আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র
আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র
জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বার্থত ৰাজ্যখনৰ স্পর্শকাতৰ অঞ্চলসমূহত খিলঞ্জীয়া লোকসকলক আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র প্রদানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে সিদ্ধান্ত লৈছে৷ ২৮ মে’ত ৰাজ্যিক কেবিনেট বৈঠকত গ্রহণ কৰা এনে সিদ্ধান্তই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা জীৱন–মৰণৰ সমস্যা প্রকট কৰি তুলিছে৷ বাংলাদেশী মূলৰ প্রব্রজনৰ সমস্যাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত কিদৰে ভয়াৱহ দুর্যোগ নমাই আনিছে, সেয়া বিগত তিনি–চাৰি দশকতে স্পষ্ট হৈছে৷ গোজেই গজালি হৈ বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসন ইমানেই বৃদ্ধি হৈছে যে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ অভাৱত কেইবাখনো জিলাৰ পৰা ঘৰ–বাৰী এৰিব লগা হৈছে৷ নগাঁও, বৰপেটা, ধুবুৰী, গোৱালপাৰা, মৰিগাঁৱকে ধৰি ৰাজ্যখনৰ স্পর্শকাতৰ অঞ্চলত খিলঞ্জীয়া লোকসকলক আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র প্রদানৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্র সন্থাই আদৰণি জনোৱাৰ বিপৰীতে অধিকাংশ দল–সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে৷ খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ নামত আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র প্রদান কৰিলে এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি একাংশ দল–সংগঠনে আপত্তি দর্শাইছে৷ কিন্তু অসমত বাস কৰা খিলঞ্জীয়া তথা ভূমিপুত্রসকলে এতিয়া আগ্নেয়াস্ত্র লৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিব লগা পৰিস্থিতি উদ্ভৱ হ’ল কেনেকৈ? নিজ গৃহভূমিতে যদি জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে খিলঞ্জীয়া লোকসকলে আগ্নেয়াস্ত্র ল’ব লগা হয় তেন্তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে কিদৰে ভয়াৱহ বিপদৰ সন্মুখীন হৈছে সেয়া সহজেই অনুমেয়৷ ঘাইকৈ বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসনৰ বাবেই ৰাজ্যখনৰ ১৬খন জিলাত খিলঞ্জীয়া লোকসকলে তীব্র ভাবুকিৰ সন্মুখীন হৈছে৷ খিলঞ্জীয়াসকলে ক্রমাগতভাৱে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হোৱাই নহয়, শ্রমজীৱী লোকসকলে হেৰুৱাইছে পৈতৃক ভেটি৷ অধিক দামৰ প্রলোভনেৰে খিলঞ্জীয়াৰ কৃষিভূমিকে ধৰি ঘৰ–বাৰীও বিক্রী কৰিছে৷ যিসকল লোকে ঘৰ–বাৰী এৰি দিয়া নাই সেইসকলৰ ওপৰত ধাৰাবাহিক আক্রমণ আৰু অপৰাধ সংঘটিত কৰি জীৱন দুর্বিষহ কৰি তুলিছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাটো ৰাজ্য চৰকাৰখনৰ প্রধান দায়িত্ব৷ খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা জীৱন–মৰণৰ ভয়ংকৰ সমস্যা সমাধানৰ একমাত্র পথ আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্রৰে সমাধান কৰাটো সম্ভৱ নহয়৷ যিবোৰ অঞ্চল এতিয়া খিলঞ্জীয়া লোকসকলৰ বাবে স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্ণিত হৈছে সেইবোৰত পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা হ’ব লাগিব৷ বাংলাদেশী মূলৰ লোকৰ হেঁচাত ৰাজ্যখনৰ খিলঞ্জীয়াৰ এটাও পৰিয়ালে যাতে পৈতৃক ভেটিৰ পৰা বিতাড়িত হ’ব লগা নহয় সেয়া নিশ্চিত কৰিব লাগিব ৰাজ্য চৰকাৰে৷ এইক্ষেত্রত চৰকাৰী ভূমি, খিলঞ্জীয়াৰ ভূমি বেদখল আৰু অবৈধভাৱে ক্রয় কৰা বাংলাদেশী মূলৰ লোকসকলৰ বিৰুদ্ধেও কঠোৰতম ব্যৱস্থা গ্রহণ কৰা উচিত৷
