নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰা-ৰে সাক্ষাৎকাৰ

শিৱপ্রসাদ ঠাকুৰ, প্রযোজক তথা মোৰ সৰু দাদা তপোব্রত বৰুৱা, ড০ উপেন কাকতি, মুনীন বৰুৱা আদি ব্যক্তিসকলে ফাগুনী, বোৱাৰী আদিৰ নিচিনা সফল ছবি উপহাৰ দিছিল

বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰা-ৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪

অসমৰ সংগীত জগতৰ এটি সু–পৰিচিত আৰু জনপ্রিয় নাম মালবিকা বৰা৷ বিগত ৫০ বছৰৰো অধিক কাল সংগীতৰ সৈতে জড়িত থাকি সাংস্কৃতিক জগতখনলৈ অপৰিসীম বৰঙণি আগবঢ়াই অহা এইগৰাকী স্বনামধন্য শিল্পীয়ে ২৮খন অসমীয়া চলচ্চিত্রত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰি শ্রোতাৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পীৰূপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই এটা সময়ত ৰাষ্ট্রীয় পর্যায়ৰ টেবুল টেনিছ খেলুৱৈ আৰু নৃত্যশিল্পী হিচাপেও খ্যাতি অর্জন কৰিছিল৷ গোলাঘাটৰ এটি আঢ়্যৱন্ত পৰিয়ালত জন্মগ্রহণ কৰা শিল্পীগৰাকীৰ পিতৃ হিচাপে নগেন্দ্র নাথ বৰুৱা আৰু মাতৃ আছিল হেমপ্রভা বৰুৱা৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্রণৱিৰাম বৰুৱাৰ সৈতে নিজৰ প্রথমটো গান ৰেকর্ডিং কৰাৰ গৌৰৱ অর্জন কৰা মালবিকা বৰাই ‘ফাগুনী’ ছবিত কণ্ঠদান কৰা ‘মইনা চৰাইটি’, ‘বিচাৰিলোঁ সোণৰ খনি’ আৰু ‘পিতাইটি ঐ’ শীর্ষক গীতকেইটাই সমগ্র অসমত আলোড়ন সৃষ্টি কৰিছিল৷ বিবাহৰ পিছতো সংগীতৰ সাধনা অব্যাহত ৰখা মালবিকা বৰাই এতিয়াও চলচ্চিত্র, মঞ্চ, এলবাম আৰু বিভিন্ন চেনেলত নিয়মীয়াভাৱে গীত পৰিৱেশন কৰি আহিছে৷ এইগৰাকী দৰদী কণ্ঠশিল্পীৰ সোণসেৰীয়া সংগীত যাত্রাৰ বিভিন্ন দিশ সামৰি গ্রহণ কৰা এটি সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–

প্রায়সকল সফল ব্যক্তিৰ জীৱনত শৈশৱৰ পৰিৱেশে বিশেষ প্রভাৱ পেলোৱা পৰিলক্ষিত হয়৷ আপোনাৰ ক্ষেত্রত শৈশৱৰ প্রভাৱ পৰিছিল নেকি?

মোৰ জন্ম হৈছিল গোলাঘাট চহৰৰ বেঙেনাখোৱাত৷ সমগ্র অসমৰ ভিতৰতে সংস্কৃতি, ক্রীড়া, অভিনয় আদি ক্ষেত্রখনত গোলাঘাটৰ বিশেষ সুনাম আছে৷ আমি সৰুৰে পৰা গোলাঘাটৰ সাংস্কৃতিক জগতৰ সৈতে পৰিচিত হৈছিলোঁ৷ সেই সময়ত নিয়মীয়াভাৱে গোলাঘাটৰ পৰা অসমীয়া চলচ্চিত্র নির্মিত হৈছে৷ বিশিষ্ট চলচ্চিত্র পৰিচালক শিৱপ্রসাদ ঠাকুৰ, প্রযোজক তথা মোৰ সৰু দাদা তপোব্রত বৰুৱা, ড০ উপেন কাকতি, মুনীন বৰুৱা আদি ব্যক্তিসকলে ফাগুনী, বোৱাৰী আদিৰ নিচিনা সফল ছবি উপহাৰ দিছিল৷ তদুপৰি গোলাঘাটত ক্রীড়াৰ ক্ষেত্রতো এক সুন্দৰ পৰিৱেশ আছিল৷ জিলাখনৰ পৰা কেইবাগৰাকী খেলুৱৈয়ে ৰাষ্ট্রীয় পর্যায়ৰ সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল৷ তেনে এখন ঠাইৰ পৰিৱেশে নিশ্চিতভাৱে মোৰ জীৱনত বিশেষভাৱে প্রভাৱ পেলাইছিল৷ যাৰ বাবে চলচ্চিত্রত গীত গোৱাৰ উপৰি খেলা–ধূলাৰ লগতে নৃত্য জগতখনতো প্রৱেশ কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ৷

