নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ বুকুত খুন্দিয়াব ৬৭ মিটাৰ ব্যাসৰ গ্রহাণুৱে !

🔹 নাছাৰ টেলিস্কোপত দেখা গ’ল ‘এষ্টৰয়েড ২০২৪ এৱাইআৰ ৪’

নিউজ ডেস্ক, ১৭ জুন : বিশাল এক গ্রহাণুৱে খুন্দিয়াব চন্দ্রৰ বুকুত! এই সম্ভাৱনা দেখিবলৈ পাইছে বিজ্ঞানীসকলে৷ ২০২৪ চনত প্রথমবাৰ বিজ্ঞানীসকলৰ নজৰলৈ আহিছিল এই গ্রহাণুটো৷ তেতিয়াই ধাৰণা কৰা হৈছিল যে পৃথিৱীত এষ্টৰয়েড ২০২৪ এৱাইআৰ ৪ নামৰ গ্রহাণুটোৱে খুন্দিয়াব পাৰে৷ অৱশ্যে একাংশ জ্যোতির্বিজ্ঞানীয়ে গ্রহাণুটোৱে পৃথিৱীত খুন্দিওৱাত এক শতাংশ সম্ভাৱনা থকা বুলিহে দাবী কৰিছিল৷

শেহতীয়াকৈ জ্যোতির্বিজ্ঞানীসকলে দাবী কৰিছে যে এই গ্রহাণুটোৱে পৃথিৱীত খুন্দিওৱাৰ সম্ভাৱনা নাই৷ ৫৩ৰ পৰা ৬৭ মিটাৰ ব্যাসৰ এই গ্রহাণুটোৱে পৃথিৱীৰ একমাত্র উপগ্রহ চন্দ্রত খুন্দিওৱাৰ সম্ভাৱনা আছে৷ এইক্ষেত্রতো বিজ্ঞানীসকলৰ মাজত ভিন্ন মত দেখিবলৈ পোৱা গৈছে৷ একাংশই দাবী কৰা অনুসৰি চন্দ্রপৃষ্ঠত এই গ্রহাণুটোৱে আঘাত কৰাৰ সম্ভাৱনা আছে ৪.৩ শতাংশ৷ আন একাংশৰ মতে চন্দ্রপৃষ্ঠত এই গ্রহাণুটোৱে খুন্দিওৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ যোৱা মাহত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপত গ্রহাণুটো দেখিবলৈ পোৱা যায়৷ ইয়াৰ পূর্বে গ্রহাণুটো সূর্যৰ পিছৰ ফালে গুচি গৈছিল৷ এইবাৰ গ্রহাণুটো পুনৰ দৃশ্যমান হৈছে৷

জ্যোতির্বিজ্ঞানীসকলে দাবী কৰা অনুসৰি, ২০২৮ চনত চন্দ্রপৃষ্ঠত গ্রহাণুটোৱে খুন্দিয়াব নে নাই সেয়া স্পষ্ট হ’ব৷ কিন্তু চন্দ্রৰ সৈতে যদি এই গ্রহাণুৰ সংঘর্ষ হয় তেন্তে পৃথিৱীত ইয়াৰ কি প্রভাৱ পৰিব তাক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত কৌতূহল৷

একাংশ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি চন্দ্রপৃষ্ঠত এই বিশাল গ্রহাণুৱে খুন্দিয়ালেও পৃথিৱীবাসীৰ বাবে চিন্তা কৰিব লগা কাৰণ নাই৷ কাৰণ ইয়াৰ কোনোধৰণৰ প্রভাৱ চন্দ্রৰ পৰা আহি পৃথিৱীত নপৰে৷ কিন্তু চন্দ্রপৃষ্ঠত এই গ্রহাণুৰ আঘাতে ৪০০ মিটাৰ ব্যাসৰ বিশাল গাঁতৰ সৃষ্টি কৰিব পাৰে৷ এইক্ষেত্রত কোনো গ্রহাণু আহি ছিটিকি পৰিলে কি ধৰণৰ প্রভাৱ পৰে, সেয়া বিজ্ঞানীসকলে ওচৰৰ পৰা দেখাৰ সুযোগ লাভ কৰিব৷ স্মর্তব্য যে অতীতত বহুবাৰ পৃথিৱীত গ্রহাণুৱে আঘাত কৰিছে৷ এই গ্রহাণুৰ আঘাতে পৃথিৱীৰ বিৱর্তনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷

You might also like