বিশ্ব পৰিৱেশ দিৱস -ৰ বার্তা
বিশ্ব পৰিৱেশ দিৱস -ৰ বার্তা
পৃথিৱী গ্রহক জীৱৰ বসবাসৰ উপযোগী কৰি ৰাখিবলৈ ৰাষ্ট্রসংঘৰ মজিয়াত ১৯৭২ চনতেই গ্রহণ কৰা হৈছিল এক সংকল্প৷ প্রদূষণমুক্ত পৃথিৱীৰ এই সংকল্পৰ মূল বার্তা আছিল পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ ছুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ মানৱ পৰিৱেশ শীর্ষক সন্মিলনত সিদ্ধান্ত গ্রহণ কৰা হয় যে প্রতি বছৰে পাঁচ জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হ’ব৷ ইয়াৰ জৰিয়তে সৃষ্টি কৰা হ’ব পৰিৱেশ সম্পর্কত সজাগতা৷ কিন্তু বছৰি পালন কৰি অহা হৈছে বিশ্ব পৰিৱেশ দিৱস৷ পৃথিৱী গ্রহক জীৱৰ বসবাসৰ উপযুক্ত কৰি ৰাখিবলৈ প্রতি বছৰে গ্রহণ কৰি অহা হৈছে ইটোৰ পিছত সিটো সংকল্প৷ প্রতি বছৰে বিশ্বৰ একোখন দেশত আন্তর্জাতিকভাৱে পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে বিভিন্ন নীতি গ্রহণ কৰা হয়৷ এইবাৰো প্লাষ্টিকমুক্ত পৃথিৱীৰ সংকল্পৰে দক্ষিণ কোৰিয়াত আয়োজন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস৷ কিন্তু এনে সংকল্প আৰু অন্তহীন নির্দেশনাৰ দস্তাবেজে প্রদূষণৰ পৰা পৃথিৱীক মুক্ত কৰিব পাৰিছে জানো? প্রকৃতার্থত এই দিৱসৰ জৰিয়তে সজাগতা সৃষ্টি কৰিলেও তাক মানৱ জাতিয়ে পালন কৰিছে জানো? বিশ্ব পৰিৱেশ দিৱসৰ প্রাকক্ষণত এনে বহু প্রশ্ন বাৰে বাৰে উত্থাপন হৈ আহিছে৷ পৃথিৱীজুৰি বছৰি চাৰিশ নিযুত টনতকৈও অধিক প্লাষ্টিক উৎপাদন কৰা হয়৷ এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ প্রায় ৫০ শতাংশ অর্থাৎ মুঠ উৎপাদনৰ আধা এবাৰহে ব্যৱহাৰ কৰিব পাৰি৷ এবাৰ ব্যৱহাৰ কৰাৰ পাছত এই প্লাষ্টিক হৈ পৰে ভয়াৱহ আৱর্জনা৷ আৱর্জনা হৈ পৰা প্লাষ্টিকক পুনৰ গ্রহণযোগ্য সামগ্রীলৈ পৰিৱর্তন কৰাৰ চিন্তা–চর্চা দীর্ঘদিন ধৰি চলি আহিছে৷ কিন্তু ইয়াৰ ভিতৰত মাত্র দহ শতাংশহে পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাটো সম্ভৱ হৈছে৷ অর্থাৎ ৪০ শতাংশ প্লাষ্টিক আৱর্জনা প্রতি বছৰে পৃথিৱীৰ প্রদূষণৰ বাবে ভয়াৱহ উপাদান হিচাপে চিহ্ণিত হৈ আহিছে৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে আৱর্জিত প্লাষ্টিকৰ প্রতি বছৰি ১১ নিযুত টনতকৈ অধিক গৈ জমা হয় বিভিন্ন জলাশয়, নদী আৰু সমুদ্রত৷ অর্থাৎ স্থলভাগৰ লগতে এই প্লাষ্টিক আৱর্জনাই জলভাগতো সৃষ্টি কৰিছে ভয়ংকৰ বিপদ৷ ১৯৭২ৰ সিদ্ধান্ত অনুসৰি ১৯৭৩ চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে৷ এই দিৱসৰ এটাই মাত্র লক্ষ্য, সেয়া হৈছে– ‘এখন পৃথিৱী’৷