শৈশৱৰ পৰা আপুনি সংগীতৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আহিছে৷ এই জগতখনলৈ আপুনি কিদৰে আকর্ষিত হৈছিল৷ ঘৰখনত সংগীতৰ পৰিৱেশ আছিল নেকি?

আমাৰ ঘৰখনত সংগীতৰ এটি ভাল পৰিৱেশ আছিল৷ দেউতাই গান গোৱা নাছিল যদিও সুন্দৰ অভিনয় কৰিছিল৷ তদুপৰি তেওঁ আছিল এগৰাকী সুদক্ষ খেলুৱৈ৷ তেওঁ এগৰাকী অধিবক্তা আছিল আৰু গোলাঘাট পৌৰসভাৰ দীর্ঘদিন অধ্যক্ষ পদত নিয়োজিত হৈছিল৷ গোলাঘাটৰ ক্রীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ স্মৃতিত শেহতীয়াভাৱে গোলাঘাট ষ্টেডিয়ামৰ মূল পেভিলিয়নটো দেউতাৰ নামত উৎসর্গা কৰিছে৷ তেওঁ সন্তানসকলকো পঢ়া–শুনাৰ লগতে বিভিন্ন দিশত দক্ষ হোৱাটো বিচাৰিছিল আৰু আমাক উৎসাহ যোগাইছিল৷ দেউতাৰ উৎসাহতে আমি সংগীত, নৃত্য, ক্রীড়া আদিৰ প্রতি অনুৰাগী হৈ পৰিছিলোঁ৷ ডাঙৰ দাদা প্রিয়ব্রত বৰুৱা খুব ভাল গান গাইছিল৷ তেওঁক সেই সময়ত বিভিন্ন মঞ্চত গীত পৰিৱেশনো কৰিছিল৷ তেওঁৰ সৈতে ময়ো বিভিন্ন ঠাইত গীত গাইছিলোঁ৷ সৰু দাদা তপোব্রত বৰুৱায়ো সাংস্কৃতিক জগতখনত জড়িত হৈ পৰিছিল৷ ৭০ৰ দশকত ব্যাপক জনপ্রিয়তা অর্জন কৰা ‘বোৱাৰী’ ছবিখন তেওঁ প্রযোজনা কৰিছিল৷ আমাৰ ৫গৰাকী ছোৱালী আৰু দুগৰাকী দাদা৷ আমি সকলোৱে সংগীতৰ সৈতে জড়িত আছিলোঁ৷

আপুনি কেতিয়া প্রথম গীত ৰেকর্ডিং কৰিছিল?

১৭ বছৰ বয়সতে মই প্রথমবাৰৰ বাবে গীত ৰেকর্ডিং কৰাৰ সুযোগ পাইছিলোঁ৷ সৰুৰে পৰা মই মইনা পাৰিজাতত গীত গাইছিলোঁ৷ ১৯৭১ চনত ইপি ৰেকর্ডিঙত গীত গাবলৈ মোক পার্ৱতিপ্রসাদ বৰুৱাৰ সুসন্তান প্রণৱিৰাম বৰুৱাই আমন্ত্রণ জনাইছিল৷ তেওঁ আহি এদিন দেউতাক জনাইছিল যে মই ৰেকর্ডিঙৰ বাবে কলকাতালৈ যাব লাগে৷ এই প্রস্তাৱত মই যিমান আচৰিত হৈছিলোঁ তাতকৈ আনন্দিত হৈছিলোঁ বেছি৷ কাৰণ মোৰ সৈতে গীত গাইছিল প্রণৱিৰাম বৰুৱা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই৷ এনে দুগৰাকী বিশিষ্ট শিল্পীৰ সৈতে জীৱনৰ প্রথমটো গীতত ৰেকর্ডিং কৰাৰ সুযোগ পোৱাটো গৌৰৱৰ কথা৷ সেই স্মৃতি মই আজিও পাহৰিব নোৱাৰোঁ৷ অৱশ্যে ইয়াৰ এবছৰ পিছত অর্থাৎ মোৰ ১৮ বছৰ সম্পূর্ণ হোৱাত মই গুৱাহাটী অনাতাঁৰ কেন্দ্রত কণ্ঠ পৰীক্ষা দি উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছতে মই অসংখ্য চলচ্চিত্রৰ নেপথ্য শিল্পী হিচাপে গীত গাইছিলোঁ৷

বিগত প্রায় ৫টা দশকৰ অধিক কাল আপুনি সংগীতৰ সৈতে জড়িত হৈ আহিছে৷ সংগীতৰ এই বর্ণিল যাত্রা কিদৰে আৰম্ভ হৈছিল?

মই ওপৰত উল্লেখ কৰিছোঁ যে ১৯৭১ চনতে প্রথমটো গীত কলকাতাত ৰেকর্ডিং কৰিছিলোঁ৷ সেই হিচাপত মই সংগীত জগতত ৫৪ বছৰ অতিক্রম কৰিছোঁ৷ ১৯৭৩ চনত মই অনাতাঁৰ কেন্দ্রৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত অনাতাঁৰ কেন্দ্রত যথেষ্টসংখ্যক গীত পৰিৱেশন কৰিছিলোঁ৷ ১৯৭৫ চনত ডিব্রুগড় অনাতাঁৰ কেন্দ্র মুকলি হোৱাত মই গোলাঘাটৰ জীয়ৰী হোৱা বাবে তাত গীত পৰিৱেশন কৰিবলৈ লৈছিলোঁ৷ সেই সময়ত ডিব্রুগড়ত মই বহুসংখ্যক বিশিষ্ট সংগীতজ্ঞক লগ পাইছিলোঁ৷ তেওঁলোকৰ ভিতৰত ৰাজেন গোহাঁই, হীৰেন গোহাঁই, চৈয়দ চাদুল্লা, শংকৰ দাস আৰু প্রণৱিৰাম বৰুৱা অন্যতম৷ অৱশ্যে বিয়াৰ পিছত মই পুনৰ গুৱাহাটী অনাতাঁৰ কেন্দ্রত গীত পৰিৱেশন কৰিবলৈ লৈছিলোঁ৷ ১৯৭৮ চনত ফাগুনীৰ জৰিয়তে মই প্রথমবাৰৰ বাবে অসমীয়া চলচ্চিত্রত গীত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ ছবিখন গোলাঘাটৰ পৰা নির্মাণ কৰা হৈছিল বাবে মই গান গোৱাৰ সুযোগ পাইছিলোঁ৷ ছবিখনৰ পৰিচালক আছিল শিৱপ্রসাদ ঠাকুৰ আৰু সহকাৰী পৰিচালক আছিল মুনীন বৰুৱা৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৱাই এছ মুলকীয়ে৷ তেওঁৰ সংগীত পৰিচালনাত আৰু ড০ উপেন কাকতিয়ে লিখা গীতসমূহ সেই সময়ত যথেষ্ট জনপ্রিয় হৈছিল৷ মই ছবিখনত অকলে দুটা গীতত কণ্ঠদান কৰিছিলোঁ আৰু এটা গীত গাইছিলোঁ জয়ন্ত হাজৰিকাৰ সৈতে৷ ইয়াৰ পিছত মই ব্যাপক জনপ্রিয়তা অর্জন কৰা আন এখন চলচ্চিত্র বোৱাৰীৰ নেপথ্য শিল্পীৰূপে কণ্ঠদান কৰাৰ সুযোগ পাইছিলোঁ৷ এই দুখন ছবিৰ গীতসমূহে মোক শ্রোতাৰ মাজত যথেষ্ট পৰিমাণে পৰিচিত কৰিছিল আৰু পৰৱর্তী সময়ত মই ২৮খন ছবিত গীত পৰিৱেশন কৰাৰ উপৰি বিভিন্ন এলবাম আৰু ভিচিডিত কণ্ঠদান কৰিবলৈ সক্ষম হৈছোঁ৷

আপুনি সংগীতৰ উপৰি ক্রীড়া আৰু নৃত্যৰ সৈতেও জড়িত আছিল৷ এই বিষয়ে জনাব নেকি?

