নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলক নেতৃত্ব দিয়াৰ পূর্বেই বিতর্কত শুভমন গিল

🔹 দলক নেতৃত্ব দিয়াৰ পূর্বেই বিতর্কত শুভমন গিল

নিউজ ডেস্ক, ১৩ জুন : চমু চাপি আহিছে টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ দিন৷ পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোলৈ মাজত মাথোঁ এসপ্তাহ বাকী থকা অৱস্থাত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গিল এক বিতর্কত লিপ্ত হৈছে৷ ছ’চিয়েল মিডিয়াত গিলৰ ভাইৰেল হোৱা এখন ছবিয়েই বিতর্কৰ সৃষ্টি কৰিছে৷ ভাৰতীয় টেষ্ট দলৰ জার্ছী পিন্ধি গিলে কিছু ফটো শ্বুট কৰিছিল৷ এই ফটো শ্বুটৰ সময়ত তেওঁক বেটৰ সৈতে প’জ দিয়া দেখা গৈছিল৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল৷ কিন্তু হঠাৎ তেওঁৰ বেটত প্রিঞ্চ শব্দ লিখা দেখা গ’ল৷ বেটখনত প্রিঞ্চ শব্দ লিখা দেখা পোৱাৰ পিছতে খঙত অগ্ণিশর্মা হৈ উঠে অনুৰাগী৷ অনুৰাগীসকলে হয়তো কল্পনাও কৰা নাছিল যে গিলে নিজকে এনেদৰে প্রিঞ্চ হিচাপে প্রচাৰ কৰিব৷ গিলৰ এই কার্যত অসন্তুষ্টি ব্যক্ত কৰি এগৰাকী অনুৰাগীয়ে লিখিছে যে শচীন তেণ্ডুলকাৰে কেতিয়াও গড লিখা বেট লৈ খেলা নাছিল৷ বিৰাট কোহলিয়েও কেতিয়াও কিং লিখা বেট লৈ খেলা নাছিল৷ এনে সন্মান খেল প্রদর্শনৰ সহায়ত অর্জন কৰিছিল তেণ্ডুলকাৰ আৰু কোহলিয়ে৷

You might also like