নলবাৰীত জাপানীজ এনকেফেলাইটিছ-ৰ আতংক, এজনৰ মৃত্যু
মাৰাত্মক এই ৰোগ বিধত জিলা খনৰ নলবাৰী সমষ্টিৰ অগ্নিশালা অঞ্চলৰ হিতেশ গোস্বামী নামৰ যুৱক জন বিগত ৪/৫ দিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল
নলবাৰীত জাপানীজ এনকেফেলাইটিছ-ৰ আতংক, এজনৰ মৃত্যু
বিশেষ বাৰ্তা, ৬ জুন : জাপানীজ এনকেফেলাইটিজ আৰু একেফেলাইটিজ সদৃশ ৰোগত বহু ৰোগ আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাখনতো এই ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে জিলাখনৰ অগ্নিশালা অঞ্চলৰ হিতেশ গোস্বামী (৪০) নামৰ এজন যুৱকৰ যোৱা নিশা মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতো জিলাখনৰ স্বাস্থ্য বিভাগে সজাগতা অৱলম্বন নকৰাৰ অভিযোগ উঠিছে। মাৰাত্মক এই ৰোগ বিধত জিলা খনৰ নলবাৰী সমষ্টিৰ অগ্নিশালা অঞ্চলৰ হিতেশ গোস্বামী নামৰ যুৱক জন বিগত ৪/৫ দিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল।
সাধাৰণ জ্বৰ বুলি চিকিৎসকৰ ওচৰত চিকিৎসা কৰোৱা নাছিল। পিছত জ্বৰে বিষম ৰূপ লোৱাত হিতেশ গোস্বামীক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসাললৈ নিয়া হয়। পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে যদিও যোৱানিশা যুৱক জনৰ জাপানীজ এনকেফেলাইটিজত অকাল মৃত্যু হয় বুলি পৰিয়ালে সদৰি কৰিছে।
যুৱক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ পৰিছে।জাপানীজ এনকেফেলাইটিজত আক্ৰান্তহৈ অকালতে যুৱকজনে মৃত্যুক আকোৱালী লোৱা ঘটনাই জনগনক আতংকিত কৰি তুলিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন