নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাঙিল কালাইন-শিলচৰ সংযোগী দলং, বৰাকসহ ত্ৰিপুৰা-মিজোৰামৰ যাতায়াত বন্ধ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : বৰাক উপত্যকাৰ যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন।

কাছাৰৰ কালাইন-শিলচৰ সংযোগী ভাঙ্গারপাৰ দলং ভাঙি পৰিল নদীত।

বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত দুটা অভাৰলোড ট্ৰাক একেলগে দলং পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

দলং ভঙাৰ ফলত দুয়োখন ট্ৰাক নদীত পৰি যায়। কোনো মতে চালক আৰু সহযোগীৰ প্ৰাণে ৰক্ষা হয়।

বিগত এমাহ ধৰি বন্ধ হৈ আছে গ্যামন দলং। নিশা কালাইনৰ ভাঙ্গারপাৰ দলং ভাঙি পৰাৰ পিছত বৰাকসহ ত্ৰিপুৰা, মিজোৰামৰ যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰে।

ঘটনাস্থলীত নিশা ২ বজাত উপস্থিত হয় আৰক্ষী অধীক্ষক নোমাল মাহাতো। ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

দলং ভাঙি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰাকত।

You might also like