নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অসম মহিলা বিশ্ববিদ্যালয়-ৰ উপাচার্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰৰে সাক্ষাৎকাৰ

ডিব্রুগড়ৰ প্রয়াত নাৰায়ণ চন্দ্র বৰগোহাঁই আৰু প্রয়াত দিব্য বৰগোহাঁইৰ কন্যা ড০ ৰাজকোঁৱৰে ২০২১ চনৰ পহিলা ছেপ্টেম্বৰত মহিলা বিশ্ববিদ্যালয়ৰ সন্মানজনক উপাচার্যৰ দায়িত্ব গ্রহণ কৰে৷

সুকন্যা : অসম মহিলা বিশ্ববিদ্যালয়-ৰ উপাচার্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা

অসমৰ প্রথমখন আৰু একমাত্র মহিলাৰ উচ্চ শিক্ষা প্রতিষ্ঠান যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ বর্তমান উপাচার্যৰ দায়িত্বত আছে ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ৷ ডিব্রুগড়ৰ প্রয়াত নাৰায়ণ চন্দ্র বৰগোহাঁই আৰু প্রয়াত দিব্য বৰগোহাঁইৰ কন্যা ড০ ৰাজকোঁৱৰে ২০২১ চনৰ পহিলা ছেপ্টেম্বৰত মহিলা বিশ্ববিদ্যালয়ৰ সন্মানজনক উপাচার্যৰ দায়িত্ব গ্রহণ কৰে৷

এইটোও পঢ়ক   সুকন্যা : স্বনামধন্য অভিনেত্রী মৃদুলা বৰুৱা-ৰে সাক্ষাৎকাৰ

শৈশৱৰ পৰা বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্রী হোৱাৰ সপোন দেখা বৰগোহাঁই ৰাজকোঁৱৰে ছাত্র–ছাত্রীৰ বাবে অতিশয় গুৰুত্বপূর্ণ কেইবাখনো গৱেষণামূলক গ্রন্থ প্রকাশ কৰি উলিয়াইছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ ক্রমে লেকচাৰাৰ, ৰীডাৰ আৰু প্রফেছৰ হিচাপে কেইবা দশকো কার্যনির্বাহ কৰাৰ পিছত তেওঁক বিশ্ববিদ্যালয়খনৰে স্কুল অৱ কমার্চ এণ্ড মেনেজমেণ্ট ছায়েঞ্চৰ ডীন হিচাপেও কাম কৰিছিল৷

সৰুৰে পৰা অতিশয় মেধাৱী ছাত্রী ৰাজকোঁৱৰে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত স্থান লাভেৰে উত্তীর্ণ হৈছিল৷ ডিব্রুগড় বিশ্ববিদ্যালয়ত ৩৬টা বর্ষ অধ্যাপনা কৰাৰ পাছত বিভিন্ন সমস্যাৰে জর্জৰিত হৈ থকা অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰি শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ বাবে অহোপুৰুষার্থ কৰি সম্প্রতি বিশ্ববিদ্যালয়খনক এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে৷ এইগৰাকী শিক্ষাবিদৰ ব্যক্তিগত জীৱন, কর্মক্ষেত্র আৰু বিভিন্ন ক্ষেত্রৰ বহু প্রেৰণাদায়ক কথা পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–

আপোনাৰ জন্মস্থান, শৈশৱ আৰু স্কুলীয়া জীৱন সম্পর্কে কিছু কথা জনাব নেকি?

শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্রত ডিব্রুগড়ৰ এক সুনাম আছে৷ মোৰ জন্ম হৈছিল ঐতিহ্যমণ্ডিত ডিব্রুগড়ত আৰু তাতেই মোৰ বৈবাহিক সম্পর্কও ঘটিছিল৷ দেউতা নাৰায়ণ চন্দ্র বৰগোহাঁই বনমালী টী ষ্টেটৰ মেনেজাৰ আছিল৷ মা দিব্য বৰগোহাঁই আছিল এগৰাকী গৃহিণী৷ মই ডিব্রুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ পৰা মেট্রিকত সুখ্যাতিৰে উত্তীর্ণ হৈছিলোঁ৷ ডিব্রুগড়ৰে ডিএইচএছকে কমার্চ কলেজৰ পৰা অসমৰ ভিতৰতে চতুর্থ স্থানেৰে উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত উত্তীর্ণ হ’বলৈ সক্ষম হৈছিলোঁ৷ আনহাতে একেখন মহাবিদ্যালয়ৰ পৰা মই একাউণ্টেন্সীত মেজেৰসহ বাণিজ্যৰ স্নাতক ডিগ্রী লাভ কৰিছিলোঁ৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা একাউণ্টেন্সী এণ্ড টেক্সেচনত মই স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিলোঁ৷ এনেদৰে মই অধিকাংশ সময় ডিব্রুগড়ত অতিবাহিত কৰিছিলোঁ আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত পুনৰ ডিব্রুগড়ত কর্মৰত হৈ আছিলোঁ৷

