চীনত চিনাক্ত ক’ৰোনাৰ নতুন প্রজাতি
🔹 চীনত চিনাক্ত ক’ৰোনাৰ নতুন প্রজাতি
🔹 পুনৰ বিশ্বজুৰি অতিমাৰীৰ আশংকা
🔹 মৃত্যু হ’ব পাৰে লক্ষ লক্ষ লোকৰ
নিউজ ডেস্ক, ৮ জুন : চীনত প্রাদুর্ভাৱ ঘটা ক’ভিড–১৯ৰ সংহাৰী ৰূপত ত্রাসিত বিশ্ববাসীয়ে স্বস্তিৰ নিশ্বাস পাবলৈ সক্ষম হোৱাৰ পাছত পুনৰ চীনত নতুনকৈ চিনাক্ত হৈছে ক’ৰোনাৰ নতুন প্রজাতি৷ এইচ কে ইউ ৫.কোভ–২ নামৰ মাৰাত্মক ভাইৰাছটোৰ সংক্রমণ আৰম্ভ হ’লেই ই ভয়াৱহ ৰূপ লৈ পুনৰ বিশ্বজুৰি অতিমাৰীৰ আশংকাৰ কাৰণ হৈ উঠিব৷ চীনা বিজ্ঞানী এগৰাকীয়ে দেশখনত নতুনকৈ চিনাক্ত হোৱা এইচ কে ইউ ৫.কোভ–২ নামৰ মাৰাত্মক ভাইৰাছটো সন্দর্ভত সতর্কবাণী জাৰি কৰিছে৷
চীনা বিজ্ঞানীগৰাকীয়ে প্রকাশ কৰা মতে, নতুন প্রজাতিৰ এইচ কে ইউ ৫.কোভ–২ৰ সংক্রমণ হ’লেই ই দ্রুতগতিত বৃদ্ধি হ’ব আৰু ইয়াক প্রতিৰোধ কৰাৰ ক্ষেত্রত জটিলতা বাঢ়ি যাব৷ সংক্রমণ বৃদ্ধি হ’লেই লাখ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে৷ এনে হ’লেই পুনৰ বিশ্ববাসী লকডাউনৰ সন্মুখীন হ’ব লাগিব৷
মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ ত্রাস বিশ্ববাসীয়ে প্রায় পাহৰি যোৱাৰ ক্ষণতে চীনকে ধৰি এছিয়াৰ কেইবাখনো দেশত ক’ৰোনাৰ নতুন উপ–প্রকৰণৰ সংক্রমণ আৰম্ভ হৈছে৷ ভাৰততো ক’ৰোনা ভাইৰাছৰ নতুন প্রকৰণ এনবি ১.৮.১ আৰু জেএন ১ৰ সংক্রমণত আক্রান্ত ৰোগীৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে৷ ইতিমধ্যে এই ৰোগীৰ সংখ্যাই ৫ হাজাৰ অতিক্রম কৰিছে৷ এই প্রকৰণকেইটাৰ ভয়াৱহতা অধিক নহয় বুলি চিকিৎসা বিজ্ঞানীসকলে প্রকাশ কৰিলেও চীনত পুনৰ নতুনকৈ চিনাক্ত হোৱা ক’ৰোনাৰ প্রজাতিয়ে ভয়াৱহত নমাই আনিব বুলি শংকা ব্যক্ত কৰিছে৷
চীনৰ বিজ্ঞানীগৰাকীয়ে প্রকাশ কৰা মতে, নতুন ভাইৰাছটোত আক্রান্ত হোৱাৰ পিছত মৃত্যু হোৱা লোকৰ সংখ্যা এক তৃতীয়াংশ৷ অর্থাৎ এই ভাইৰাছটোৱে সংক্রমণ কৰাৰ পিছত মৃত্যুৰ শংকা থাকে৷ তাৎপর্যপূর্ণ যে ২০২০ চনত ক’ভিড–১৯ৰ অতিমাৰীৰ সময়তে চীনৰ এটা গৱেষণাত নতুনকৈ চিনাক্ত হোৱা ভাইৰাছটোৰ পৰীক্ষা চলোৱা হৈছিল৷ সেই ভাইৰাছটো অতি সহজতে মানৱ দেহত সংক্রমিত হয় আৰু ই ভয়াৱহ ৰূপ ধাৰণ কৰে৷ ৱাশ্বিংটন ষ্টেট ইউনিভার্ছিটীৰ অধ্যাপক, গৱেষক মাইকেল লেটকে প্রকাশ কৰা মতে, এইচ কে ইউ ৫.কোভ–২ ভাইৰাছটোৰ সামান্য পৰিৱর্তন হ’লেই মানৱ দেহত প্রৱেশ কৰি ই দ্রুতগতিত সংক্রমিত হয়৷ চীনত নতুনকৈ চিনাক্ত হোৱা ক’ৰোনা ভাইৰাছৰ প্রজাতিটোক লৈ বিজ্ঞানীয়ে দিয়া সতর্কবাণীয়ে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