বাংলাদেশী মূলৰ প্রব্রজনে অসমৰ খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ কিদৰে ভয়াৱহ ভাবুকি নমাই আনিছে সেয়া বিগত দুটা দশকৰ লোকপিয়লৰ তথ্যতেই উন্মোচন হৈছে৷ ১৯৯১ৰ লোকপিয়লত বৰপেটা জিলাৰ কলগাছিয়াত হিন্দুৰ জনসংখ্যা আছিল ৩,১৮৬জন৷ ২০০১ আৰু ২০১১ৰ লোকপিয়লত হিন্দু জনসংখ্যা ক্রমে ১,৫১৬জন আৰু ১৩৯১জনলৈ হ্রাস হৈছে৷ একে সময়তে ১৯৯১ৰ লোকপিয়লত কলগাছিয়াৰ মুছলমান জনসংখ্যা ১,২১,৪৩১জনৰ পৰা ২০১১ৰ লোকপিয়লত ১,৯৪,৪৫৬জনলৈ বৃদ্ধি হৈছে৷ একেদৰে বাঘবৰত ১৯৯১ৰ লোকপিয়লত হিন্দু জনসংখ্যা ১৪,১১২জনৰ পৰা ২০১১ৰ লোকপিয়লত ১০,৭৮৯জনলৈ হ্রাস হৈছে৷ এই সময়ছোৱাত বাঘবৰত মুছলমান জনসংখ্যা ২,৩১,২৪২জনৰ পৰা ২,৯৪,৯৯৩জনলৈ বৃদ্ধি হৈছে৷ গোৱালপাৰাৰ লক্ষীপুৰত ১৯৯১ৰ লোকপিয়লত হিন্দু জনসংখ্যা ৪১,০৮৯জনৰ পৰা ২০১১ৰ লোকপিয়লত সামান্য বৃদ্ধি হয়৷ ৪৮,৬৯২জন হৈছে৷ সেই সময়ছোৱাত লক্ষীপুৰত মুছলমান জনসংখ্যা ১,৪০,৪৯২জনৰ পৰা ২,২৬,১২০জনলৈ বৃদ্ধি হৈছে৷ একে প্রতিচ্ছবি দেখা গৈছে দৰং জিলাৰ দলগাঁও, কামৰূপ জিলাৰ ছমৰীয়া, নগৰবেৰা, লখিমপুৰৰ নাওবৈচাৰ উপৰি বাংলাদেশ সীমান্তৱর্তী জিলাসমূহত৷ খিলঞ্জীয়া লোকসকলৰ জীৱনলৈ অহা তীব্র ভাবুকিৰ অন্তৰালত যে বাংলাদেশী মূলৰ প্রব্রজনকাৰীৰ আধিপত্য সেয়া লুকাই থকা নাই৷ ভোটবেংক ৰাজনীতিক একাংশ দল–সংগঠনে অগ্রাধিকাৰ দিয়াৰ ফলতেই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ বিপদাপন্ন হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ৰ ২৪ মার্চৰ পিছত অসমলৈ অহা বাংলাদেশী প্রব্রজনকাৰীসকলক খেদি পঠিওৱাৰ বাবে সিদ্ধান্ত হৈছিল৷ অসম চুক্তি অনুসৰি ৰাজ্য চৰকাৰে স্থাপন কৰা বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ২০২৩ৰ ৩১ জানুৱাৰীলৈ ১,৫৩,১২৯জনক অবৈধ বিদেশী বুলি চিনাক্ত কৰিছিল৷ অসম চুক্তি স্বাক্ষৰৰ ৪০ বছৰ হ’ল যদিও এই সময়ছোৱাত মাথোঁ ৩০,০৬৭জন বিদেশী লোকক বহিষ্কাৰ কৰা হৈছে৷ আইনগতভাৱে বিদেশী চিনাক্ত হোৱাৰ পিছতো অধিকাংশ লোকে আত্মগোপন কৰি আছে৷ অবৈধ বিদেশীসকলক আমাৰ একাংশ লোকে সুৰক্ষা দি আছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ নির্দেশ অনুসৰি অবৈধ বাংলাদেশী লোকসকলক বিতাড়নৰ প্রক্রিয়া আৰম্ভ হৈছে৷ অসমতো পলাতক হৈ থকা অবৈধ বাংলাদেশী লোকসকলক আটক কৰি বাংলাদেশক হস্তান্তৰ কৰাৰ প্রক্রিয়া চলিছে৷ ২৭ মে’ত মানকাচৰ সীমান্তত বিএছএফে ১৪জন অবৈধ বাংলাদেশীক ন’ মেনছ লেণ্ডত ওভতাই দিছে৷ আইনগতভাৱে চিনাক্ত অবৈধ বাংলাদেশীক গ্রহণ কৰিবলৈ বিচৰা নাই চুবুৰীয়া দেশখনে৷ ইয়াকে লৈ বিএছএফৰ স’তে ব’ৰ্ডাৰ গার্ডছ বাংলাদেশ (বিজিবি)ৰ সংঘাত হৈছে৷ অবৈধ বাংলাদেশী নাগৰিকসকলক চুবুৰীয়া দেশখনলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্রত কঠোৰ হ’বই লাগিব৷ আমেৰিকাৰ অবৈধ নাগৰিকসকলক খেদি পঠিওৱাৰ বাবে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গ্রহণ কৰা পদক্ষেপৰ দৰে সিদ্ধান্ত আমাৰ দেশেও লোৱা উচিত৷ অবৈধ বাংলাদেশী লোকসকলক পলাতক হৈ থকাৰ সুযোগ দিব নালাগে৷ বিচাৰ প্রক্রিয়া চলি থকালৈকে ডেজিগনেটেড শিবিৰত ৰাখি আদালতৰ ৰায় অহাৰ লগে লগে বিতাড়ন কৰিব লাগে৷ দুর্ভাগ্যজনক এয়ে যে আইনগতভাৱে বিদেশী চিনাক্ত হোৱাৰ পিছতো যিসকল লোক পলাতক হৈ আছিল সেইসকলক বিতাড়ন প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে ৰাজ্যখনৰ একাংশ ৰাজনৈতিক দলে বিপৰীতমুখী স্থিতি লৈছে৷ ৰাজ্যখনৰ সামূহিক স্বার্থৰ বিপৰীতে স্থিতি গ্রহণ কৰা এই ৰাজনৈতিক দল–সংগঠনসমূহ চিনাক্ত কৰি খিলঞ্জীয়া লোকসকলে এঘৰীয়া কৰা উচিত৷