নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰ : ঘৰ-গাড়ীকে ধৰি সকলো Loan-EMI হব সস্তা, ৰেপো ৰেট কৰ্তন

বিগত ছমাহত আৰ বি আইয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট কৰ্তন। চলিত বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল আৰু তাৰ পিছত এপ্ৰিল মাহত পুনৰ ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল

ভাল খবৰ : ঘৰ-গাড়ীকে ধৰি সকলো Loan-EMI হব সস্তা, ৰেপো ৰেট কৰ্তন

ঋণ লোৱা বা ঋণত ইএমআই দিয়া লোকসকলৰ বাবে এইটো এটা ডাঙৰ সকাহৰ খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে বজাৰৰ আশাতকৈ অধিক কৰ্তন কৰিছে ৰেপো ৰেট। ৪ জুনৰ পৰা আৰম্ভ হোৱা আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ দুদিনীয়া বৈঠকৰ অন্তত গৱৰ্নৰ সঞ্জয় মালহোত্ৰাই ৫০ বেচিছ পইণ্ট অৰ্থাৎ ০.৫০ শতাংশ ডাঙৰ কৰ্তনৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত এতিয়া ৰেপো ৰেট ৫.৫ শতাংশলৈ হ্ৰাস পাইছে।

বিগত ছমাহত আৰ বি আইয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট কৰ্তন। চলিত বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল আৰু তাৰ পিছত এপ্ৰিল মাহত পুনৰ ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল। ইয়াৰ পিছত ৰেপোৰ হাৰ ৬ শতাংশলৈ নামি আহিল।

সকলো ধৰণৰ ঋণ আৰু ইএমআই সস্তা হ’ব

কেন্দ্ৰীয় বেংকৰ এই সিদ্ধান্তৰ পিছত কাৰ-হোমকে ধৰি সকলো ধৰণৰ ঋণ সস্তা হ’ব। আৰ বি আইৰ গৱৰ্নৰ সঞ্জয় মালহোত্ৰাই ৰেপো ৰেট কৰ্তন কৰাৰ সময়তে কয় যে তেওঁৰ এই পদক্ষেপে দেশৰ ভিতৰৰ বিনিয়োগকাৰীক যথেষ্ট সুযোগ প্ৰদান কৰিব। বিশ্বৰ বৃদ্ধিৰ লেহেমীয়া গতিৰ মাজতে ভাৰতীয় অৰ্থনীতি শক্তিশালী হ’ব। লগতে ঘৰুৱা চাহিদা আৰু অধিক শক্তিশালী হ’ব।

তেওঁ কয় যে মুদ্ৰানীতিৰ বৈঠকৰ সময়ত এছডিএফৰ হাৰ ৫.৭৫ শতাংশৰ পৰা ৫.২৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। একে সময়তে এম এছ এফৰ হাৰো ৬.২৫ শতাংশৰ পৰা ৫.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আৰ বি আইৰ গৱৰ্নৰগৰাকীয়ে নগদ সংৰক্ষিত অনুপাত অৰ্থাৎ চি আৰ আৰ ১০০ বেচিছ পইণ্ট চাৰি শতাংশৰ পৰা ৩ শতাংশলৈ হ্ৰাস কৰিছে।

অৰ্থনীতি ত্বৰান্বিত হোৱাৰ আশা কৰা হৈছে

আৰ বি আইয়ে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস কৰাৰ এই সিদ্ধান্ত এনে সময়ত লোৱা হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ এলুমিনিয়াম আৰু তীখাৰ ওপৰত শুল্ক হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰিছে। ভাৰত এই দুয়োটা সামগ্ৰীৰ প্ৰধান ৰপ্তানিকাৰক হৈ আহিছে। এনে পৰিস্থিতিত ভাৰতৰ বাবে এইটো এটা ডাঙৰ বিপৰ্যয় বুলি গণ্য কৰা হৈছিল।

সঞ্জয় মালহোত্ৰাই আশা প্ৰকাশ কৰিছে যে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে এই বৃদ্ধিৰ হাৰ ৬.৫ শতাংশত থাকিব।প্ৰথম ত্ৰৈমাসিকত দেশৰ বৃদ্ধিৰ হাৰ ৬.৫%, দ্বিতীয় ত্ৰৈমাসিকত ৬.৭%, তৃতীয় ত্ৰৈমাসিকত ৬.৬% আৰু চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধিৰ হাৰ ৬.৩% হ’ব পাৰে।

You might also like