এইটোও পঢ়ক সুকন্যা : অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ শিমলা-মানালি

শৈশৱকালত আপুনি কি সপোন দেখিছিল?

শৈশৱৰ পৰা মই শিক্ষয়িত্রী আৰু এগৰাকী নৌসেনা বিষয়া হোৱাৰ সপোন দেখিছিলোঁ৷ কিন্তু মা–দেউতাই সদায় মোক এগৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্রী হোৱাৰ সপোন দেখুৱাইছিল৷ মা–দেউতাৰ সেই প্রবল ইচ্ছাই মোৰ মনত দকৈ সাঁচ বহুৱাইছিল৷ সেইবাবে মই নৌসেনা বিষয়া হোৱাৰ সপোন বাদ দি এগৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্রী হোৱাৰ সপোন পূৰণ কৰাৰ বাবে অধ্যয়নত গুৰুত্ব প্রদান কৰিছিলোঁ৷

আপুনি স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত পিএইচডি ডিগ্রীও অর্জন কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ আপোনাৰ কর্মজীৱন সম্পর্কে কওকচোন?

১৯৮৭ চনত মই নিজে অধ্যয়ন কৰা ডিএইচএছকে কমার্চ কলেজত ৯ মাহ প্রবক্তা হিচাপে লিয়েন ভেকেন্সিত চাকৰি কৰিছিলোঁ৷ ইয়াৰ পিছত ১৯৮৮ চনত শিৱসাগৰ কমার্চ কলেজত স্থায়ী পদত ৯ মাহ কাম কৰিছিলোঁ৷ কিন্তু মই ডিব্রুগড় বিশ্ববিদ্যালয়ত চাকৰি পোৱা বাবে শিৱসাগৰ কমার্চ কলেজৰ চাকৰিটো বাদ দিবলগীয়া হয়৷ মোৰ বিয়াৰ দিনাই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্রবক্তা পদৰ বাবে সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ৷ ১৯৮৯ চনৰ ১২ মে’ত মই ডিব্রুগড় বিশ্ববিদ্যালয়ত চাকৰিত যোগদান কৰিছিলোঁ৷ পৰৱর্তী সময়ত মই লেকচাৰাৰ, ৰীডাৰ আৰু অৱশেষত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিলোঁ৷ তদুপৰি মই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্কুল অৱ কমার্চ এণ্ড মেনেজমেণ্ট ছায়েঞ্চৰ ডীন হিচাপে দায়িত্ব পাবলৈ সক্ষম হৈছিলোঁ৷ ইয়াৰ উপৰি মই বিভিন্ন দায়িত্ব লাভ কৰিছিলোঁ৷ ইয়াৰ ভিতৰত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ সদস্য, ইউজিচিৰ নর্থ ইষ্ট ৰিজ’নৰ ৰিজ’নেল কো–র্ডিনেটৰৰ লগতে ইউজিচিৰ কেইবাটাও মেজৰ প্রজেক্টত মই দায়িত্ব পালনৰ বাবে মনোনীত হৈছিলোঁ৷ মোৰ ৯০খনৰো অধিক গৱেষণা পত্র প্রকাশ পাইছে৷ তদুপৰি মোৰ অধীনত ৩০গৰাকী গৱেষক ছাত্রীয়ে পিএইছডি আৰু ২৩গৰাকীয়ে এম ফিল ডিগ্রী লাভ কৰিছে৷ এই সময়ছোৱাত মই বেংকক, ইউনির্ভাছিটী অৱ লুচিয়ানা, ষ্টেনফোর্ড ইউনির্ভাছিটী, দ্য ইউনিভার্ছিটী অৱ টেক্সাছ, ইউনিভার্ছিটী অৱ ট’ৰণ্টো, ইউনিভার্ছিটী অৱ নিউ ইংলেণ্ড ছিডনী আদিকে ধৰি বিদেশৰ কেইবাখনো বিশ্ববিদ্যালয়ত আন্তর্জাতিক কার্যসূচীত অংশগ্রহণ কৰিছিলোঁ৷

এইটোও পঢ়ক সুকন্যা : আন্তঃৰাষ্ট্রীয় টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা-ৰে সাক্ষাৎকাৰ

আপুনি অসমৰ একমাত্র মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ নিচিনা সন্মানজনক দায়িত্ব লাভ কৰিলে৷ এয়া কিদৰে সম্ভৱ হ’ল?

