নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰী আছুৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা

সৰুক্ষেত্ৰী আছু -ৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ‘ : সৰুক্ষেত্রী মৌজাৰ বেঙাপাৰা গাঁও নিৱাসী, সৰুক্ষেত্ৰী হাইস্কুল-বণিয়াকুছিৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক ২৫ মে’ত তেওঁৰ বাসগৃহলৈ গৈ সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই সম্বর্ধনা জনায়।

সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃত্যুঞ্জয় বৰ্মন, বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শৈলেন তালুকদাৰ, গীতার্থ ডেকা, সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পল্লৱ ডেকাই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বাসগৃহলৈ গৈ মানপত্ৰ, ফুলাম গামোচা, গছপুলিৰে তেওঁক সম্বর্ধনা জনায়।

You might also like