নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মার্ট ফোনৰ জগতত নতুন সংযোজন ঘটিল ট্রাম্প ম’বাইল-ৰ

দেশ চলোৱাৰ সমান্তৰালকৈ ব্যৱসায়ো চলাই আছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এইবাৰ ট্রাম্পৰ ব্যৱসায়ত নতুন অধ্যায়ৰ সংযোজন ঘটিছে

স্মার্ট ফোনৰ জগতত নতুন সংযোজন ঘটিল ট্রাম্প ম’বাইল-ৰ

নিউজ ডেস্ক, ১৮ জুন : স্মার্ট ফোনৰ দুনীয়াত এইবাৰ খোজ পেলালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাৰ উপৰি ট্রাম্প এগৰাকী সফল ব্যৱসায়ী৷

দেশ চলোৱাৰ সমান্তৰালকৈ ব্যৱসায়ো চলাই আছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এইবাৰ ট্রাম্পৰ ব্যৱসায়ত নতুন অধ্যায়ৰ সংযোজন ঘটিছে৷

প্রথমবাৰৰ বাবে স্মার্ট ফোনৰ ব্যৱসায় আৰম্ভ কৰিছে ট্রাম্পৰ সংস্থাই৷ প্রত্যক্ষভাৱে এপলক প্রত্যাহ্বান জনাবলৈ বজাৰলৈ অনা হৈছে ট্রাম্প ম’বাইল৷ ম’বাইল ফোন বিক্রীৰ লগতে টেলিকম ছেক্টৰতো খোজ পেলাব বিচাৰিছে ট্রাম্পৰ পৰিয়ালে৷

এই তথ্য প্রকাশ কৰিছে ড’নাল্ড ট্রাম্পৰ পুত্র এৰিক ট্রাম্পে৷ এৰিকে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে তেওঁলোকৰ এই নতুন ব্যৱসায়ৰ ভিত্তি হ’ব ৰাষ্ট্রীয় সেৱা৷ ‘মেক আমেৰিকা ফার্ষ্ট এগেইন’ নীতিক গুৰুত্ব প্রদান কৰি প্রতিটো ট্রাম্প ম’বাইল নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে এৰিকে৷

ইয়াৰ উপৰি দেশৰ মাটিতে কল চেণ্টাৰ প্রস্তুত হ’ব বুলিও এৰিকে মন্তব্য কৰে৷ আমেৰিকাবাসীৰ কথা ভাবিয়েই ট্রাম্পৰ সংস্থাই অত্যাধুনিক ফোন নির্মাণ কৰিছে৷ ইয়াৰ দামো হ’ব অতি সস্তা৷
উন্নতমানৰ ম’বাইল সেৱাসহ এই ফোনৰ দাম পৰিব মাত্র ৪৯৯ ডলাৰ৷ স্মর্তব্য যে এপলৰ সৈতে সংঘাতৰ পিছতে বজাৰত ট্রাম্পে মুকলি কৰিলে নিজা ম’বাইল৷

You might also like