মার্কিন গৱেষকে সৌৰজগতত আৱিষ্কাৰ কৰিলে নতুন ‘বামন’ গ্রহ
🔹 সূর্যক প্রদক্ষিণ কৰিবলৈ সময় লাগে ২৪ হাজাৰ বছৰ
নিউজ ডেস্ক, ৩ জুন : সৌৰজগতত পোৱা গ’ল নতুন এটা ‘বামন’ গ্রহৰ সন্ধান! ইয়াৰ পূর্বে সৌৰজগতৰ য’ত শূন্যস্থান আছে বুলি ধাৰণা কৰা হৈছিল, তাত এই নতুন ‘মহাজাগতিক বস্তু’ৰ সন্ধান পাইছে মার্কিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে৷ এই গ্রহৰ নাম ‘২০১৭অ’এফ২০১’৷ গ্রহটোৰ বৈশিষ্ট্য পৰীক্ষা কৰি মার্কিন গৱেষকসকল নিশ্চিত হৈছে যে সৌৰজগতৰ গ্রহ প্লুটোৰ সৈতে ইয়াৰ সাদৃশ্য আছে৷ নিউয়র্ক টাইমছৰ এক প্রতিবেদনত নতুন এই ‘বামন’ গ্রহৰ আৱিষ্কাৰৰ বিষয়টো সন্দর্ভত সবিশেষ প্রকাশ পাইছে৷ এই আৱিষ্কাৰৰ নেপথ্যত আছে প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছিহাও চেং আৰু তেওঁৰ দুজন ছাত্র৷ যদিও তিনিওজন গৱেষকৰ এই আৱিষ্কাৰৰ তথ্যৰ কথা বিজ্ঞানীসকলে প্রকাশ কৰা নাই, তথাপি এয়া সত্য বুলি ধাৰণা কৰা হৈছে৷ এই গ্রহটোৱে সূর্যক এবাৰ প্রদক্ষিণ কৰিবলৈ সময় লাগে ২৪ হাজাৰ বছৰ৷ অর্থাৎ সৌৰজগতত যি নৱম গ্রহৰ পূর্ব ধাৰণা আছিল, সেয়া ভংগ হোৱাৰ সম্ভাৱনা আছে৷