নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ মাটিত ৰাফেল যুদ্ধ বিমান নির্মাণ কৰিব টাটাই

🔹 ভাৰতৰ মাটিত ৰাফেল যুদ্ধ বিমান নির্মাণ কৰিব টাটাই

🔹 ফ্রান্সৰ ডাছো এভিয়েচনৰে চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক, ৬ জুন : ফ্রান্সৰ ৰাফেল যুদ্ধ বিমান এইবাৰ নির্মাণ হ’ব ভাৰতৰ মাটিত৷ ডাছো এভিয়েচনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে টাটা গোষ্ঠীয়ে৷ চুক্তি অনুসৰি এই যুদ্ধ বিমান নির্মাণ হ’ব ‘টাটা এডভাঞ্চড ছিষ্টেমছ লিমিটেড’ত৷ হায়দৰাবাদত থকা টাটাৰ এই কাৰখানাত নির্মাণ কৰা হ’ব ৰাফেল যুদ্ধ বিমান৷ টাটা গোষ্ঠীৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই কথা৷ চুক্তি অনুসৰি ২০২৮ চনৰ পৰা হায়দৰাবাদস্থিত কাৰখানাত ৰাফেল যুদ্ধ বিমানৰ নির্মাণকার্য আৰম্ভ হ’ব৷ প্রতিমাহত দুখনকৈ যুদ্ধ বিমানৰ মূল গাঁথনি নির্মাণ কৰা হ’ব এই কাৰখানাত৷ লক্ষণীয়ভাৱে ভাৰতীয় সেনাৰ লগতে অন্য দেশসমূহেও টাটাৰ কাৰখানাত নির্মাণ হ’বলগীয়া ৰাফেল যুদ্ধ বিমান সৰবৰাহ কৰিব বুলি টাটাৰ সূত্রই সদৰী কৰিছে৷ কেইবছৰমান পূর্বে স্পেইনৰ সংস্থা ‘এয়াৰ বাছ ডিফেঞ্চ এণ্ড স্পেচ’ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল টাটাই৷ সেইবাৰ চি–২৯৫ বিমান ভাৰতত নির্মাণৰ চুক্তি স্বাক্ষৰ কৰিছিল টাটা গোষ্ঠীয়ে৷ এইবাৰ ৰাফেল যুদ্ধ বিমান নির্মাণৰ চুক্তি কৰিলে দেশৰ সংস্থাটোৱে৷

You might also like