নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বিমানবন্দৰ লাভৰ দিশে মিজোৰাম, অসমতো নতুন বিমান সংযোগ

নতুন দিল্লীত মন্ত্ৰী কে আৰ নাইডুৰে আলোচনা মিজোৰাম মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে’ : শীঘ্ৰে মিজোৰাম-এ দ্বিতীয়টো বিমানবন্দৰ লাভ কৰিব। ইয়াৰ লগে লগে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনে বিমান সংযোগ আৰু বিমান আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।

কালি মুখ্যমন্ত্ৰী লালডুহোমাই নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুক সাক্ষাৎ কৰি দক্ষিণ মিজোৰামৰ গ্ৰীনফিল্ড বিমানবন্দৰ আৰু প্ৰধানমন্ত্ৰীৰ উড়ে দেশ কা আম নাগৰিক বা উড়ান আঁচনিৰ অধীনত হেলিপ’ৰ্ট উন্নয়ন, আৰু লেংপুই বিমানবন্দৰ ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষক গতাই দিয়াৰ বিষয়ে আলোচনা কৰে।

এই বিষয়ত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী নাইডুৰ সৈতে মুখ্যমন্ত্ৰী লালডুহোমাৰ আলোচনা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কাৰণ মিজোৰাম চৰকাৰে লেংপুই বিমানবন্দৰ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক গতাই দিয়াৰ সিদ্ধান্তৰ বাবে এটা গোটৰ বিৰোধিতা লাভ কৰিছে।

মিজোৰামৰ বৰ্তমানৰ বিমানবন্দৰ লেংপুই বিমানবন্দৰত ২০২২-২০২৩ চনত ৪.২৫ লাখ যাত্ৰী চম্ভালিছে। বিমানবন্দৰত যাতায়াত ৫ লাখৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।

বৰ্তমান লেংপুই গুৱাহাটী, কলকাতা, দিল্লী, ইম্ফলৰ পৰা পোনপটীয়া বিমান সেৱা আৰু বাংগালুৰুৰ পৰা কলকাতা আৰু গুৱাহাটীত ষ্টপ অভাৰৰ সৈতে সংযুক্ত হৈ আছে।

ইয়াৰ উপৰি লেংপুই বিমানবন্দৰটো মিজোৰামৰ সকলো জিলা সদৰৰ সৈতে হেলিকপ্টাৰ সেৱাৰ জৰিয়তে সংযোগ কৰা হৈছে। মণিপুৰ ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে মণিপুৰৰ চুৰাচান্দপুৰ আৰু লেংপুইৰ মাজতো হেলিকপ্টাৰ সেৱা আৰম্ভ কৰা হয়।

তাৎপৰ্যপূৰ্ণভাৱে কালি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী নাইডুকো সাক্ষাৎ কৰি উত্তৰ-পূব ৰাজ্যৰ বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাক আশ্বাস দিয়ে যে এই বছৰৰ পৰা শিলচৰৰ গ্ৰীনফিল্ড বিমানবন্দৰৰ কাম আৰম্ভ হ’ব আৰু গুৰুত্বপূৰ্ণ ৰূপসী বিমানবন্দৰটোও সম্প্ৰসাৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ বিমানবন্দৰসমূহ শীঘ্ৰে নতুন বিমান সংযোগৰ জৰিয়তে অধিক ভাৰতীয় চহৰৰ সৈতে সংযোগ কৰা হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ সৈতে একেদিনাই হোৱা বৈঠক তাৎপৰ্যপূৰ্ণ আৰু অঞ্চলটোত বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ স্পষ্ট ইংগিত দিয়ে।

You might also like