সম্পূর্ণৰূপে বন্ধ হৈ পৰিল ‘অপাৰেচন সিন্দূৰ’ত বিধ্বস্ত জইছৰ মুখ্য কার্যালয়
🔹 সম্পূর্ণৰূপে বন্ধ হৈ পৰিল ‘অপাৰেচন সিন্দূৰ’ত বিধ্বস্ত জইছৰ মুখ্য কার্যালয়
🔹 ‘জামিয়া মছজিদ সুভহান আল্লাহ’ বন্ধৰ তথ্য দিলে গুগল মেপে
নিউজ ডেস্ক, ৯ জুন : ‘অপাৰেচন সিন্দূৰ’–এ কঁকাল ভাঙি দিছে সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদৰ৷ পাকিস্তানৰ বাহাৱালপুৰত থকা জইছ–ই–মহম্মদৰ মুখ্য কার্যালয় সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ শেহতীয়াকৈ গুগল মেপে দিছে এই তথ্য৷ অপাৰেচন সিন্দূৰত ধূলিসাৎ হৈ যোৱা জইছৰ মুখ্য কার্যালয় ‘জামিয়া মছজিদ সুভহান আল্লাহ’ শেহতীয়াকৈ সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ পোহৰলৈ আহিছে তথ্য৷
সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, পাকিস্তানৰ বাহাৱালপুৰত অৱস্থিত জইছৰ এই সদৰ কার্যালয় ভাৰতীয় সীমান্তৰ পৰা প্রায় ১০০ কিলোমিটাৰ দূৰত অৱস্থিত৷ গুগল মেপে দিয়া তথ্য অনুসৰি, এই কার্যালয় এতিয়া সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ ইয়াৰ উপৰি উপগ্রহৰ ছবিয়েও অনুৰূপ তথ্য দিছে৷ পঞ্জাব প্রদেশৰ কেন্দ্রস্থলত অৱস্থিত জইছৰ এই মূল ঘাটি বন্ধ হোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে অপাৰেচন সিন্দূৰত বিস্তৰ ক্ষতিসাধন হৈছে পাক-আশ্রিত সন্ত্রাসবাদী সংগঠনটোৰ৷
পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পিছত যোৱা ৬ মে’ৰ নিশা ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্রাসবাদী শিবিৰত আক্রমণ চলাইছিল৷ এই আক্রমণত জইছৰ মূল ঘাটিৰ আটাইতকৈ বেছি ক্ষতিসাধন হৈছিল৷ লক্ষণীয়ভাৱে জইছৰ নেতা মাছুদ আজহাৰৰ পৰিয়ালৰ ১০গৰাকী সদস্য এই অভিযানত নিহত হৈছিল৷ ইয়াৰ পিছত ভাৰতৰ আতংকত জইছে মুখ্য কার্যালয় বন্ধ কৰি দিয়া বুলি ধাৰণা কৰা হৈছে৷
স্মর্তব্য যে দীর্ঘদিন ধৰি বাহাৱালপুৰতে আছিল জইছৰ মুখ্য কার্যালয়৷ এই কার্যালয়ৰ সৈতে আছিল জইছৰ শীর্ষ নেতাসকলৰ বাসস্থান৷ ভাৰতৰ আক্রমণত জইছৰ কেইবাগৰাকীও শীর্ষ নেতাৰ আশ্রয়স্থল সম্পূর্ণৰূপে বিধ্বস্ত হয়৷ অৱশ্যে বাহাৱালপুৰৰ মুখ্য কার্যালয় বন্ধ হোৱাৰ পিছত কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে পাকিস্তানৰ অন্য স্থানত মুখ্য কার্যালয় স্থাপন কৰিছে নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