নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰান-ইজৰাইলৰ যুদ্ধ : ইউৰোপলৈ ২৪খন টেংকাৰ বিমান প্ৰেৰণ আমেৰিকাৰ

বিমানসমূহ আমেৰিকাৰ সামৰিক ঘাটিৰ পৰা আটলাণ্টিক মহাসাগৰ পাৰ হৈ ইউৰোপ অভিমুখে প্ৰেৰণ

ইৰান-ইজৰাইলৰ যুদ্ধ : ইউৰোপলৈ ২৪খন টেংকাৰ বিমান প্ৰেৰণ আমেৰিকাৰ

নিউজ ডেস্ক, ১৬ জুন : ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ বায়ুসেনাই এতিয়ালৈকে বিমান ইন্ধন ভৰোৱা টেংকাৰ বিমানৰ সৰ্বাধিক নিয়োগ আৰম্ভ কৰিছে। এই বিমানসমূহ আমেৰিকাৰ সামৰিক ঘাটিৰ পৰা আটলাণ্টিক মহাসাগৰ পাৰ হৈ ইউৰোপ অভিমুখে প্ৰেৰণ কৰা হৈছে।

বিমান অনুসৰণৰ তথ্য অনুসৰি দেওবাৰে গভীৰ নিশালৈকে কমেও ২৪খন কেচি-১৩৫ আৰু কেচি-৪৬ টেংকাৰ বিমান পূব দিশলৈ প্ৰেৰণ কৰা হৈছে, আৰু ইয়াৰ সংখ্যা অহৰহ বৃদ্ধি পাইছে।

আমেৰিকাই এই নিয়োগৰ উদ্দেশ্য স্পষ্ট কৰা নাই

আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (পেন্টাগনে) এই নিয়োগৰ উদ্দেশ্য সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। কিন্তু এনে পৰিস্থিতিত প্ৰয়োজনীয় লজিষ্টিক আৰু সহায়ক বিমান দ্ৰুতভাৱে নিয়োগ কৰাৰ বাবে ইতিমধ্যে নাটোৰ মিত্ৰ দেশসমূহৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ব্যৱস্থা আছে। ইয়াৰ পূৰ্বেও ছিৰিয়া আৰু ইৰাকৰ সংঘাতৰ সময়ত আমেৰিকাই একেধৰণৰ টেংকাৰ বিমানৰ সহায়ত নিজৰ মিত্ৰ দেশসমূহৰ বাবে বিমান অভিযানত সমৰ্থন আগবঢ়াইছিল।

দীৰ্ঘম্যাদী অভিযানৰ বাবে প্ৰস্তুতি চলাইছে আমেৰিকা!

পূব দিশত টেংকাৰ বিমান বৃহৎ পৰিমাণে নিয়োগ কৰাটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে আমেৰিকাৰ সেনাই দীৰ্ঘম্যাদী অভিযানৰ বাবে সাজু হৈছে, বিশেষকৈ যদি মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পায় বা নাটোৰ সমৰ্থনৰ প্ৰয়োজন হয়। এই নিয়োগ কেৱল সাৱধানতাৰ বাবেহে কৰা হৈছে নে ইয়াৰ আঁৰত কোনো বৃহৎ সামৰিক অভিযান লুকাই আছে সেয়া কোৱা টান।

টেংকাৰ বিমান কি কামত ব্যৱহাৰ কৰা হয়?

এই টেংকাৰ বিমানসমূহৰ সহায়ত আকাশত ইন্ধন ভৰোৱা হয়, যিবোৰে নিজৰ দেশৰ পৰা বহু দূৰত আক্ৰমণত অংশগ্ৰহণ কৰে, যেনে বৰ্তমান ইৰানক আক্ৰমণ কৰা ইজৰাইলৰ যুদ্ধ বিমান, যিবোৰক দীঘলীয়া যাত্ৰাৰ সময়ত আকাশত কেইবাবাৰো ইন্ধন ভৰোৱাৰ প্ৰয়োজন হয়।

ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে এই বৃহৎ নিয়োগ দেখা গৈছে। দুয়োখন দেশৰ মাজত অব্যাহত আছে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ। খবৰ অনুসৰি ইজৰাইলৰ বায়ুসেনাৰ যুদ্ধ বিমানে দীৰ্ঘ দূৰত্বৰ পৰা ইৰানৰ সামৰিক ঘাটিত নিখুঁত আক্ৰমণ চলাইছে। এনে অভিযানৰ বাবে বিমানসমূহত বতাহত ইন্ধন ভৰোৱাৰ প্ৰয়োজন হয়, যাৰ ফলত ইয়াৰ ৰেঞ্জ বৃদ্ধি পায়।

You might also like