নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেপিড’ চালকৰ পূর্ণহতীয়া চৰত ছিটিকি পৰিল মহিলা

🔹 বাইকৰ গতিবেগ বঢ়োৱাক লৈ কাজিয়া

নিউজ ডেস্ক, ১৭ জুন : গন্তব্যস্থানত উপস্থিত হ’বলৈ ৰেপিড’ বাইক বুক কৰিছিল এগৰাকী মহিলাই৷ মাজপথতে চালকৰ সৈতে কিবা বিষয়ক লৈ কাজিয়া হয় মহিলাগৰাকীৰ৷ অভিযোগ কৰাৰ লগে লগে মহিলাগৰাকীক চৰিয়াবলৈ ধৰে ৰেপিড’চালকে৷ ৰেপিড’চালকৰ চৰত পথত গৈ ছিটিকি পৰে মহিলাগৰাকী৷ বেংগালুৰুৰ জয়নগৰৰ এই ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, মহিলাগৰাকীয়ে এখন অলংকাৰৰ দোকানত কাম কৰে৷ ৰেপিড’ বাইকেৰে দোকানলৈ গৈ আছিল মহিলাগৰাকী৷ অভিযোগ অনুসৰি, মাজপথতে চালকজনে বাইকৰ গতিবেগ বঢ়াই দিয়ে৷ তাক লৈ প্রতিবাদ কৰে মহিলাগৰাকীয়ে৷ কিন্তু এই বিষয়টোত ক্ষুব্ধ হয় চালকজন৷ মহিলাগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈ চালকজনে মহিলাগৰাকীক পূর্ণহতীয়া চৰ শোধায় ৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

You might also like