মই সৰুতে ধ্রুপদী সংগীতৰ প্রশিক্ষণ গ্রহণ কৰিছিলোঁ৷ সেই সময়ত মই সৰু আছিলোঁ বাবে ধ্রুপদী সংগীতৰ বিষয়ে বিশেষ জ্ঞান নাছিল৷ সেইবাবে মাজে মাজে মই বিৰক্ত হৈ পৰিছিলোঁ৷ যাৰ বাবে মই নৃত্যৰ প্রতি আকর্ষিত হৈছিলোঁ৷ মই প্রদীপ চলিহা ছাৰৰ অধীনত সত্রীয়া নৃত্য আৰু ভাৰত নাট্যমৰ লগতে সূত্রধাৰীও নাচিছিলোঁ৷ তদুপৰি মোৰ আন এগৰাকী নৃত্যৰ গুৰু আছিল ইন্দিৰা পি পি বৰা৷ এবাৰ মই নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসতো অজন্তা কলা মণ্ডলৰ হৈ নৃত্য পৰিৱেশন কৰিছিলোঁ৷ অৱশ্যে কিছুদিনৰ বাবে গান এৰি দিয়াৰ বাবে দেউতাই অসন্তুষ্টি প্রকাশ কৰিছিল৷ ইপিনে, মই স্কুলত পঢ়ি থকা সময়ৰ পৰা টেবুল টেনিছ খেলিবলৈ লৈছিলোঁ৷ গোলাঘাটত ক্রীড়াৰ এক পৰিৱেশ আছিল৷ ৰাষ্ট্রীয় টেবুল টেনিছ খেলুৱৈ মীনা বৰা, নন্দিনী বৰুৱা, মনালিছা বৰুৱাৰ দৰে তাৰকা খেলুৱৈৰ সৈতে মই খেলিছিলোঁ৷ বর্তমানৰ আন্তর্জাতিক খেলুৱৈ লাভলীনা বৰগোহাঁই আৰু নয়নমণি শইকীয়াও এই অঞ্চলৰে৷ গতিকে সেই ক্রীড়াৰ পৰিৱেশ থকা গোলাঘাটত মই টেবুল টেনিছ খেলৰ প্রতি আকর্ষিত হৈছিলোঁ৷ মই সেই সময়ত অসম টেবুল টেনিছ দলক ৰাষ্ট্রীয় প্রতিযোগিতাত প্রতিনিধিত্ব কৰাৰ সুযোগো লাভ কৰিছিলোঁ৷ অৱশ্যে বিয়াৰ পিছত হীৰেন শর্মা ছাৰৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰি ধ্রুপদী সংগীতৰ প্রশিক্ষণ সম্পূর্ণ কৰিছিলোঁ৷ ক্রীড়া আৰু নৃত্যৰ প্রতি আকর্ষিত হ’লেও মোৰ মূল আকর্ষণ আছিল সংগীত৷

আপুনি এইপর্যন্ত যথেষ্ট সংখ্যক চলচ্চিত্রত নেপথ্য শিল্পী হিচাপে গীত পৰিৱেশন কৰিছে? এই সময়ছোৱাত আপুনি লগ পোৱা বিশিষ্ট ব্যক্তিসকল কোন আছিল? প্রথমখন ছবিত গীত গাই কিমান পাৰিশ্রমিক লাভ কৰিছিল?