মই অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য পদৰ বাবে ইউজিচিয়ে বিচৰা ধৰণে প্রয়োজনীয় নর্মছ আৰু অন্য সকলো অর্হতাৰে আবেদন জনাইছিলোঁ৷ ইয়াৰ বাবে মই সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ৷ মই মহিলাৰ বাবে কাম কৰি ভাল পাওঁ আৰু মা আছিল মোৰ আদর্শ৷ মই উচ্চ শিক্ষা বিভাগৰ মহিলাৰ বাবে দক্ষতা বিকাশ কার্যসূচীত অংশগ্রহণ কৰিছিলোঁ৷ ইয়াৰ জৰিয়তে মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে কিছুমান পদক্ষেপ গ্রহণ কৰিছিলোঁ৷ এই কার্যসূচীয়ে মোক দায়িত্ব গ্রহণৰ বাবে অধিক শক্তিশালী কৰি তুলিছিল৷ মই মহিলাসকলক উচ্চ শিক্ষাৰ বাবে উপযুক্ত কৰি তুলিবলৈ সেৱা আগবঢ়াবৰ কাৰণে সুযোগ বিচাৰি আছিলোঁ৷ মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব লাভ কৰি মই মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰাৰ অধিক সুবিধা লাভ কৰিছোঁ৷

অসমৰ একমাত্র মহিলা বিশ্ববিদ্যালয়খনে আৰম্ভণিৰে পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ এনে এখন সমস্যাজর্জৰ উচ্চ শিক্ষানুষ্ঠানৰ দায়িত্ব গ্রহণ কৰাটো নিশ্চিতভাৱে এক প্রত্যাহ্বান৷ আপুনি এই প্রত্যাহ্বান কিদৰে গ্রহণ কৰিছে?