এখন মাত্র পৃথিৱী জীৱজগতৰ বাবে, এখন মাত্র পৃথিৱী সুস্থ পৰিৱেশৰ বাবে, এখন মাত্র পৃথিৱী ভৱিষ্যৎ প্রজন্মৰ বাবে৷ কিন্তু এই বার্তা কাগজে–কলমে অক্ষত আছে যদিও মানৱসৃষ্ট ভয়াৱহ কাৰকে এতিয়া পৃথিৱী গ্রহক জীৱৰ বসবাসৰ অনুপযোগী কৰি তুলিছে৷ পৰিৱেশ দিৱসত বিশ্বৰ কোটি কোটি লোকে পৃথিৱী গ্রহক প্রদূষণমুক্ত কৰি ৰখাৰ সংকল্প এইবাৰো গ্রহণ কৰিব৷ কিন্তু ইয়াৰ বার্তা বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে কেনেদৰে গ্রহণ কৰিব, সেয়াহে লক্ষণীয় বিষয়৷ বিভিন্ন দেশত প্লাষ্টিকৰ ব্যৱহাৰত সঘনে নিষেধাজ্ঞা আৰোপ কৰা হয়৷ সময়ত আকৌ চৰকাৰেই সেই নিষেধাজ্ঞা প্রত্যাহাৰ কৰে৷ পৰিণতিত প্লাষ্টিক আৱর্জনাক প্রতিৰোধ কৰাৰ ক্ষেত্রত কোনো এখন দেশেই বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিব পৰা নাই৷ অকল সেয়াই নহয়, প্রকৃতিৰ ওপৰত মানৱ সভ্যতাৰ ঊর্ধ্বমুখী চাপ এনে ভয়াৱহ ৰূপ আহি পৰিছে যে গোলকীয় উষ্ণতা বৃদ্ধিয়ে এতিয়া সমগ্র পৃথিৱীত সৃষ্টি কৰিছে সংকট৷ বিভিন্ন উৎপাদন ক্ষেত্রৰ পৰা অহৰহ নিঃসৰণ হৈ থকা গ্রীন হাউছ গেছৰ মাত্রা হ্রাস কৰাৰ বাবে প্রতি বছৰে ৰাষ্ট্রসংঘৰ উদ্যোগত জলবায়ু সন্মিলনসমূহত বিভিন্ন নীতি গ্রহণ কৰি অহা হৈছে৷ কিন্তু ৰাষ্ট্রসংঘৰ এই জলবায়ু সন্মিলনে গ্রহণ কৰা সিদ্ধান্ত আজিলৈকে কার্যকৰী হোৱা নাই৷ পৰিণতিত সমগ্র পৃথিৱী এতিয়া এক ভাৰসাম্যহীন জলবায়ৱিক অৱস্থাৰ সন্মুখীন হৈছে৷ পৃথিৱীৰ কোনো প্রান্ত যদি অভাৱনীয় গ্রীষ্মৰ কবলত পৰিছে, তেন্তে অন্য কোনো প্রান্তত চলিছে হিমশীতল পৰিৱেশ৷ সঘনে ধুমুহা–বৰষুণ, খৰাং আদিয়ে পৃথিৱীৰ প্রান্তে প্রান্তে সৃষ্টি কৰিছে দুর্যোগ৷ এল নিনোৰ দৰে পৰিঘটনাই বিভিন্ন দেশক বান আৰু খৰাং উপহাৰ দিছে৷ এই সকলো কাৰকৰ বিৰুদ্ধেও সজাগতা সৃষ্টিৰ মূল বার্তা আছিল বিশ্ব পৰিৱেশ দিৱসত৷ কিন্তু এই বার্তাক নামানি মানৱ জাতিয়ে নিজেই এই বিশ্বৰ পৰিৱেশ ধাৰাবাহিকভাৱে ধ্বংস কৰি আহিছে৷ বিশ্ব পৰিৱেশ দিৱসৰ মুহূর্তত এয়া অতি দুঃখজনক বার্তা৷