নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা

🔹 WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা

🔹 তৃতীয় স্থানত থকা টীম ইণ্ডিয়াই পালে ১২.১৩ কোটি টকা

নিউজ ডেস্ক, ১৫ জুন : ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জিনিলে দক্ষিণ আফ্রিকাই৷ সুদীর্ঘ ২৭ বছৰৰ পাছত পুনৰ আইচিচি ট্রফী লাভ কৰি ইতিহাস ৰচিলে প্রটিয়াজ বাহিনীয়ে৷ ডব্লিউটিচিৰ খিতাপ জয় কৰি দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা৷

ইপিনে, ৰানার্ছআপ অষ্ট্রেলিয়াই লাভ কৰিলে ১৮.৫৬ কোটি টকা৷ আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তৃতীয় স্থান লাভ কৰা টীম ইণ্ডিয়াই লাভ কৰিলে ১২.১৩ কোটি টকা৷ চতুর্থ স্থানত থকা নিউজিলেণ্ডে ১০.২৬ কোটি টকা, পঞ্চম স্থানত থকা ইংলেণ্ডে ৮.২০ কোটি টকা লাভ কৰে৷ শ্রীলংকাই ষষ্ঠ স্থান দখল কৰি লাভ কৰে ৭.১৮ কোটি টকা৷ সপ্তম স্থানৰ বাংলাদেশ আৰু অষ্টম স্থানৰ ৱেষ্ট ইণ্ডিজে লাভ কৰে ক্রমে ৬.১৫ কোটি টকা আৰু ৫.১৩ কোটি টকা৷ আনহাতে, নৱম স্থান দখল কৰা পাকিস্তানে লাভ কৰিলে ৪.১০ কোটি টকা৷

You might also like