গো-মাংসৰ ৰাজনীতি
গো-মাংসৰ ৰাজনীতি
ধুবুৰী চহৰৰ হনুমান মন্দিৰৰ সন্মুখত গো–মাংস পেলোৱাৰ ঘটনাই শেহতীয়াকৈ উত্তেজনাৰ সৃষ্টি কৰিছে৷ ঈদ–উজ–জোহাৰ দিনটোত ধুবুৰীত হনুমান মন্দিৰত গো–মাংস উদ্ধাৰ হোৱাৰ পাছতে নামনি অসমৰ ইতিহাসপ্রসিদ্ধ চহৰখনত তীব্র উত্তেজনাই বিৰাজ কৰে৷ এই ঘটনাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ উপশম ঘটোৱাৰ বাবে চহৰখনৰ নাগৰিক সমাজ আগবাঢ়ি আহে৷ কিন্তু প্রশাসন আৰু নাগৰিক সমাজত শান্তি স্থাপনৰ বাট ভেটা দি হনুমান মন্দিৰত দ্বিতীয়বাৰৰ বাবে গো–মাংস পেলোৱা হয়৷ অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাইৰ বৰপুখুৰী অঞ্চলত৷ হোজাইৰ হিন্দু বসতিপূর্ণ আৰু ধর্মীয় উপাসনাস্থলীৰ কাষতে ঈদ–উজ–জোহাৰ দিনা গো–মাংস উদ্ধাৰ হয়৷ এই ঘটনাক কেন্দ্র কৰি অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হয় আৰু বৰপুখুৰীত পথ বন্ধ কার্যসূচী পালন কৰে৷ উক্ত পথ বন্ধৰ বিৰুদ্ধে হোজাইৰ মুছলমান অধ্যুষিত ভূঞাপট্টিত একাংশ লোকে পথ বন্ধ কার্যসূচী গ্রহণ কৰে৷ ইয়াকে লৈ হোজাই চহৰত উত্তেজনাৰ সৃষ্টি হয়৷ ভূঞাপট্টি অঞ্চলৰ বাসিন্দাসকলে সদৰী কৰা মতে, পথ বন্ধ কার্যসূচীৰ সৈতে অঞ্চলটোৰ লোক জড়িত নহয়৷ বাহিৰৰ পৰা অহা একাংশ বাংলাদেশী মূলৰ মুছলমানে এনে পথ বন্ধ কার্যসূচী হাতত লৈছে৷ ধুবুৰী আৰু হোজাইত গো–মাংস কাণ্ডৰ সৈতে কোন শক্তি জড়িত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু এনে কাণ্ডৰ অন্তৰালত যে সাম্প্রদায়িক উত্তেজনা সৃষ্টিৰ জৰিয়তে অশান্তিৰ বীজ ৰোপণ কৰাৰ চক্রান্ত চলাইছে সেয়া নিশ্চিত৷ মুছলমানসকলে গো-মাংস খায়৷ খ্ৰীষ্টানসকলেও গো-মাংস ভক্ষণ কৰে৷ ঈদ–উজ–জোহাৰ সময়ত গৰু কোৰবানি দিয়াৰ এক পৰম্পৰা ইছলামধর্মী লোকসকলৰ আছে৷ ইয়াৰ বিপৰীতে হিন্দু লোকসকলে গৰুক বিশেষ স্থান দি আহিছে৷ কৃষিপ্রধান ৰাজ্যখনত দশক দশক ধৰি গো–পূজাৰ পৰম্পৰা আছে৷ ব’হাগ বিহুৰ সৈতেও গো–সেৱাৰ সংস্কৃতি আছে৷ ৰাজ্যখনত ঈদৰ সময়ত কোৰবানি আৰু গো–মাংসৰ প্রচলন বৃদ্ধি হ’লেও হিন্দু বসতিপ্রধান আৰু উপসনাস্থলীত গো–মাংস পেলোৱাৰ ঘটনা কিছু বছৰৰ পৰা বৃদ্ধি হৈছে৷ ধর্মীয় আস্থা আৰু বিশ্বাসত আঘাত হনাৰ এনে চক্রান্ত যিকোনো প্রকাৰে প্রতিহত কৰিবই লাগিব৷ ধর্মীয় ভাবাৱেগত আঘাত হানি অশান্তিৰ চক্রান্ত চলোৱাটো সহজ৷ এনে ঘটনাৰ অন্তৰালত জড়িত থকা দুষ্ট চক্রক চিনাক্ত কৰি কঠোৰ শাস্তি বিহা উচিত৷
