প্রথমবাৰৰ বাবে এখন মেচত ৩টা ছুপাৰ অভাৰ
২০১৯ চনৰ বিশ্বকাপৰ পূর্বে নিয়ম আছিল যে যদি ছুপাৰ অভাৰত টাই হয় তেন্তে বাউণ্ডেৰী কাউণ্টৰ জৰিয়তে বিজয়ী ঘোষণা কৰা হ’
নিউজ ডেস্ক, ১৮ জুন : এবাৰ বা দুবাৰ নহয়, তিনিবাৰকৈ ছুপাৰ অভাৰ খেলি মেচৰ ফলাফল নির্ণয় কৰা হ’ল৷ নেদাৰলেণ্ডছ আৰু নেপালৰ মাজত অনুষ্ঠিত টি–২০ মেচখন এক ঐতিহাসিক পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল৷
ক্রিকেটৰ ইতিহাসত প্রথমবাৰৰ বাবে এনে এখন মেচ আছিল, যাৰ ফলাফল নির্ণয় কৰা হৈছিল তিনিটা ছুপাৰ অভাৰ খেলাৰ পিছত৷ শ্বাসৰুদ্ধকাৰী মেচখনত অৱশেষত নেদাৰলেণ্ডছে জয়লাভ কৰে৷
নেপাল আৰু নেদাৰলেণ্ডছে গ্লাছগ’ত স্কটলেণ্ডৰ সৈতে ত্রিদেশীয় শৃংখলা খেল আছে৷ গ্লাছগ’ত অনুষ্ঠিত মেচখনত প্রথমে বেটিং কৰি নেদাৰলেণ্ডছে নির্ধাৰিত ২০ অভাৰত ১৫২ ৰান কৰে৷
প্রত্যুত্তৰত নেপালে নির্ধাৰিত অভাৰত ১৫২ ৰান কৰাত মেচখন টাহ হয় আৰু ছুপাৰ অভাৰ প্রয়োগ কৰা হয়৷ ছুপাৰ অভাৰত নেপালে ১৯ ৰান কৰাৰ প্রত্যুত্তৰত নেদাৰলেণ্ডছেও ১৯ ৰানত ইনিংছ সামৰাত মেচখন পুনৰ টাই হয়৷ ফলত দ্বিতীয় ছুপাৰ অভাৰত মেচখন সিদ্ধান্ত লোৱা হয়৷
নেদাৰলেণ্ডে প্রথমে বেটিং কৰি ১৮ ৰান সংগ্রহ কৰে যদিও নেপালেও ১৮ ৰান কৰে৷ ফলত সমগ্র বিশ্বহ ক্রিকেটৰ হতিহাসত প্রথমবাৰৰ বাবে এখন মেচত তিনিটা ছুপাৰ অভাৰৰ সাক্ষী হ’ল৷ প্রথমে বেটিং কৰিবলৈ অহা নেপাল দলটোৰ দুজন বেটাৰে কোনো ৰান নকৰাকৈ বিদায় লয়৷ প্রত্যুত্তৰত মাইকেল লেভিটে প্রথম বলত ছয় কোবোৱাত নেদাৰলেণ্ডে মেচখনত জয়লাভ কৰে৷
মন কৰিবলগীয়া যে ২০১৯ চনৰ বিশ্বকাপৰ পূর্বে নিয়ম আছিল যে যদি ছুপাৰ অভাৰত টাই হয় তেন্তে বাউণ্ডেৰী কাউণ্টৰ জৰিয়তে বিজয়ী ঘোষণা কৰা হ’ব৷ কিন্তু উত্তপ্ত বিতর্কৰ অন্তত সেহ নিয়ম সলনি হ’ল৷ বর্তমানৰ নিয়ম অনুসৰি কোনোবাই বেট–বলৰ যুদ্ধত জয়ী নোহোৱালৈকে বিজয়ী নির্ণয় কৰিব নোৱাৰি৷