মই ফাগুনী ছবিৰে চলচ্চিত্রৰ নেপথ্য শিল্পীৰূপে আত্মপ্রকাশ কৰাৰ পিছত এইপর্যন্ত ছবিত কণ্ঠদান কৰি আহিছোঁ৷ এই সময়ছোৱাত মই ড০ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গার্গলৈকে অসংখ্য সংগীতজ্ঞৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছোঁ৷ তেওঁলোকৰ পৰা আহৰণ কৰা ন–ন অভিজ্ঞতাই মোৰ সংগীত জীৱন অধিক বর্ণময় কৰি তুলিছে৷ সম্প্রতি ব্যাপক জনপ্রিয়তা অর্জন কৰা ‘ভাইমন দা’ ছবিখনত মই গীত গোৱা মুনীন বৰুৱাৰ ‘মমতা’, ‘জংচন’, ‘বোৱাৰী’, ‘ঘৰ–সংসাৰ’, ‘প্রতিমা’ আৰু ‘হিয়া দিয়া নিয়া’ ছবিৰ বিষয়ে দেখুওৱা হৈছে৷ মই মিউজিক মেকার্ছৰ শ্রব্য কেছেটত বলীউডৰ আগশাৰীৰ শিল্পী কুমাৰ চানু আৰু অভিজিতৰ সৈতেও গান গোৱাৰ সুযোগ লাভ কৰিছোঁ৷ বিগত সময়ছোৱাৰ সৰু–বৰ অসংখ্য শিল্পীৰ সৈতে মই গীত পৰিৱেশন কৰিছোঁ৷ আমি গান গাবলৈ আৰম্ভ কৰা সময়ত বিশেষকৈ চলচ্চিত্রত গীত গালে পাৰিশ্রমিক দিয়াৰ নিয়ম নাছিল৷ ইয়াৰ বিনিময়ত প্রযোজকে আমাক এটা মূল্যৱান উপহাৰ আগবঢ়াইছিল৷ সেইখিনিক লৈয়ে আমি কৃতজ্ঞ আছিলোঁ৷ কাৰণ চলচ্চিত্রত গান গাবলৈ পোৱাটো যথেষ্ট গৌৰৱ আৰু সৌভাগ্যৰ কথা বুলি ভাবিছিলোঁ৷ সেই গানবোৰ অসমৰ শ্রোতা ৰাইজৰ মাজত অপৰিসীম জনপ্রিয় হৈ পৰিছিল আৰু আমাক এক নতুন পৰিচয় দিছিল৷

বিবাহৰ পিছত বহু শিল্পীৰ বাবে সাংস্কৃতিক জীৱন অব্যাহত ৰখা অসম্ভৱ হৈ পৰে৷ এইক্ষেত্রত আপুনি সমস্যাৰ সন্মুখীন হৈছিল নেকি?

মই বিয়াৰ পূর্বে পৰিয়ালৰ সকলো সদস্যৰ পৰা যিদৰে সহযোগিতা লাভ কৰিছিলোঁ বিয়াৰ পিছতো স্বামী পৰিয়ালৰ পৰাও অনুৰূপ সমর্থন পাইছিলোঁ৷ মোৰ গুৱাহাটীৰ প্রবীৰ কুমাৰ বৰাৰ সৈতে ১৯৭৯ চনত বিবাহ সম্পন্ন হৈছিলোঁ৷ তেওঁ পেছাত নুমলীগড় তেল শোধনাগৰৰ অভিযন্তা আছিল৷ সংগীতৰ সৈতে বিশেষ সম্পর্ক নাথাকিলেও তেওঁ মোক গান গোৱাৰ ক্ষেত্রত যথেষ্ট সহযোগিতা আগবঢ়াইছিল৷ মাজে মাজে মঞ্চত গীত পৰিৱেশনৰ সময়ত তেওঁ মোৰ লগত গৈছিল আৰু কেতিয়াবা কলিকতা, মুম্বাই আদিত গীতৰ ৰেকর্ডিং থাকিলে তালৈকো গৈছিল৷ চাকৰিৰ খাতিৰত যাব নোৱাৰিলে তেওঁ পৰিয়ালৰ অন্য লোকক মোৰ লগত পঠিয়াইছিল৷ সংগীতৰ ক্ষেত্রত শাহু আয়ে মোক আটাইতকৈ বেছি উৎসাহ দিছিল৷ তেওঁ নিজেও অতি সুন্দৰভাৱে চেতাৰ বজাইছিল৷ পিছত জানিব পাৰিছিলোঁ যে তেওঁ গীত শুনিয়েই মোক পছন্দ কৰিছিল৷

আপুনি সংগীত জীৱনৰ আৰম্ভণিতেই বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল৷ এই সম্পর্কীয় অভিজ্ঞতা সম্পর্কে জনাব নেকি?