মই উপাচার্যৰ দায়িত্ব লাভ কৰাৰ সময়ত একাংশ শুভাকাংক্ষীয়ে বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বিষয়ে মোক অৱগত কৰিছিল৷ তেওঁলোকে মই এই দায়িত্ব গ্রহণ কৰাটো কঠিন হ’ব বুলি ধাৰণা কৰিছিল৷ কিন্তু মই জীৱনটোকে এক প্রত্যাহ্বান বুলি ভাবোঁ আৰু আমি ইয়াৰ মুখামুখি হোৱা উচিত৷ সকলো প্রত্যাহ্বান মই সম্ভাৱনালৈ পৰিৱর্তন কৰিব বিচাৰোঁ৷ মোৰ কেৱল শৈক্ষিক দিশতে যে বিশাল অভিজ্ঞতা আছিল তেনে নহয়, প্রশাসনিক ক্ষেত্রতো যথেষ্ট অভিজ্ঞতা আছিল৷ এই অভিজ্ঞতাবোৰে মোক অসম মহিলা বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে পৰিকল্পনা গ্রহণ কৰাত সহায় কৰিছে৷ মই বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহক লৈ দিছপুৰ অসম সচিবালয়লৈ যোৱাৰ সময়ত আৰু মহামান্য ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত তেওঁলোকৰ পৰা যথেষ্ট সহায় পাইছিলোঁ৷ ইয়াৰ পৰৱর্তী সময়ত মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাৰ বিশ্ববিদ্যালয়খনক গুৰুত্ব প্রদান কৰিছিল৷ তেওঁ আমাক প্রয়োজনীয় খালী পদসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবে প্রয়োজনীয় ভূমি আৰু ভৱনৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ চৰকাৰ আৰু মহামান্য ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্যগৰাকীৰ সহযোগিতাৰ বাবে শিক্ষানুষ্ঠানখন সম্প্রতি ঠন ধৰি উঠিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীগৰাকীৰ আর্থিক সাহায্যত ইতিমধ্যে যোৰহাটৰ টীয়কত আমাৰ নতুন শৈক্ষিক ভৱন নির্মাণ কৰা হৈছে৷ সম্প্রতি বিশ্ববিদ্যালয়খনত ৩৪গৰাকী সহকাৰী অধ্যাপকে স্থায়ী পদত কার্যনির্বাহ কৰি আছে আৰু ৭গৰাকী অধ্যাপকৰ পদ পূৰণৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ তদুপৰি কিছুদিন পিছতে চৰকাৰে অনুমোদন জনোৱা আৰু ৮টা সহযোগী অধ্যাপকৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ ২০২৩ চনত ৯গৰাকী স্থায়ী অনা–শিক্ষক পদত নিযুক্তি দিয়া হৈছে৷ ইয়াৰ আগতে বিশ্ববিদ্যালয়খনত প্রয়োজনীয় শিক্ষক–কর্মচাৰীৰ অভাৱ আছিল৷ ইতিমধ্যে ৭টা বিভাগত পিএইচডি পাঠ্যক্রম গ্রহণ কৰা হৈছে আৰু ২৬গৰাকী পিএইচডি স্ক’লাৰে গৱেষণা কৰি আছে৷ শিক্ষানুষ্ঠানখনত এমবিএ এগজিকিউটিভ প্র’গ্রেমৰো ব্যৱস্থা কৰা হৈছে৷ পাঠ্যক্রম হিচাপে যোগ বিষয়টো অন্তর্ভুক্ত কৰা হৈছে৷ স্পেনিছ ভাষাৰ পাঠ্যক্রমো শিক্ষানুষ্ঠানখনত প্রৱর্তন কৰা হৈছে৷ সম্প্রতি বিশ্ববিদ্যালয়খনত বিভিন্ন বিভাগত ৯১৫গৰাকী ছাত্রীয়ে অধ্যয়ন কৰি আছে৷ তদুপৰি এণ্টাৰপ্রিনিয়ৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট, আইপিআৰ চেল, ইনভেচন এণ্ড ইনকিউবেচন চেলৰ অধীনত বিভিন্ন কার্যসূচী গ্রহণ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল প্রথমবাৰৰ বাবে চলিত বর্ষত ৰাষ্ট্রীয় মূল্যাংকন আৰু প্রত্যায়ন পৰিষদ চমুকৈ নাক–এ বিশ্ববিদ্যালয়খনক বি গ্রেড প্রদান কৰিছে৷

এইটোও পঢ়ক সুকন্যা : শিৱসাগৰত মহিলাৰ ‘উত্তৰণ’ৰ পৰা উত্তৰণ

আপোনাৰ বিবাহ আৰু সাংসাৰিক জীৱন জনাব নেকি? বিবাহৰ পিছত আপুনি কর্মক্ষেত্রত বাধাৰ সন্মুখীন হৈছিল নেকি?

মোৰ ডিব্রুগড়ৰ উৎপল ৰাজকোঁৱৰৰ সৈতে ১৯৮৯ চনৰ ২২ ফেব্রুৱাৰীত বিবাহ সম্পন্ন হৈছিল৷ বিয়াৰ পিছত মই চাকৰি বা অন্যান্য ক্ষেত্রত কোনো ধৰণৰ বাধাৰ সন্মুখীন হোৱা নাছিলোঁ৷ কাৰণ তেওঁ নিজেও উচ্চ শিক্ষাৰে শিক্ষিত আছিল আৰু এইক্ষেত্রত সদায় সহযোগিতা আগবঢ়াইছিল৷ আমাৰ মাজলৈ আহে দুটা কন্যা সন্তান৷ এগৰাকী কন্যা ঈপ্সিতা ৰাজকুমাৰী গ্ল’বেল বিজনেছ কমিউনিকেচন স্পেচিয়েলিষ্ট আৰু তেওঁ ৭খন দেশৰ কর্প’ৰেট এগজিকিউটিভ হিচাপে কাম কৰি আছে৷ আনহাতে আনগৰাকী কন্যা প্রতীক্ষা ৰাজকুমাৰী পেছাত এগৰাকী অভিযন্তা আৰু ডিজিটেল মার্কেটিঙৰ ব্যৱসায়ত তেওঁ নিয়োজিত হৈ আছে৷

এগৰাকী উচ্চ শিক্ষিত মহিলা হিচাপে আপোনাৰ নাৰী সম্পর্কে ধাৰণা কেনে?

