নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীক ধন উৎকোচ দি চহৰত বিলাস ভ্রমণ কাৰাবন্দীৰ

🔹 ৰাজস্থানত চাঞ্চল্যকৰ ঘটনা : ১৩জনক গ্রেপ্তাৰ

নিউজ ডেস্ক, ২৭ মে’ : কথা আছিল হাস্পতাললৈ যোৱাৰ! কিন্তু কাৰাগাৰৰ পৰা বাহিৰ হৈয়েই হাস্পতাললৈ যোৱাৰ পৰিৱর্তে চহৰৰ বিভিন্ন স্থানত ঘূৰি ফুৰিলে বন্দীসকলে৷ আৰক্ষীক উৎকোচ দি কোনোবাই দেখা কৰিলে নিজৰ পত্নীক ৷ কোনোবাই আকৌ সময় কটালে প্রাক্তন প্রেমিকাৰ  সৈতে৷ অন্য কোনোবাই আকৌ প্রেমিকাৰ নামত বুক কৰা হোটেলত গৈ সময় অতিবাহিত কৰিলে৷ জয়পুৰ কেন্দ্রীয় কাৰাগাৰৰ এই কেলেংকাৰি পোহৰলৈ অহাৰ লগে লগে ১৩জনক গ্রেপ্তাৰ কৰিছে ৰাজস্থান আৰক্ষীয়ে৷ ধৃত ১৩জনৰ ভিতৰত আছে পাঁচজন আৰক্ষী কর্মী৷ ইয়াৰ উপৰি জয়পুৰ কাৰাগাৰৰ চাৰিজন বন্দী আৰু তেওঁলোকৰ পৰিচিত অন্য চাৰিগৰাকী লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, হাস্পতাললৈ যোৱাৰ অজুহাত দেখুৱাই আৰক্ষী কর্মীসকলক উৎকোচ দি চহৰৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল কয়দীসকলে৷ আৰক্ষী কর্মীসকলক মুঠ ২৫,০০০ টকা এই অভিযুক্ত বন্দীসকলে উৎকোচ দিছিল বুলি জানিব পৰা গৈছে৷

You might also like