🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ তৎপৰতাক শলাগ ৰাইজৰ
বিশেষ বার্তা, ৩ জুন : নীপকোৱে হঠাৎ পানী এৰি দিয়াৰ ফলত ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছিল লখিমপুৰ জিলাৰ আমতলাৰ ১২খনকৈ গাঁৱত। কালি দোপালপিটা বৰষুণক আওকাণ কৰি বোকা–পানী গছকি লখিমপুৰৰ উক্ত গাঁওকেইখনৰ বন্যার্তৰ কাষত থিয় দিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রী ড০ শর্মাই নীপকোসৃষ্ট বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদর্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে দুর্দশাগ্রস্ত লোকৰ অৱস্থা অনুধাৱন কৰি বন্যার্তক পর্যাপ্ত সহায়ৰ আশ্বাস দিয়ে৷ সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী পীয়ূষ হাজৰিকায়ো পৰিদৰ্শন কৰিছিল বানবিধ্বস্ত উক্ত অঞ্চলসমূহ। ৰাইজে সেই সময়ত মুখ্যমন্ত্ৰীক আমতলাৰ যি মথাউৰি আছিল তাৰ চেনেল কাটিং কৰি পানী উলিয়াই দি ৰাইজক সকাহ দিয়াৰ বাবে এক আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১২ ঘণ্টা নৌহওঁতেই যোৱানিশা আমতলাৰ যি মথাউৰি আছিল তাৰ চেনেল কাটিং কৰি পানী উলিয়াই দি ৰাইজক সকাহ দিয়ে। এই কাৰ্যত উক্ত অঞ্চলৰ ৰাইজে কিছু সকাহ পোৱা বুলি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ এই তৎপৰতাক শলাগ লৈছে।