নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীর্ঘ ২৭ বছৰৰ পিছত শাপমুক্ত দক্ষিণ আফ্রিকা

🔹 কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট

নিউজ ডেস্ক, ১৫ জুন : অৱশেষত শাপমুক্ত হ’ল দক্ষিণ আফ্রিকা৷ এজন কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট৷ সুদীর্ঘ ২৭ বছৰৰ পাছত দক্ষিণ আফ্রিকাই জয় কৰিলে আইচিচিৰ ট্রফী৷ এই সুদীর্ঘ সময়ত দলটোৱে আইচিচিৰ কেইবাখনো মেগা প্রতিযোগিতাৰ ট্রফীৰ কাষ চাপিও ট্রফী হাতত তুলি লোৱাৰ সুযোগৰ পৰা বঞ্চিত হৈছিল৷ ১৪ জুন ২০২৫ চনত ক্রিকেটৰ মক্কাস্বৰূপ লর্ডছত আহিল সেই মাহেন্দ্র ক্ষণ৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চেম্পিয়ন হ’ল প্রটিয়াজ বাহিনী৷ অন্ত পৰিল ২৭ বছৰীয়া শূন্যতাৰ ৷ বর্ণ–বৈষম্য নীতিৰ বাবে ২১ বছৰ নির্বাসনত থকা দক্ষিণ আফ্রিকাই পুনৰ উভতি আহি ১৯৯৮ চনত চেম্পিয়নছ ট্রফী লাভ কৰিছিল যদিও বিশ্ব ক্রিকেটত খ্যাতি অর্জন কৰিব পৰা নাছিল৷ ইয়াৰ বিপৰীতে ১৯৯৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাই চকার্ছ বদনামৰ ভাগি হয়৷ এই বদনামটো ইটোৰ পাছত সিটো বিশ্বকাপত অধিক শক্তিশালী হৈ পৰে৷

বিশেষজ্ঞসকলে মন্তব্য কৰিছিল যে দক্ষিণ আফ্রিকাই ডাঙৰ ডাঙৰ মেচৰ চাপ চম্ভালিব নোৱাৰে৷ এলান ড’নাল্ড, শ্বন পোলক, জেক কালিছ, এবি ডি ভিলিয়ার্ছে সেই বদনামৰ পৰা দলটোক মুক্ত কৰিব পৰা নাছিল৷ অৱশেষত চাৰি ফুট তিনি ইঞ্চিৰ টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্রিকাই সুদীর্ঘ ২৭ বছৰে সহি অহা চকার্ছ বদনামৰ পৰা মুক্তি লাভ কৰে৷ চাপত পৰিও বাভুমা আৰু এইডেন মার্কৰামে দেখুৱাই দিলে যে তেওঁলোক এতিয়া চকার্ছ নহয়৷ তেওঁলোকে শক্তিশালী অষ্ট্রেলিয়াক পৰাস্ত কৰি সেই চিন মচি পেলালে৷

লর্ডছত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ তৃতীয় দিনাই প্রটিয়াজ বাহিনীয়ে বিজয় প্রায় নিশ্চিত কৰি তুলিছিল৷ কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি এইডেন মার্কৰামৰ অপৰাজিত ১০২ আৰু অধিনায়ক টেম্বা বাভুমাৰ অপৰাজিত ৬৫ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই তৃতীয় দিনা দুটা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্রহ কৰি মেচখনত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছিল৷ জয়ৰ বাবে আৰু মাত্র ৬৯ ৰানৰ প্রয়োজনৰ সময়তে তৃতীয় দিনৰ খেলৰ সমাপ্তি ঘটিছিল৷ হাতত আঠটা উইকেট থকা অৱস্থাত ৬৯ ৰানৰ জয়ৰ লক্ষ্যৰে কালি ইনিংছ মুকলি কৰিবলৈ আহি প্রটিয়াজ বাহিনীয়ে ভোজন বিৰতিৰ পূর্বেই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰি ডব্লিউটিচিৰ খিতাপ জয় কৰাই নহয়, ইতিহাসো ৰচনা কৰে৷

মেচখনত দক্ষিণ আফ্রিকাই অষ্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰে৷ আগদিনা ১০২ ৰানত বেটিং কৰি থকা মার্কৰামে কালি ১৩৬ ৰানত বিদায় লয়৷ ইফালে, আগদিনা ৬৫ ৰানত ক্রিজত থকা বাভুমাই মাত্র ১ ৰান কৰিয়েই বিদায় লয়৷ অৱশ্যে ডেভিদ বেডিংহামে মার্কৰামৰ সৈতে লগ লাগি দলৰ জয় নিশ্চিত কৰি তোলে৷ বেডিংহামে ২১ ৰান কৰি অপৰাজিত হৈ থাকে৷ ভেৰেনীয়ে চাৰি ৰানত নটআউট হৈ থকাৰ বিপৰীতে ষ্টাবছে ৮ ৰান কৰি বিদায় লয়৷ অষ্ট্রেলিয়াৰ হৈ মিচেল ষ্টার্কে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ মেচখনত দক্ষিণ আফ্রিকাৰ জয়ত মুখ্য ভূমিকা লোৱা মার্কৰামে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷

You might also like