নাছিকত ২০২৬ৰ অক্টোবৰৰ পৰা ২১ মহীয়া সিংহস্ত কুম্ভমেলা
২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই কুম্ভকলা৷ ২১ মাহ ধৰি চলিব এই কুম্ভমেলা৷ ২০২৮ চনৰ ২৪ জুলাইত আনুষ্ঠানিকভাৱে সামৰণি পৰিব এই দীঘলীয়া কুম্ভমেলাৰ
নাছিকত ২০২৬ৰ অক্টোবৰৰ পৰা ২১ মহীয়া সিংহস্ত কুম্ভমেলা
নিউজ ডেস্ক, ৫ জুন : কেইমাহমান পূর্বে উত্তৰ প্রদেশৰ প্রয়াগৰাজত শেষ হৈছে মহাকুম্ভ মেলা৷ ইয়াৰ মাজতে পৰৱর্তী কুম্ভমেলাৰ বাবে প্রস্তুতি আৰম্ভ হৈছে৷ আগন্তুক বছৰত কুম্ভমেলা আৰম্ভ হ’ব মহাৰাষ্ট্রৰ নাছিকত৷ এই কুম্ভমেলা অৱশ্যে মহাকুম্ভ নহয়, এয়া হ’ব সিংহস্ত কুম্ভমেলা৷ নাছিক আৰু ত্র্যম্বকেশ্বৰত আয়োজিত হ’ব এই সিংহস্ত কুম্ভমেলা৷
২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই কুম্ভকলা৷ ২১ মাহ ধৰি চলিব এই কুম্ভমেলা৷ ২০২৮ চনৰ ২৪ জুলাইত আনুষ্ঠানিকভাৱে সামৰণি পৰিব এই দীঘলীয়া কুম্ভমেলাৰ৷ হিন্দু ধর্মত কুম্ভমেলাৰ গুৰুত্ব অপৰিসীম৷ কুম্ভমেলাৰ বিশেষ দিনত পুণ্যস্নান কৰিলে পাপ মোচন হয় বুলি প্রচলিত বিশ্বাস৷
কুম্ভমেলাত যে অকল সমগ্র দেশৰ ভক্তৰ সমাৱেশ ঘটিব তেনে নহয়, বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা বহু লোকে কুম্ভমেলাত অংশগ্রহণ কৰি বর্ণিল অভিজ্ঞতা লয়৷ এক কথাত ক’বলৈ গ’লে এয়া অকল হিন্দু ধর্মৰ অনুষ্ঠানেই নহয়, ইয়াত লাখ লাখ লোকৰ সমাগম ঘটে৷ অর্থাৎ লাখ লাখ লোকৰ মিনলস্থলীত পৰিণত হয় কুম্ভমেলা৷ সিংহস্তক কুম্ভমেলা প্রতি বাৰ বছৰৰ মূৰত এবাৰ আয়োজন কৰা হয়৷