কানাডাত জি–৭ বৈঠক -ত অংশ ল’ব প্রধানমন্ত্রীয়ে
🔹 কানাডাত জি–৭ বৈঠক -ত অংশ ল’ব প্রধানমন্ত্রীয়ে
🔹 ত্রিদেশীয় ভ্রমণসূচী লৈ দ্বীপৰাষ্ট্র চাইপ্রাছত উপস্থিত মোদী
নিউজ ডেস্ক, ১৬ জুন : অপাৰেচন সিন্দূৰৰ পিছত প্রথমবাৰলৈ ৫দিনীয়া ভ্রমণসূচী লৈ কালি বিদেশলৈ যাত্রা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীৰ এই ভ্রমণসূচীত সামৰি লোৱা হ’ব তিনিখন দেশ৷ ত্রিদেশীয় এই ভ্রমণসূচীৰ প্রথম পদক্ষেপ হিচাপে কালি ভূমধ্য সাগৰীয় দ্বীপৰাষ্ট্র চাইপ্রাছত উপস্থিত হয় মোদী৷ ইয়াৰ পিছতে প্রধানমন্ত্রীগৰাকীয়ে যাত্রা কৰিব কানাডালৈ৷ কানাডাত অনুষ্ঠিত হ’বলগীয়া জি–৭ গোষ্ঠীৰ বৈঠকত অংশগ্রহণ কৰিব মোদীয়ে৷
কানাডাত জি–৭ বৈঠকত আন্তর্জাতিক বিভিন্ন বিষয়ক লৈ ভাৰতৰ অৱস্থান মোদীয়ে স্পষ্ট কৰাৰ সম্ভাৱনা আছে৷ কানাডাত এই বৈঠকত অংশগ্রহণ কৰাৰ পিছত এনিশা দেশখনত কটাই দক্ষিণ–পূব ইউৰোপীয় ৰাষ্ট্র ক্র’ৱেছিয়ালৈ যাত্রা কৰিব প্রধানমন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পর্কৰ অৱনতি চলি থকাৰ সময়তে প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ অতি তাৎপর্যপূর্ণ হৈ উঠিছে৷ বিদেশ ভ্রমণলৈ যাত্রাৰ পূর্বে কালি প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে চাইপ্রাছ, কানাডা আৰু ক্র’ৱেছিয়া ভ্রমণৰ সময়ত আগন্তুক কেইদিনমানৰ ভিতৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক বিভিন্ন কার্যসূচীত তেওঁ যোগদান কৰিব৷
কালি যাত্রা কৰাৰ পূর্বে ছ’চিয়েল মিডিয়াত প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে তিনিওখন দেশৰ সৈতে ভাৰতৰ বাণিজ্যিক আৰু সাংস্কৃতিক সম্পর্কৰ উন্নতি ঘটোৱাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰা হ’ব৷ স্মর্তব্য যে বিশ্বৰ ৭ সমৃদ্ধিশালী দেশৰ সংগঠন জি–৭ৰ সৈতে ভাৰত জড়িত নহয়৷ কিন্তু ৰীতি অনুসৰি আয়োজক দেশে জি–৭ গোষ্ঠীৰ বাহিৰৰ বিভিন্ন দেশক বৈঠকলৈ আমন্ত্রণ জনাব পাৰে৷ ২০২০ চনক বাদ দি বিগত ৫ বছৰ ধৰি জি–৭ৰ আমন্ত্রিত সদস্য হিচাপে ভাৰত বৈঠকত উপস্থিত আছে৷ এইবাৰ এই বৈঠক আয়োজন কৰিছে কানাডাই৷ ভাৰত–কানাডাৰ মাজত কূটনৈতিক সম্পর্কৰ অৱনতিৰ বাবে ভাৰতক এইবাৰ বৈঠকত আমন্ত্রণ জনোৱা নহ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল যদিও কানাডাৰ প্রধানমন্ত্রী মার্ক কার্নিয়ে মোদীক ফোন কৰি এই বৈঠকত যোগ দিবলৈ আমন্ত্রণ জনায়৷ এই আমন্ত্রণ মোদীয়ে ৰক্ষা কৰাৰ প্রতিশ্রুতি দিছিল কার্নিক৷