো মাক–দেউতাকে উৎসাহ দিয়া নাছিল৷ কিন্তু খবৰৰ শিৰোনামলৈ শুভমন উঠি অহাৰ পিছতেই ইয়াৰ ছবিখন সম্পূর্ণৰূপে সলনি হৈছে৷’

You might also like