‘বিপজ্জনক ভাৰত’ৰ বাবে পৰমাণু অস্ত্রত গুৰুত্ব পাকৰ
🔹 মার্কিন সংস্থাৰ প্রতিবেদন
🔹 ভাৰতৰ সৈতে সৰু-সুৰা সংঘর্ষ বর্তাই ৰখাই পাকিস্তানৰ লক্ষ্য
নিউজ ডেস্ক, ২৬ মে’ : ভাৰতক নিজৰ অস্তিত্বৰ বাবে বিপজ্জনক বুলি ধাৰণা কৰে পাকিস্তানে৷ সেইবাবে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ বৃদ্ধি কৰিছে পাক সেনাই৷ শেহতীয়াকৈ এই তথ্য তুলি ধৰিছে আমেৰিকাৰ প্রতিৰক্ষা চোৰাংচোৱা সংস্থাই৷ মার্কিন প্রতিৰক্ষা দপ্তৰৰ অন্তর্ভুক্ত সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি চীনক প্রধান প্রতিপক্ষ হিচাপে বিবেচনা কৰে ভাৰতে৷ আনফালে নতুন দিল্লীৰ দৃষ্টিত পাকিস্তান কেৱল মাত্র নিৰাপত্তাজনিত সমস্যা৷ বর্তমান সময়ত পাকিস্তানৰ সৈতে সংঘর্ষ হ’লেও দেশখনক যুযুধান প্রতিপক্ষ হিচাপে নতুন দিল্লীয়ে গণ্য নকৰে বুলি এই প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ পাক–ভাৰতৰ যুদ্ধবিৰতিত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰা বুলি দাবী কৰি আহিছে যদিও এই প্রতিবেদনত সেই সম্পর্কত কোনো তথ্য উল্লেখ কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে আগন্তুক দিনত ভাৰতৰ বিদেশ নীতি কোন দিশে গতি কৰিব, সেই সন্দর্ভতো প্রতিবেদনত মন্তব্য আগবঢ়োৱা হৈছে৷ ভাৰতে প্রতিৰক্ষা ক্ষেত্রত ‘মেক ইন ইণ্ডিয়া’ নীতিত অধিক গুৰুত্ব দিব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ কাৰণ ‘অপাৰেচন সিন্দূৰ’ত ভাৰতে দেশীয় অস্ত্রৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে মোদীৰ আমোলত ভাৰতৰ ৰাছিয়াৰ ওপৰত অস্ত্র নির্ভৰতা হ্রাস পোৱা বুলিও এই প্রতিবেদনত উল্লেখ কৰা হৈছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতৰ সৈতে সৰু–সুৰা সংঘর্ষ বর্তাই ৰখাটোৱেই পাকিস্তানৰ লক্ষ্য৷