পৰিয়ালক লৈ বিৰক্ত ! ঘৰ–সংসাৰ এৰি গুহাত বাস চীনৰ যুৱকৰ
🔹 বিয়া মানে সময় আৰু ধনৰ অপচয় : হেংচাই
🔹 ছ’চিয়েল মিডিয়াত ছিচুৱানৰ মীন হেংচাইক লৈ ব্যাপক চর্চা
নিউজ ডেস্ক, ১৫ জুন : বিয়া, সাংসাৰিক জীৱনক লৈ বিৰক্ত! দিনৰ পিছত দিন ধৰি পৰিয়ালৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ ক্লান্ত৷ ইয়াৰ উপৰি আত্মীয়সকলে কৰিছে বিশ্বাসঘাতকতা! সেইবাবে ঘৰ এৰি নির্জন স্থানত গুহাত বসবাস কৰিছে চীনৰ এজন বাসিন্দাই৷
চীনৰ ছিচুৱান প্রদেশৰ বাসিন্দা মীন হেংচাই৷ ৩৫ বছৰীয়া এই যুৱকজনে গাড়ীচালক হিচাপে কাম কৰিছিল৷ মাহিলি বেতন আছিল ১৪শ মার্কিন ডলাৰ৷ তেওঁৰ পৰিয়ালৰ বেংকৰ ঋণ ৪২ হাজাৰ মার্কিন ডলাৰ৷ পৰিয়ালৰ ঋণ অকলেই বহন কৰিব লাগিছিল হেংচায়ে৷ সেই দায়িত্ব পালন কৰি কৰি ভাগৰি পৰিছিল যুৱকজন৷ ইয়াৰ উপৰি তেওঁক নজনোৱাকৈ পৰিয়ালৰ সদস্যই বিক্রী কৰি দিছিল পাৰিবাৰিক সম্পত্তি৷ সেইবাবে ঘৰ–সংসাৰ ত্যাগ কৰি নির্জন গুহাৰ জীৱন বাছি লয় যুৱকজনে৷
৫০ বর্গমিটাৰৰ এটা গুহাত দিন কটাইছে হেংচায়ে৷ পুৱা ৮ বজাত টোপনিৰ পৰা উঠি যুৱকজনে গুহাৰ কাষতে বিভিন্ন কাম–কাজত নিজকে নিয়োজিত কৰে৷ সন্মুখত নিজেই খেতি লগাইছে যুৱকজনে৷ শাক–পাচলি উৎপাদন কৰি নিজৰ উপার্জনৰ পথ মোকলাইছে৷ নিশা ১০ বজাত গুহাৰ ভিতৰত শুই পৰে তেওঁ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই চীনা যুৱকজন৷ ৪০ হাজাৰৰো অধিক ফলোৱাৰ আছে হেংচাইৰ৷ কিন্তু ঘৰ–সংসাৰ এৰি এনেদৰে নির্জন স্থানত কিয় থাকিবলগীয়া হৈছে, সেই সন্দৰ্ভত হেংচায়ে উল্লেখ কৰিছে যে বিয়া মানে সময় আৰু ধনৰ অপচয়৷ প্রকৃত প্রেম বিচাৰি পোৱা খুবেই কঠিন বুলি উল্লেখ কৰিছে যুৱকজনে৷ যি পোৱাৰ সম্ভাৱনা নাথাকে তাক বিচৰাৰ চেষ্টা কৰাটো অর্থহীন বুলি ধাৰণা কৰে হেংচায়ে৷ গতিকে ঘৰ–সংসাৰ এৰি তেওঁ এনেদৰে মানুহৰ ওচৰৰ পৰা আঁতৰি থাকিবলৈ লৈছে৷
উল্লেখনীয় যে হেংচাইৰ এনে জীৱন ধাৰণক বিভিন্ন মহলে সমর্থন কৰিছে৷ একাংশৰ মতে, হেংচাই এজন দার্শনিক৷ একাংশই উল্লেখ কৰিছে যে গুহাত বাস কৰি মানুহৰ মাজত প্রচাৰ লাভৰ কৌশল লৈছে হেংচায়ে৷ আনে কি কয় তাৰ ওপৰত গুৰুত্ব নিদি হেংচায়ে আমৃত্যু গুহাত জীৱন কটাব বুলি ঘোষণা কৰিছে৷