নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ বছৰত চৰম দৰিদ্রতাৰ পৰা মুক্ত ২৬.৯ কোটি লোক

🔹 বিশ্ব বেংকৰ প্রতিবেদনত মোদী চৰকাৰক প্রশংসা

নিউজ ডেস্ক, ৮ জুন : প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ কার্যকালত অর্থাৎ ১১ বছৰত ২৬.৯ কোটি লোক চৰম দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷ বিশ্ব বেংকৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ প্রতিবেদনৰ মতে, ২০১১–১২ চনত ভাৰতত চৰম দৰিদ্রতাৰ হাৰ আছিল ২৭.১ শতাংশ৷ ২০২২–২৩ বর্ষত দেশখনত চৰম দৰিদ্রতাৰ হাৰ ৫.৩ শতাংশলৈকে হ্রাস পাইছে৷ ২০১১–১২ চনত দেশখনত ৩৪৪.৪৭ নিযুত লোক চৰম দৰিদ্রতাত বসবাস কৰিছিল৷ ২০২২–২৩ বর্ষত ইয়াৰ সংখ্যা হ্রাস পাই ৭৭.২৪ নিযুত হৈছে৷ বিশ্ব বেংকে প্রতিবেদনত দৰিদ্রতা নির্মূল কৰিবলৈ মোদী নেতৃত্বাধীন চৰকাৰে গ্রহণ কৰা পদক্ষেপক ভূয়সী প্রশংসা কৰিছে৷

প্রতিবেদন অনুসৰি, ২০২২–২৩ বর্ষত উত্তৰ প্রদেশ, মহাৰাষ্ট্র, বিহাৰ, পশ্চিমবংগ আৰু মধ্যপ্রদেশত চৰম দৰিদ্রতাত বাস কৰা লোকৰ সংখ্যা হ্রাস পাইছে৷ ২০১১–১২ বর্ষত ভাৰতৰ চৰম দৰিদ্রতাত বসবাস কৰা মুঠ লোকৰ ৬৫ শতাংশই উল্লিখিত ৰাজ্যকেইখনৰ আছিল৷ বিগত ১১ বছৰত এই ৰাজ্যকেইখনত দুই তৃতীয়াংশ চৰম দৰিদ্রতাত বাস কৰা লোকৰ সংখ্যা হ্রাস পাইছে৷

উল্লেখ্য যে বিশ্ব বেংকে নির্ধাৰণ কৰা অনুসৰি গ্রাম্য আৰু চহৰাঞ্চলত প্রতিদিনে ৩ মার্কিন ডলাৰ আয়ৰ অধীনত থকা লোকসকলক চৰম দৰিদ্রতাত বাস কৰা বুলি নির্ধাৰণ কৰা হয়৷ মন কৰিবলগীয়া যে ২০১৭ চনত প্রতিদিনে ২.১৫ মার্কিন ডলাৰ আয় কৰা লোকসকলক চৰম দৰিদ্রতাত বাস কৰা বুলি ধৰা হৈছিল৷ ২০২১ চনত সংশোধন কৰি ৩ মার্কিন ডলাৰ আয় ধার্য কৰে৷ বিশ্ব বেংকে প্রকাশ কৰা প্রতিবেদনত ভাৰতে মাল্টি ডায়মনচনেল প’ভার্টী ইনডেক্স হ্রাস কৰিবলৈ সক্ষম হৈছে৷

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে ১১ বছৰ সম্পূর্ণ কৰাৰ সময়তে বিশ্ব বেংকে প্রকাশ কৰা প্রতিবেদনত দেশখনৰ ২৬.৯ কোটি লোক চৰম দৰিদ্রতাৰ পৰা মুক্ত হোৱাৰ তথ্য প্রকাশ পাইছে৷ মোদী চৰকাৰে দৰিদ্রতাৰ পৰা মুক্ত কৰিবলৈ জনগণৰ হিতার্থে বিভিন্ন কার্যসূচী গ্রহণ কৰাৰ লগতে আন্তঃগাঁথনি আৰু দৰিদ্র জনতাক সবলীকৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ এইক্ষেত্রত প্রধানমন্ত্রী আৱাস যোজনা, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, জনধন যোজনা আৰু আয়ুষ্মান ভাৰত উল্লেখযোগ্য৷

You might also like