মই দশম শ্রেণীত পঢ়ি থকা সময়তে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে গীত ৰেকর্ডিং কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ৷ ১৭ বছৰ বয়সতে ‘শাৰদী সন্ধিয়া জোনাকী মেল’ শীর্ষক গীতটো ৰেকর্ডিং কৰিছিলোঁ৷ তাতেই মই ড০ ভূপেন হাজৰিকা আৰু প্রণৱিৰাম বৰুৱাৰ সৈতে ‘আহিছে আজি নৱ জীৱনৰ ঢ়ল’ শীর্ষকগীতটোত কণ্ঠদান কৰিছিলোঁ৷ ইয়াৰ পূর্বে এখন গীতৰ প্রতিযোগিতাত প্রথম স্থান লাভ কৰাৰ পিছত বঁটা প্রদান কৰি ভূপেনদাই মোৰ কণ্ঠৰ ভূয়সী প্রশংসা কৰিছিল৷ তেওঁ মোৰ কণ্ঠত থলুৱা প্রভাৱ থকা বুলি কৈছিল৷ ইয়াৰ পিছত এইচএমভিৰ ইপি ৰেকর্ডিঙত তেওঁৰ সৈতে মই গান গাইছিলোঁ৷ পৰৱর্তী সময়ত তেওঁ সংগীত পৰিচালনা কৰা দুখন ছবি ক্রমে ‘প্রতিশোধ’ আৰু ‘মা’ত মোক গান গোৱাৰ সুযোগ দিছিল৷ আনগৰাকী বৰেণ্য শিল্পী জয়ন্ত হাজৰিকাৰ সৈতে গীত গোৱাটো মই জীৱনৰ আন এক গৌৰৱৰ মুহূর্ত বুলি অনুভৱ কৰোঁ৷ আমি তেওঁক ৰাণাদা বুলিয়ে মাতিছিলোঁ৷ ‘ফাগুনী’ত ৰাণাদাৰ সৈতে মই এটা গীত গাইছিলোঁ যদিও তেওঁ সুৰ কৰা বহু গীত ৰেডি’ত গাইছিলোঁ৷ সেই সময়ত তেওঁ অসমৰ সংগীত জগতৰ আকর্ষণৰ কেন্দ্রবিন্দু আছিল৷ তেওঁৰ জনপ্রিয়তা আছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ৷ অৱশ্যে ‘বোৱাৰী’ ছবিখনৰ মুক্তিৰ পিছতে তেওঁ আকস্মিকভাৱে এই সংসাৰৰ পৰা বিদায় লৈছিল৷ বোৱাৰী ছবিৰ গীতসমূহ গাইছিল তেওঁৰ ভ্রাতৃ সমৰ হাজৰিকাই৷ মাত্র ৩৪ বছৰ বয়সতে তেওঁ যিমানসংখ্যক গীতত কণ্ঠদান কৰিলে, বর্তমানলৈ তেওঁ জীয়াই থাকিলে হয়তো এক অভিলেখ সৃষ্টি হ’লহেঁতেন৷ ৰাণাদাৰ সৈতে মই সুৰ বাহিনীত যোগদান কৰি বিভিন্ন ঠাইত গান গাই ৰাইজৰ পৰা দুর্গতসকলৰ বাবে অর্থ সংগ্রহ কৰিছিলোঁ৷ সেই সময়ত সুৰ বাহিনীয়ে অসমৰ প্রতিগৰাকী লোকৰ ব্যাপক সঁহাৰি লাভ কৰিছিল৷ এনে ব্যক্তিসকলৰ সান্নিধ্য পোৱাটো সঁচাকৈয়ে সৌভাগ্যৰ বিষয়৷

বর্তমান প্রযুক্তিত ব্যাপক উন্নতি ঘটিছে৷ আপোনালোকে গাবলৈ আৰম্ভ কৰা সময়ত ৰেকর্ডিংকে ধৰি অন্য কামসমূহত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এই বিষয়ে কওকচোন?