মহিলাসকলৰ মাজত অপাৰ সম্ভাৱনীয়তা নিহিত হৈ আছে৷ তেওঁলোকক শিক্ষা আৰু প্রয়োজনীয় অন্যান্য সকলো সুবিধা প্রদান কৰিলে বিভিন্ন খণ্ডত আগুৱাই নিব পৰা যায়৷ অৱশ্যে তেওঁলোকৰ আত্মসংশোধনৰ ব্যৱস্থা বিশেষকৈ উচ্চ শিক্ষা প্রতিষ্ঠানত গ্রহণ কৰা প্রয়োজন৷ আমাৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে ছাত্রীসকলক অনুপ্রাণিত কৰা আৰু প্রেৰণা যোগোৱা৷ তেওঁলোকক স্বতন্ত্র আৰু পেছাগতভাৱে শক্তিশালী কৰি গঢ়ি তুলিব পাৰিলেহে নিজে সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ মহিলাসকলে নিজাকৈ চিন্তা কৰিব পৰা সিদ্ধান্ত গ্রহণ কৰিব পাৰিলেহে তেওঁলোকৰ উন্নতি হ’ব৷ অন্যথা উচ্চ শিক্ষা গ্রহণ কৰিলেও মহিলাৰ সবলীকৰণৰ সপোন বাস্তৱায়িত নহ’ব৷ শিক্ষাৰ মাজতে তেওঁলোকৰ সবলীকৰণ সীমাবদ্ধ হৈ থাকিব নালাগে৷ মহিলাসকল পুৰুষতকৈ পিছপৰা বুলি কোৱা হয়৷ কিন্তু আচলতে সেয়া সঁচা নহয়৷ কাৰণ বিভিন্ন ক্ষেত্রত মহিলাসকল পুৰুষৰ সমানেই আগবাঢ়ি গৈছে৷ পুৰুষসকলে নাৰীক হেঁচি ৰখা বুলি আনৰ ওপৰত দোষ জাপি দিয়াতকৈ উচ্চ শিক্ষা গ্রহণ কৰি নিজে সিদ্ধান্ত গ্রহণ কৰিব পৰা অৱস্থা হ’লে নাৰী সমাজৰ উন্নতি অৱশ্যম্ভাৱী হৈ পৰিব৷

এইটোও পঢ়ক সুকন্যা : গ্রাম্য অর্থনীতিৰ ভেটি নির্মাণৰ সংগ্রামী কমল কুমাৰী

আপুনি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছতে গৱেষণা আৰম্ভ কৰিছিল৷ আপোনাৰ গৱেষণাৰ বিষয় সম্পর্কে জনাব নেকি?

মোৰ গৱেষণাৰ বিষয় আছিল– ‘এ ষ্টাডী অন দ্য এণ্টাৰপ্রিনাৰিয়েল ডেভেলপমেণ্ট অৱ ৰুৰেল এৰিয়াজ অৱ ডিব্রুগড় ডিষ্ট্রিক্ট, আসাম’৷ মই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক প্রফেছৰ আতিকুৰ ৰেহান মজিবুৰ ৰেহমানৰ অধীনত গৱেষণা কৰি আছিলোঁ৷

বর্তমানৰ শিক্ষার্থীসকললৈ আপুনি কি বার্তা দিব বিচাৰিব?

শিক্ষার্থীসকলক মই ইয়াকে ক’ব বিচাৰোঁ যে জীৱনলৈ অহা প্রত্যেকটো সুযোগ গ্রহণ কৰি তাক কার্যকৰী কৰা উচিত৷ জীৱনলৈ অহা কোনো সুযোগেই উপেক্ষিত হ’ব দিব নালাগে৷ সেই সুযোগ একাডেমিক শ্রেষ্ঠত্বৰ পৰা আৰম্ভ কৰি উদ্ভাৱনালৈকে যিয়েই নহওক, নিজৰ দক্ষতা আৰু কণ্ঠ সুতীব্র কৰি তুলিব লাগে৷ অসম মহিলা বিশ্ববিদ্যালয়ৰ সফলতাৰ মুখ্য আধাৰ হৈছে দলগত পৰিশ্রম, য’ত সকলোৱে নিজৰ শক্তি একগোট কৰি একেটা সাধাৰণ লক্ষ্য অর্জনৰ বাবে একত্রিতভাৱে কার্য সম্পাদন কৰে৷

You might also like