নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ৰূপকোঁৱৰৰ ১২৩সংখ্যক ওপজা দিন উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুন : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-কবিতা আৰু নাটকৰ সংলাপেৰে আজি জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগন।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৩সংখ্যক ওপজা দিন উপলক্ষে আজি পুৱা তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মুখত নটসূৰ্য্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে থকা ৰূপকোঁৱৰ গৰাকীৰ আৱক্ষ মূৰ্তিত সভাপতি ধ্ৰুৱজ্যোতি দাসে বন্তি প্ৰজ্বলন কৰে।

লগতে প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰাই মাল্যাৰ্পণ কৰাৰ লগতে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া, গুণকান্ত বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই পুষ্পাঞ্জলি অৰ্পণ কৰে।

পিছত তেজপুৰ সাহিত্য সভাৰ আন বিষয়ববীয়াসকলৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভা ভৱনত সভাপতি ধ্ৰুৱজ্যোতি দাসৰ পৌৰোহিত্যত প্ৰবীণ কন্ঠশিল্পী অজিৎ দাসৰ কন্ঠৰ ৰূপকোঁৱৰৰ গীতেৰে অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ সভা।

তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী বক্তব্য দাঙি ধৰা সভাখনিত তেজপুৰৰ জনপ্ৰিয় অভিনেতা মৃগেন চন্দ্র বড়া আৰু ভূপেন শৰ্মাই ৰূপকোঁৱৰৰ “কাৰেঙৰ লিগিৰী “নাটকৰ সংলাপেৰে জীপাল কৰি তোলাৰ লগতে জনপ্ৰিয় আবৃত্তিকাৰ বিকাশজ্যোতি কলিতাই জ্যোতি কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলে।

শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া আৰু গুণকান্ত বৰুৱাৰ লগতে প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰাই বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য্যই ৰূপকোঁৱৰৰ জীৱন-দৰ্শনৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ বিশ্লেষণেৰে আলোকপাত কৰে।

উল্লেখ্য যে প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাই জ্যোতি সংগীত আৰু সচ্চিদানন্দ বৰাই ৰূপকোঁৱৰৰ ওপৰত এটি বিশেষ গীত পৰিবেশন কৰাৰ লগতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ,লেখিকা ৰুমা দেৱীয়ে জ্যোতি কবিতা আবৃত্তি কৰা আৰু গল্পকাৰ কুমুদ শইকীয়াই স্মৃতিচাৰণ কৰা অনুষ্ঠানতে তেজপুৰ সাহিত্য সভাৰ গ্ৰন্থাগাৰলৈ সমাজকৰ্মী মুকুল গোস্বামী ,অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জ্যোৎস্না শৰ্মা বেজবৰুৱা ,শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱা ,লেখক নৰেন্দ্ৰ চন্দ্ৰ গোস্বামীয়ে গ্ৰন্থৰ টোপোলা প্ৰদান কৰে।

You might also like