আমাৰ সময়ত গান ৰেকর্ডিং কৰা যথেষ্ট কষ্টসাধ্য আছিল৷ আমি একেবাৰতে এটা গান সম্পূর্ণৰূপে ৰেকর্ডিং কৰিবলগীয়া হৈছিল৷ এতিয়াৰ নিচিনাকৈ খণ্ড খণ্ডকৈ গীত ডাবিং কৰিব পৰাকৈ প্রযুক্তিবিদ্যাৰ উন্নতি হোৱা নাছিল৷ আনকি কিছুমান ছবিৰ গীত ষ্টুডি’ত নহয়, মুকলি পৰিৱেশত ৰেকর্ডিং কৰা হৈছিল৷ ‘মমতা’ নামৰ ছবিখনৰ গীত আমি এখন স্কুলৰ বাহিৰত মুকলি আকাশৰ তলত নিশা ৰেকর্ডিং কৰিছিলোঁ৷ এই সময়ত জিলিৰ মাতৰ পৰা পৰিত্রাণৰ বাবে ফট্কা ফুটোৱা হৈছিল৷ ফট্কাৰ শব্দ শুনি জিলি আঁতৰি যোৱাৰ পিছত গান ৰেকর্ডিং কৰা হৈছিল৷ অৱশ্যে তেতিয়াৰ পৰিৱেশবোৰ বৰ ভাল লগা আছিল৷ দ্বৈত কণ্ঠৰ গীত পৰিৱেশন কৰিবলৈ দুয়োগৰাকী শিল্পী ষ্টুডি’ত উপস্থিত হ’ব লাগিছিল৷ তেতিয়া এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছিল৷ কিন্তু আজিকালি নাৰী কণ্ঠৰ বিপৰীতে কোন পুৰুষ শিল্পীয়ে গীত গাব সেয়া আগতীয়াকৈ জনা নাযায়৷ অৱশ্যে সৌভাগ্যৰ কথা যে মই মুকলি পৰিৱেশত, ৱান টেক অকে আৰু ডাবিং এই তিনিওটা পদ্ধতিত গীত ৰেকর্ডিং কৰাৰ অভিজ্ঞতা লাভ কৰিছোঁ৷

আপুনি বহু আপুৰুগীয়া গীতত কণ্ঠদান কৰিছে৷ সেই গীতবোৰ সদায় অসমৰ সংগীত জগতত জিলিকি থাকিব৷ এই গীতবোৰৰ সংৰক্ষণৰ বাবে কিবা ব্যৱস্থা লৈছে নেকি?

৭০ৰ দশকতে গোৱা অসমীয়া ছবিসমূহৰ গীতবোৰ এতিয়াও চিৰসেউজ হৈ আছে৷ এতিয়াও মঞ্চত সেই গীতবোৰ পৰিৱেশনৰ বাবে দর্শকে অনুৰোধ জনায়৷ অনাতাঁৰ কেন্দ্রযোগেও গীতবোৰ প্রায়েই বাজি থকা পৰিলক্ষিত হয়৷ এনে গীতবোৰ নতুন প্রজন্মৰ শিল্পীসকলেও বিভিন্ন প্রতিযোগিতাত পৰিৱেশন কৰা দেখা যায়৷ গীতসমূহৰ সংৰক্ষণৰ বাবে মৰিগাঁৱৰ গহন বৰা নামৰ যুৱকজনে ‘বিচাৰিলোঁ সোণৰ খনি’ নামেৰে এখন গ্রন্থ প্রকাশ কৰি উলিয়াইছে৷ এই গ্রন্থখনত প্রায়খিনি গীত সন্নিৱিষ্ট কৰা হৈছে৷ আশা কৰিছোঁ গ্রন্থখনৰ জৰিয়তে আগ্রহীসকলে গীতবোৰ গোৱাৰ সুযোগ লাভ কৰিব৷

You might also like