ধুবুৰীৰ হনুমান মন্দিৰৰ গো–মাংস কাণ্ডৰ ঘটনাক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৪ জুনত চহৰখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈছে৷ ধর্মীয় অনুভূতিত আঘাত হানি অশান্তিৰ সৃষ্টি কৰিবলৈ চক্রান্ত চলোৱাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রশাসনক নির্দেশ দিছে৷ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ উপস্থিতিত ধুবুৰী আৱর্ত ভৱনত অনুষ্ঠিত উচ্চ পর্যায়ৰ বৈঠকৰ শেষত মুখ্যমন্ত্রী শর্মাই নিশাৰ ভাগত অশান্তি সৃষ্টি কৰিব বিচৰা অপৰাধীক দেখা মাত্রকে গুলী কৰাৰ নির্দেশ দিছে৷ ধুবুৰীৰ বিভিন্ন অপৰাধৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে যোৱা তিনি দিনত অভিযান চলাই ৬০জনৰো অধিক লোকক গ্রেপ্তাৰ কৰিছে৷ স্পর্শকাতৰ জিলাখনত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ বাংলাদেশী মূলৰ মুছলমানৰ অনুপ্রৱেশে ধুবুৰীকে ধৰি ৰাজ্যখনৰ ১৬খন জিলাৰ জনগাঁথনিৰ দ্রুত পৰিৱর্তন কৰাৰ ফলত খিলঞ্জীয়া লোকসকল জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ গো-মাংসৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক আতংকিত কৰি আগ্রাসনৰ নতুন লক্ষ্য গ্রহণ কৰা বাংলাদেশী মূলৰ লোকসকলৰ এনে চক্রান্তক লৈ একাংশ ৰাজনৈতিক দলে ৰাজনীতিতহে ব্যস্ত হৈছে৷ খিলঞ্জীয়া লোকসকলৰ ধর্মীয় আস্থা আৰু বিশ্বাসত আঘাত হানি প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে ১৫ জুনত মঙলদৈৰ এখন দলীয় সভাত ঘোষণা কৰিছে যে মন্দিৰত গো–মাংস পেলোৱাৰ সৈতে বিজেপি আৰু আৰএছএছ জড়িত আছে৷ গৌৰৱ গগৈৰ এনে বক্তব্যৰ অন্তৰালত আছে মুছলমান তোষামোদৰ ৰাজনীতি৷ কিন্তু এনে ৰাজনীতিয়ে জীৱন–মৰণৰ সমস্যাৰ সন্মুখীন হোৱা খিলঞ্জীয়া লোকসকলক উদ্ধাৰ নকৰে৷ খিলঞ্জীয়া লোকসকলক এলাগী কৰি গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্রেছে কিদৰে ক্ষমতা দখলৰ অংক কৰিছে, সেয়া সাঁথৰ৷ ধুবুৰী কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা কঠোৰ স্থিতিৰ বিৰুদ্ধে মুকলিকৈ থিয় দিছে কংগ্রেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা হাফিচ বচিৰ আহমদ চৌধুৰী৷ ধুবুৰীৰ গো–মাংস কাণ্ডৰ ঘটনাক লৈ মুখ্যমন্ত্রী ড০ শমাই মুছলমানসকলক আক্রমণৰ লক্ষ্যৰূপে লৈছে বুলি অভিযোগ কৰিছে৷ আশ্চর্যকৰ এয়ে যে বাংলাদেশ সীমান্তৱর্তী ধুবুৰীৰ হিন্দু লোকসকলৰ ধর্মীয় ভাবাৱেগত আঘাত হনা কাণ্ডক লৈ কংগ্রেছৰ শীর্ষ নেতাসকল নীৰৱ হৈ আছে৷ প্রকৃততে ভোটবেংকৰ স্বার্থত গৌৰৱ গগৈয়ে তেওঁৰ পিতৃ তথা অসমৰ দীর্ঘকালৰ মুখ্যমন্ত্রী তৰুণ গগৈক অপমান কৰিছে৷ তৰুণ গগৈয়ে মুখ্যমন্ত্রীৰ আসনত থকাৰ সময়ত প্রয়োজনীয় শক্তি আহৰণৰ বাবে বাংলাদেশী মূলৰ নেতাৰে ভৰপূৰ এআইইউডিএফক বাদ দি ‘হু ইজ বদৰুদ্দিন’ বুলি প্রত্যাহ্বান জনাইছিল৷ কিন্তু প্রদেশ কংগ্রেছৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈও ‘যুৱৰাজ’ গৌৰৱ গগৈয়ে মুছলমান তোষামোদৰ ৰাজনীতিত গদ্গদ হৈছে৷ এনে নিকৃষ্ট ৰাজনীতি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু ভয়াৱহ৷